Printer-friendly version

বিশেষ প্ৰতিবেদনঃ 'আমি ইজনে আনজনক ভালপাও। মই হিন্দু আৰু তেওঁ মুছলমান। ধৰ্ম বেলেগ বাবেই ঘৰৰ মানুহে তেওঁক মোলৈ বিয়া নিদিয়ে। সেয়ে মই তেওঁক পলুৱাই আনিলো। তাৰ পিছত আৰক্ষীয়ে আমাক গ্ৰেপ্তাৰ কৰিলে আৰু মোৰ পত্নীৰ মেডিকেল চেকআপ কৰিলে। সেই চেকআপৰ পিছত মই জানিব পাৰিলো যে তেওঁ এইছআইভি এইডছত আক্ৰান্ত। কিন্তু মই তেওঁক ভালপাও আৰু সেইবাবেই বিয়া কৰাইছো। তেওঁ অবিহনে মই থাকিব নোৱাৰো।’-এই মন্তব্য মনু ঠাকুৰৰ। 

মনুৰ ঘৰ গুজৰাটৰ বানাছকাণ্ঠা নামৰ ভিতৰুৱা এখন গাঁৱত। মেডিকেল চেকআপত পত্নীৰ দেহত এইছআইভি ধৰা পৰাত আৰক্ষীৰ লগতে সকলোৱে মনুক নতুন জীৱনৰ পাতনি মেলিবলৈ কৈছিল। কিন্তু মনুৱে কাৰো কথা নুশুনিলে আৰু প্ৰেয়সী পত্নীক আগতকৈয়ো অধিক আকুলতাৰে আকোৱালি ল’লে। কিয়নো মনুৰ মতে প্ৰেম সকলোতকৈ উৰ্ধত। 

প্ৰেমতেই জীৱন লুকাই আছে বুলি বিশ্বাস কৰা মনু পেছাত ৰাজমিস্ত্ৰী। শৈশৱত আন দহজনৰ দৰে মনুৱেও পঢ়ি-শুনি ভাল চাকৰি কৰাৰ সপোন দেখিছিল। পিছে অভাৱৰ বাবে সেয়া সম্ভৱ নহ’ল। মনুৱে আধাতে পঢ়া-শুনা সামৰি মিস্ত্ৰী কামত লাগিল। 

মনুৰ প্ৰেমৰ আৰম্ভণি কেনেকৈ?

মনুৱে মিস্ত্ৰীৰ কাম কৰাৰ লগতে ঘৰৰ খেতিডৰাত পৰিয়ালকো সহায় কৰি দিছিল। পিছলৈ মনুৱে সকলো বাদ দি ৰাজমিস্ত্ৰী কামতে ভালকৈ মন দিবলৈ ধৰে। কেবাঠাইতো কাম কৰাৰ অন্তত এবাৰ মনুৱে ওচৰৰে গাঁও এখনৰ জমিদাৰৰ ওচৰত উত্তৰ প্ৰদেশৰ পৰা অহা এটি মুছলমান পৰিয়ালৰ বাবে ঘৰ সজাৰ কাম পালে। 'জমিদাৰজনে উত্তৰ প্ৰদেশৰ পৰা অহা এই লোকসকলক নিজৰ খেতিৰ কামত লগাইছিল। তাৰ মাজৰেই এটি পৰিয়ালৰ ঘৰ সজাৰ কাম কৰিবলৈ জমিদাৰে আমাক মাতি নিছিল।’-মনুৱে কয়।

মনুৱে আৰু কয়, 'সেই ঘৰটোৰ কাম কৰি থাকোতেই মুছলমান পৰিয়ালটোৰ ১৬ বছৰীয়া ছোৱালী ৰুক্সানা (নাম সলনি কৰা হৈছে)ই আমাৰ বাবে খোৱাবস্তু লৈ আহিছিল আৰু ভোক-পিয়াহ লাগিলে ক’বলৈ কৈছিল। মোৰ লগৰ বাকীকেইজনে হিন্দী ভালকৈ নাজানিছিল। মই হিন্দী ক’ব জানিছিলো। সেয়ে ৰুক্সানাৰ পৰিয়ালটোৰ লগত মই সোনকালে অলপ ঘৰুৱা হৈ পৰিছিলো।’

