গুৱাহাটীঃ উত্তৰ-পূব ভাৰতত পোন প্ৰথম বাৰৰ বাবে বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ পেচমেকাৰ সফলতাৰে স্থাপন কৰিলে গুৱাহাটীস্থিত হায়াত হস্পিতালে। শিৱসাাগৰৰ ৬০ বছৰ বয়সীয়া তালেশ্বৰ হাজাম নামৰ এজন ব্যক্তিৰ শৰৰীৰত সফলভাৱে এই পেচমেকাৰ সংস্থপনৰ কথা প্ৰকাশ কৰিলে হৃদৰোগ বিশেষজ্ঞ ডা° চিন্ময় মজুমদাৰে।
কোনোধৰণৰ তাঁৰৰ প্ৰয়োজন নোহোৱাকৈ পোনপটীয়াকৈ হৃদযন্ত্ৰত সংস্থাপন কৰা এই দুই গ্ৰাম ওজনৰ পেচমেকাৰটো কেৱল মাত্ৰ এটা বিন্ধাৰে সংস্থাপন কৰিব পাৰি বুলি কয় ডা° মজুমদাৰে।