কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ উত্তেজনাময় সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন আৰু অঞ্চলটোৰ সীমা সমস্যাৰ বুজ ল’লে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, বিধায়ক নোমল মুমিন আৰু প্ৰশাসনৰ লগতে কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলে।
বিগত কেইবাদিনৰপৰা পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত অব্যাহত আছে এক চেপা উত্তেজনা। উত্তেজনাময় এলেকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ বিধায়ক ,সাংসদ আৰু প্ৰশাসনৰ লোকে সীমা পৰিদৰ্শন কৰিয়েই ৰংহাঙে ঘোষণা কৰে যে সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব। সীমাত এতিয়া সীমান্ত উপ আৰক্ষী চকী নহয় এতিয়া সীমান্তত স্থাপন কৰা হ’ব এখন শক্তিশালী থানা।