'ৰুক্সানাৰ ঘৰৰ মানুহে বজাৰৰ পৰা কিবা কিনিবলগীয়া থাকিলে তাইক মোৰ সৈতে ৰাধনপুৰৰ বজাৰলৈ পঠিয়াই দিছিল। লাহে লাহে আমাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। কাম নথকা সময়ত আমি ৰাধনুুৰত ৰেষ্টুৰেণ্টত একেলগে খাইছিলো, চিনেমা চাইছিলো, ঘূৰিছিলো। প্ৰেম কি বস্তু তেতিয়া মই একোৱেই জনা নাছিলো। মই এইটোও নাজানো যে আমি কেতিয়া এজনে আনজনক ভাল পাবলৈ লৈছিলো।’- ৰুক্সানাক কেতিয়া কেনেকৈ ভালপাইছিল সেয়া ক’বলৈ গৈ এইদৰে কয় মনুৱে।

প্ৰেমত পৰিয়ালৰ বাধা

ৰুক্সানাই বিবিচিৰ আগত কৈছিল, 'মই যে প্ৰেমত পৰিছিলো সেয়া মই নিজেই গম পোৱা নাছিলো। ঈদৰ দিনা যেতিয়া মোৰ ১৭ বছৰ বয়স হৈছিল সেইদিনা মনুৱে মোলৈ নতুন কাপোৰ, খাৰু, জোতা এনেকৈ আনিছিল যে ঘৰৰ লগতে তেওঁৰ লগৰকেইজনৰো কোনোৱেই গম পোৱা নাছিল।’

'মই কাপোৰ, খাৰু আৰু জোতা পিন্ধিছিলো। মনুৱে মোবাইলত মোৰ ফটো তুলিছিল। আমি দুয়ো হাঁহিছিলো। সেইদিনা মই নিজক ইমানেই পাহৰি গৈছিলো যে পুৰণি কাপোৰখিনি বেগত ভৰাই নতুন কাপোৰযোৰ পিন্ধিয়েই ঘৰ আহি পাইছিলো। দেউতাই মোক হাজাৰটা প্ৰশ্ন কৰিছিল আৰু চেকনিৰে বহুতকৈ পিটিছিল। শেষত মই কৈছিলো যে কাপোৰ মনুৱে দিছে। সেই দিনটোৰ পিছত ঘৰত মোৰ জীৱন নৰকসদৃশ হৈ পৰিছিল।’-কান্দি কান্দি কৈছিল ৰুক্সানাই।

ৰুক্সানাই জনোৱা মতে সেইদিনটোৰ পিছৰে পৰা ঘৰত মাক-দেউতাক আৰু আনসকলে তাইক যেতিয়াই-তেতিয়াই পিটিছিল। ঘৰৰ আশে-পাশে মনুক পৰিয়ালৰ মানুহে দেখা পালেই মনে মনে লগ কৰাৰ সন্দেহত ৰুক্সানাক গালি পাৰিছিল আৰু বেয়াকৈ কোবাইছিল। 

ৰুক্সানাই কয়, 'এদিন ৰাতি যেতিয়া ঘৰৰ সকলো মানুহ শুইছিল তেতিয়া মনুৱে মোক লগ কৰিবলৈ আহিছিল। তেওঁ মোৰ হাত-ভৰি, গাল আৰু শৰীৰৰ আন ঠাইত কোবোৱাৰ চিন দেখি শিয়ৰি উঠিছিল। যোৱাৰ সময়ত মই তেওঁৰ সৈতে বিয়া হ’ম নেকি বুলি সুধিছিল। কঁপা কঁপা মাতেৰে মই বিয়া হ’ম বুলি কৈছিলো।’

ৰুক্সানাৰ কথাখিনিৰ পিছত মনুৱে কয়, 'মোৰ এনে লাগিছিল যে মোৰ বাবেই তাই এনেদৰে মাৰ খাবলগীয়া হৈছে। গতিকে মই তাইক বছাব লাগিব। মই মোৰ ঘৰৰ মানুহক ৰুক্সানাক বিয়া পতাৰ কথা কৈছিলো। সকলোৱে মোক গালি দিছিল। সকলোৱে কৈছিল যে এজন হিন্দু ল’ৰাৰ মুছলমান ছোৱালীৰ সৈতে কেনেকৈ বিয়া হ’ব পাৰে?’

অৱশ্যে এজন ভাতৃয়ে এইক্ষেত্ৰত কিছু পইছা দি মনুক সহায় কৰিছিল। নিজৰ জমা পইছাৰ লগতে ভায়েকে দিয়া ধনখিনি মিলাই ৰুক্সানাক পলুৱাই নিবলৈ সিদ্ধান্ত লৈছিল মনুৱে। এই লৈ মনুৱে উকীলৰ সৈতেও কথা পাতিছিল। যেতিয়া ৰুক্সানাৰ বয়স ১৮ বছৰ এমাহ হৈছিল তেতিয়া নিজৰ জন্ম প্ৰমাণ-পত্ৰ আৰু আধাৰ কাৰ্ডৰ সৈতে মনুৰ ওচৰলৈ আহে। এনেকৈ ২০১৯ চনৰ অক্টোবৰত দুয়ো গাঁৱৰ পৰা পলাই গৈ ক’ৰ্টত বিবাহপাশত আৱদ্ধ হয়।  

বিয়াৰ পিছতেই আচল সমস্যা

বিয়াৰ পিছত সমস্যা কমাৰ পৰিৱৰ্তে বাঢ়িবহে লৈছিল। ৰুক্সানাৰ পিতৃ আৰু আন সম্পৰ্কীয় লোকসকলে দুয়োকে বিচাৰিবলৈ লয়। ৰুক্সানাৰ পৰিয়ালৰ লোকসকলে মনুৰ ঘৰৰ মানুহৰ সৈতে কাজিয়া কৰিবলৈ লৈছিল। এই লৈ গোটেই গাঁৱখনতে একপ্ৰকাৰ হুলস্থূল লাগিছিল। মনু আৰু ৰুক্সানা দুয়ো বেলেগ বেলেগ ঠাইত লুকাই থাকিবলৈ ধৰিলে। দুয়োৱে ভাবিছিলো যে পৰিস্থিতি শান্ত হৈ পৰিলে গাঁৱলৈ উভতি যাব। কিন্তু দিন যোৱাৰ লগে লগে পৰিস্থিতি আৰু বেয়াহে হৈ পৰিল। এনেকৈয়ে দীপাৱলী আৰু ঈদো পাৰ হৈ গ’ল।

'এদিন যেতিয়া মই ভাইটিলৈ ফোন কৰিছিল তেতিয়া গম পালো যে ৰুক্সানাৰ দেউতাকে মোৰ বিৰুদ্ধে তেওঁৰ নাবালিকা কন্যাক পলুৱাই নিয়া বুলি থানাত গোচৰ দিছে। মোৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। তাৰ পিছত আৰক্ষীয়ে ঘৰৰ মানুহক মোক মাতিবলৈ ধমক দিছিল। আমি ঘৰলৈ যাব পৰা নাছিলো আৰু জমা পইছা সকলো শেষ হৈ গৈছিল। আমি ঘৰৰ পৰা যথেষ্ট দূৰৰ গাঁৱলৈ গুচি আহিছিলো। মিস্ত্ৰীৰ কাম নোপোৱাত মই খেতি পথাৰত হাজিৰা কৰিবলৈ লৈছিলো। বহুদিন আমি কেৱল শুকান ৰুটী আৰু পানী খায়েই কটাই দিছিলো।’-বিয়াৰ পিছৰ সেই দুঃসহ দিনবোৰলৈ মনত পেলাই মনুৱে কয়।

'চিলা উৰুওৱা উৎসৱলৈ বেছিদিন নাছিল। মনুৱে বজাৰ কৰিবলৈ মোক মাজে মাজে পইছা দিছিল। মই তাৰ পৰা কিছু ধন সাঁচি ৰাখিছিলো। সেই ধনেৰে মই চিলা আৰু সূতা কিনিছিলো। আমি সেইদিনা জিলাপী খাইছিলো। বহুদিনৰ পিছত আমি কিছু আনন্দ-স্ফূৰ্তি কৰিছিলো। আমাৰ হাতত ধন একেবাৰে শেষ হৈ আহিছিল, আনফালে ঘৰৰ পৰা ফোনৰ পিছত ফোন আহিবলৈ ধৰিছিল।’-চকুলো টুকি কথাখিনি কৈ গৈছিল ৰুক্সানাই।

দুখৰ ইমানতে অন্ত পৰা নাছিল। ইয়াতকৈয়ো আৰু অধিক ভয়াৱহ দিন তেতিয়াও দুয়োৰে জীৱনলৈ আহিবলৈ তেতিয়াও বাকী আছিল।

'চিলা উৰুওৱা উৎসৱত আমি অলপ আনন্দ-স্ফূৰ্তি কৰিছিলোহে মাত্ৰ, তেনেতে লকডাউন দিছিল। আমাৰ হাতত একো কাম নাছিল। কিন্তু আমাৰ বাবে প্ৰেমেই আছিল সকলো। আমি এখন গাঁৱৰ পৰা আনখন গাঁৱলৈ দৌৰি ফুৰিছিলো। যি পাইছিলো সেই কামকেই কৰিছিলো। মনুৰ ঘৰৰ মানুহক আৰক্ষীয়ে আগতকৈয়ো বেছিকৈ জোৰ-জুলুম কৰিবলৈ লৈছিল। ঘৰৰ মানুহে মনুক ফোন কৰি মাতি আছিল।’-ৰুক্সানাই কয়।

'কৰ’নাৰ সেই দিনকেইটাতো মনুৱে কাম বিচাৰি গৈছিল যাতে আমি দুয়ো খাবলৈ কিবা এটা পাও। মনুৰ মুখলৈ মই চাব পৰা নাছিলো। শেষত ময়েই সিদ্ধান্ত লৈছিলো যে আমি পুলিচৰ ওচৰলৈ যাম। মনুৱে নালাগে বুলি কৈছিল। কিন্তু মই পুলিচ থানালৈ গৈছিলো। কাৰণ মই কেছ দিয়াৰ দৰে নাবালিকা নাছিলো। গতিকে আমাৰ বিয়া বেআইনী নাছিল। লগতে মনুৰ ঘৰৰ মানুহেও মোক আদৰি ল’বলৈ মান্তি হৈছিল।’-ৰুক্সানাৰ মন্তব্য।

অৱশেষত ৰুক্সানা থানালৈ গৈছিল। ৰুক্সানাৰ লগতে মনুৱেও থানাত হাজিৰ হৈ ছাৰেণ্ডাৰ কৰে। তাৰ পিছতে আৰম্ভ হৈছিল দুয়োৰে কষ্টকৰ আন এক অধ্যায়। ৰুক্সানাক মহিলা ছেল্টাৰত ৰখা হৈছিল। পুলিচে তেতিয়াই ৰুক্সানাৰ মেডিকেল টেষ্ট কৰে আৰু এইছআইভি ধৰা পৰে। 'মই একেবাৰে ভাগি পৰিছিলো। মনুৰো এইডছ হৈছে বুলি মই কঁপি উঠিছিলো। পুলিচে মনুৰো টেষ্টৰ ব্যৱস্থা কৰিছিল। ডাক্টৰে কৈছিল যে মনুৰ এইডছ ধৰা পৰা নাই। তেতিয়া ইমান দুখৰ মাজতো মই স্বস্তিৰ নিশ্বাস পেলাইছিলো।’-ৰুক্সানাই কয়।

থানাত মনুৱে আৰক্ষীক জনাইছিল যে তেওঁ নাবালিকা নহয়, প্ৰাপ্তবয়স্ক ছোৱালীক তেওঁৰ সন্মতিসাপেক্ষে বিয়া কৰাইছে। কিন্তু আৰক্ষীয়ে মনুৰ কথা নুশুনিলে আৰু গোচৰটো আদালত পালে। মনুৱে দুমাহ জেলত থকাৰ অন্তত গুজৰাট উচ্চ ন্যায়ালয়ৰ পৰা জামিন পালে। কিন্তু বাৰে বাৰে মনলৈ আহি আছিল মেডেকেল টেষ্টৰ কথাটো।

এইছআইভি হ’লেও ৰুক্সানাক এৰিবলৈ অস্বীকাৰ

গুজৰাট উচ্চ ন্যায়ালয়ত মনুৰ হৈ ওকালতি কৰা অধিবক্তা অপূৰ্ব কাপাড়িয়াই সংবাদ মাধ্যমক এই সন্দৰ্ভত অৱগত কৰি আৱেগিক হৈ পৰে। তেওঁ কয়, 'এয়া সঁচাকৈয়ে মোৰ অধিবক্তা জীৱনৰ এটি বিচিত্ৰ গোচৰ। মনু এইছআইভি নিগেটিভ আছিল। কিন্তু চিকিৎসকে আশংকা প্ৰকাশ কৰিছিল যে ৬ মাহ পিছত মনুৰ পজিটিভ ধৰা পৰিব পাৰে।’

অধিবক্তা কাপাড়িয়াই আৰু কয়, '৬ মাহ পিছত পুনৰ মনুৰ এইছআইভি টেষ্ট কৰোৱা হয়। আহমেদাবাদ চিভিল হাস্পতালত কৰা উক্ত টেষ্টতো ৰিজাল্ট নিগেটিভেই আহে। ইয়াৰ মাজতে আদালতে মনুক ছেল্টাৰ হাউছলৈ গৈ ৰুক্সানাক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে। ৰুক্সানাৰ পিতৃয়ে আদালতত ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই ৰুক্সানা নাবালিকা বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে।’

আদালতত গোচৰৰ শুনানি অব্যাহত থাকে। কাপাড়িয়াই জনোৱা মতে, এক শুনানিত আদালতে ৰুক্সানা যে এইছআইভি আক্ৰান্ত সেই প্ৰসংগ উত্থাপন কৰে। ৰুক্সানাৰে সংসাৰ পাতিলে ভৱিষ্যতে মনুৰো এইছআইভি হ’ব পাৰে। এনেক্ষেত্ৰত ৰুক্সানাৰ সৈতে সংসাৰ কৰিব নে নকৰিব সেই লৈ নতুন কিবা ভাবিছে নেকি বুলি আদালতে মনুক প্ৰশ্ন কৰে। আদালতৰ প্ৰশ্নৰ উত্তৰত মনুৱে কোৱা কথাই উপস্থিত সকলোকে ভবাই তোলে। ন্যায়াধীশৰ সেই প্ৰশ্নৰ উত্তৰত মনুৱে স্পষ্টকৈ কৈছিল যে তেওঁ ৰুক্সানাক কোনো কাৰণতে এৰি নাযায়।

'মনুৱে সেই প্ৰশ্নটো শুনি ইফালে-সিফালে চাইছিল। কিবা এটা ভাবিছিল আৰু দুচকু মুদি দিছিল। হয়তো ৰুক্সানাৰ মুখখন মনুৰ চকুত ভাহি উঠিছিল। তাৰ পিছত বিচাৰকলৈ চাই কৈছিল যে তেওঁ ৰুক্সানাকেই বিয়া কৰাব।’-মনুৰ অধিবক্তা কাপাড়িয়াই কয়।

• মনুৰ হৈ ওকালতি কৰা অধিবক্তা অপূৰ্ব কাপাড়িয়া

একেলগে থাকিম, একেলগে মৰিম

'যেতিয়া আমাৰ বিয়া হৈছিল তেতিয়া মই জনা নাছিলো যে মই এইডছ আক্ৰান্ত। যেতিয়া মেডিকেল টেষ্টৰ পিছত কথাটো জানিছিলো তেতিয়া মই মনুক মোক এৰি দিবলৈ কৈছিলো। জেলৰ পৰা ওলাই মোক ছেল্টাৰ হাউছত লগ কৰিবলৈ যাওতেও মোক এৰি দিবলৈ কৈছিলো। কিয়নো মোৰ হ’লে তেওঁৰো হোৱাৰ ভয় থাকে। কিন্তু মনুৱে মোৰ কথা শুনিবই বিচৰা নাছিল। আনকি মোক তেনে কথা নকবলৈ মুখত ধৰি বাধা দিছিল। তেওঁক বাৰে বাৰে আমি যে পলুৱাই বিয়া হৈছিলো সেয়া পাহৰি যাবলৈ কৈছিলো। প্ৰথমবাৰ থানাত যেতিয়া কথাটো কৈছিলো তেতিয়া তেওঁ নিৰাশ হৈ পৰিছিল। দ্বিতীয়বাৰ ছেল্টাৰ হাউছত লগ কৰিবলৈ আহোতে তেওঁক দেৱদাস যেন লাগিছিল আৰু তৃতীয়বাৰ যেতিয়া আদালতত লগ পাইছিলো তেতিয়া তেওঁক একেবাৰে হতাশ যেন লাগিছিল।’-ৰুক্সানাই কয়।

'বিবিচি গুজৰাট’ৰ সাংবাদিক ভাৰ্গৱ পৰিখৰ আগত ৰুক্সানাই আৰু কয়, 'মনুৱে মোৰ বাবে ইমান কষ্ট সহিবলগীয়া হৈছে। মোৰ বাবে জেললৈ গৈছে। ঘৰৰ মানুহৰ, গাঁৱৰ মানুহৰ গালি, ঠাট্টা শুনিবলগীয়া হৈছে। আনকি মোৰ ঘৰৰ মানুহে মানি নোলোৱা বাবে আমাৰ ধৰ্ম গ্ৰহণ কৰিবলৈকো সাজু হৈছিল। হয়তো প্ৰেমিকাৰ বাবে এনেদৰে সকলো কৰিবলৈ সাজু হোৱা পুৰুষ কমেই ওলাব। মনুৱে মোৰ আগত কৈছিল যে যদিহে আদালতৰ বাবে মোক বিয়া কৰাব নোৱাৰে তেন্তে আৰু কাকোৱেই বিয়া নকৰায়। এই কথাষাৰে মোৰ অন্তৰ চুই গৈছিল। তেতিয়া মই মোৰ কথা উঠাই লৈছিলো আৰু তেওঁৰ কথাই হ’ব বুলি কৈছিলো। তেতিয়া তেওঁৰ চেহেৰা উজ্জ্বল হৈ পৰিছিল।’

