গুৱাহাটীঃ মহানগৰীৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে হায়াত ফাউণ্ডেশ্যনে এক অভিনৱ বিদ্যায়তনিক কাৰ্যসূচী গ্ৰহণ কৰিছে। হায়াত হাস্পতালৰ ভগ্নী অনুষ্ঠান হায়াত ফাউণ্ডেছনে অসমীয়া মাধ্যমৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ আৰ্থিকভাৱে পিছ পৰা ছাত্র-ছাত্রীসকলৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰে বিনামূলীয়া পাঠদান শিবিৰৰ সুব্যৱস্থা কৰিছে।
গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাৰদৰ্শী শিক্ষকৰ দ্বাৰা প্ৰতিদিনে আবেলি ওদালবাক্ৰাৰ সাবিত্রী ভৰালী মধ্য/উচ্চ ইংৰাজী বিদ্যালয়ত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা হৈছে বুলি হায়াত হাস্পতালৰ সহকাৰী মহা প্ৰবন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰিছে।