২০২০ চনত ভাৰতত 5G ইন্টাৰনেট সেৱা
ভাৰতত 4G নেটৱৰ্কৰ ভবিষ্যৎ সম্পর্কে কি কলে মুকেশ আম্বানীয়ে?

ডিজিটেল ডেস্ক,নতুন দিল্লীঃ বৰ্তমান সময়ত দেশৰ উন্নয়নৰ প্ৰতিতো খোজতেই ইন্টাৰনেটৰ ভূমিকা অপৰিহাৰ্য্য বুলি আজি ৰিলায়েন্সৰ চেয়াৰমেন মুকেশ আম্বানীয়ে মত প্ৰকাশ কৰে। কিন্তু এই ইন্টাৰনেট ব্যৱস্থাত পৰ্য্যপ্ত সুৰক্ষা থাকিব লাগিব বুলিও তেওঁ কয়।

ভাৰতৰ প্ৰথম মোৱাইল কংগ্ৰেছ অধিবেশনত আম্বানীয়ে কয় যে ইন্টাৰনেটে দেশৰ যুৱ প্ৰজন্মৰ উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপুৰ্ন ভূমিকা গ্ৰহন কৰিছে। আম্বানীয়ে আৰু কয় যে এই গুৰুত্বপূৰ্ন সম্পদক দেশে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু লগতে পৰ্য্যপ্ত সুৰক্ষাকৱচো ব্যৱহাৰ কৰিব লাগিব।

মুকেশ আম্বানীয়ে আৰু কয় যে ''২০২০ চনৰ ভিতৰত দেশৰ সকলো ঠাইতেই 4G নেটৱৰ্ক হৈ যাব আৰু সেই একেই সময়তেই দেশখন 5G নেটৱৰ্ক ব্যৱস্থাৰ বাবে সাজু হৈ উঠিব।

এই মোৱাইল কংগ্ৰেছৰ অধিবেশনত আম্বানীৰ বাপিৰেও এয়াৰটেলৰ চেয়াৰমেন সুনীল মিত্তাল,  আইডিয়াৰ চেয়াৰমেন কুমাৰ মঙ্গলম বিৰলাকে ধৰি দেশৰ অন্য মোৱাইল কোম্পানীৰ মুৰব্বীসকলো উপস্থিত আছিল।

উক্ত সভাত দেশৰ যোগাযোগ মন্ত্রী মনোজ সিনহা,তথ্য আৰু প্রযুক্তি মন্ত্রী ৰবিশঙ্কৰ প্রসাদৰ ওপৰিও বানিজ্য মন্ত্ৰী সুৰেশ প্ৰভূও উপস্থিত থাকে।