newsnextone.com| সমাগত আই চি চিৰ মহিলা টি-২০ বিশ্বকাপ। ৱেষ্ট ইণ্ডিজৰ মাটিত অহা ৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগীয়া টুৰ্নামেন্ট খনৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল। ১৫ জনীয়া ভাৰতীয় দলটিৰ নেতৃত্ব বহন কৰিব অলৰাউণ্ডাৰ হৰমন প্ৰীতে কৌৰে। সহঃ অধিনায়কৰ দায়িত্বত আছে বেটছমেন স্মৃতি মানধানা। 

টুৰ্নামেন্ট খনৰ বি গ্ৰুপত অৰ্ন্তভুক্ত হৈছে ভাৰতীয় দল। গ্ৰুপ পৰ্যায়ৰ খেলত ভাৰত মুখামুখি হ’ব অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু আয়াৰলেণ্ডৰ সৈতে। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ১১ নৱেম্বৰত খেলপথাৰত নামিব ভাৰত।