'আদালতত যেতিয়া মনুৰ লগতে মোকো বিয়াৰ কথা সুধিছিল তেতিয়া ময়ো আমি আগৰ দৰে একেলগে থাকিম বুলি কৈছিলো। মই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কথাও কৈছিলো। মই আদালতত আৰু কৈছিলো যে যিহেতু মোৰ এইডছ হৈছে সেয়ে আমি সন্তান জন্ম নিদিও আৰু প্ৰয়োজনত সন্তান তুলি ল’ম। কিন্তু আমি একেলগে থাকিম আৰু একেলগে মৰিম।’-ৰুক্সানাই কয়।

প্ৰেমত ফুলে শতদল...

'ৰুক্সানা যেতিয়া ১২ বছৰীয়া আছিল তেতিয়া তেওঁক তেজ দিবলগীয়া হৈছিল। সেই তেজৰ পৰাই ৰুক্সানা এইডছত আক্ৰান্ত হয়। ৰুক্সানাই কোনো ভুল কাম কৰা নাই। যদি বিয়াৰ পিছত মোৰ এক্সিডেণ্ট হৈ যায় তেতিয়া কি হ’ব? মই তাইৰ হাতত ধৰিছো। এতিয়া আমাৰ একেই নিয়তি। মই এইডছৰ বাবে মোৰ ভালপোৱা ৰুক্সানাক কেনেকৈ এৰি দিব পাৰো? মই এজন সাধাৰণ ল’ৰা। মই ইমান কথা ক’বলৈ নাজানো। তাইৰ প্ৰতি মোৰ ভালপোৱা কিমান সেয়া বুজাই ক’বও নোৱাৰো। কিন্তু চিনেমা এখনত কোৱা শুনিছিলো প্ৰেম সাৰ্বজনীন।’- সাংবাদিক পাৰিখৰ আগত এইদৰে কয় মনুৱে।

একেখিনি কথা গুজৰাট উচ্চ ন্যায়ালয়তো কৈছিল পেছাত ৰাজমিস্ত্ৰী মনুৱে। ৰুক্সানা আৰু মনুৰ কথা শুনি গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছোনিয়া গোকনি আৰু সংগীতা বিষেণে দুয়ো প্ৰেমিক-প্ৰেমিকাক একেলগে থাকিবলৈ আৰু বিবাহিত জীৱন কটাবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ লগতে আদালতে আৰক্ষীক দুয়োৰে নিৰাপত্তাৰ দিশটোত চকু ৰাখিবলৈকো নিৰ্দেশ দিয়ে। চৰকাৰী হাস্পতালত দুয়োৰে নিয়মিত চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাবলৈকো আৰক্ষীক নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে। আনহাতে ভুৱা প্ৰমাণ পত্ৰৰে আদালতক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলোৱা ৰুক্সানাৰ পিতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে আদালতে। 

যোৱা ২৮ জানুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতে আদালততে ভাবুক হৈ পৰিছিল মনু আৰু ৰুক্সানা। পিছত আদালত চৌহদৰ বাহিৰলৈ আহি মনুৱে সাংবাদিকৰ আগত কয়, 'মই বহুত পঢ়া-শুনা কৰা নাই। কিন্তু ক’ৰবাত মই পঢ়িছিলো যে মানুহে সেয়াই পাই যিটো শুদ্ধ অন্তৰেৰে বিচাৰে। যেতিয়া মই জেলত আছিলো তেতিয়া প্ৰতিদিনেই ৰুক্সানাৰ নামটো এখন হাতেৰে আনখন হাতৰ তলুৱাত লিখিছিলো। মই ৰুক্সানাক অন্তৰৰ পৰা বিচাৰিছিলো। আৰু সেয়ে ইমান কষ্টৰ অন্তত আজি ৰুক্সানাক মই আকৌ ঘূৰাই পালো।’