newsnextone.com | কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাক লৈ ভয় শংকা অমূলক। কিবা কাৰণত চূড়ান্ত খচৰাত নাম প্ৰকাশ নাপালে বা ভুল হলে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। পৰবৰ্তী পৰ্যায়ত নিজ নিজ এনআৰচি কেন্দ্ৰত যোগাযোগ কৰি কামখিনি কৰি লব পাৰিব। এইক্ষেত্ৰত বিপিএফ দলেও সহায় কৰিব। এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
কোকৰাঝাৰ চহৰৰ নিকটৰ কাৰীগাঁৱৰ মাইগংপুৰীত ৯ কোটি ৩৯ লাখ ব্যায়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৩০খন বিছনাযুক্ত মডেল হস্পিতালৰ আধাৰশিলা স্থাপন কৰি দেওবাৰে হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। এনআৰচিক লৈ ভয় শংকাৰ কোনো কাৰণেই নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে কিবা ওজৰ আপত্তি বা সংশোধনৰ বাবেও ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই সময়সীমা বান্ধি দিছে আৰু সেয়েহে ৰাইজক শংকামুক্ত হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে।