Home ৰাজ্যহৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী থকাতিনিটাকৈ বিষয় শিক্ষকৰ পদ পদ পূৰণৰ দাবী আছুৰ

হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী থকাতিনিটাকৈ বিষয় শিক্ষকৰ পদ পদ পূৰণৰ দাবী আছুৰ

by News Desk
A+A-
Reset
harisinga

ওদালগুৰিঃ ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া,বড়ো,ইংৰাজীৰ বিষয় শিক্ষক নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী সকল পাঠগ্ৰহনৰ পৰা বঞ্চিত হৈ থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই।
আজি এই সন্দৰ্ভত ওদালগুৰি জিলা উপায়ূক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি বিকাশ  শৰ্মা,উপ সভাপতি মন্টু দাস  সাধাৰণ সম্পাদক জিতুল ওজা আৰু শিক্ষা সম্পাদক দিবাকৰ বায়নে কয় যে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৰিশিঙা অঞ্চলৰ ৰাইজে হৰিশিঙাত থকা উচ্চ শিক্ষাৰ অনুষ্ঠানটোত আজি ৬/৭ বছৰে তিনিটাকৈ বিষয় শিক্ষকৰ পদ খালী হৈ থকাটো অতি আচৰ্য্যজনক কথা।
ঐচ্চিক অসমীয়া বিষয়ৰ আধুনিক ভাৰতীয় ভাষাৰ উপৰিও বড়ো আৰু ইংৰাজী বিভাগৰ একোটিকৈ পদ খালী হৈ আছে। ইপিনে উচ্চ মাধ্যমিকত অসমীয়া বিভাগত দুটা আৰু বড়ো বিভাগত কেইবাটাও পদ খালী হৈ আছে। সেয়ে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে উপযুক্ত শিক্ষা গ্ৰহন কৰিব পাৰে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ যোগে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে। অন্যাথাই হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সকিয়াই দিয়ে ।

হৰিশিঙাৰ পৰা মন্টু দাস 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0