57
newsnextone.com | কোকৰাঝাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নাগৰিকত্ব বিধেয়কক লৈ এতিয়াই মন্তব্য কৰাৰ সময় হোৱা নাই বুলি মত প্ৰকাশ কৰে।
উল্লেখ্য যে, যি সময়ত মিত্ৰজোঁটত থাকিও অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লৈ দলৰ স্থিতি স্পষ্ট কৰিছে তেনে সময়তে কিন্তু মিত্ৰজোঁটৰ আন এক দল বিপিএফে কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে।