গুৱাহাটীঃ অৰুণাচল প্ৰদেশৰ দুইমুখ গেটত অসমৰ লখিমপুৰ জিলাৰ ব্যৱসায়ীক মাৰধৰ আৰু ৪ জনকৈ লোকক অপহৰণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে নেশ্যনেল পিপ’লছ পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে। দলটোৰ অসম ৰাজ্যিক শাখাৰ সভাপতি মিল্টন কুইয়াহে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে। লগতে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰে চৰকাৰক বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি অনাগত দিনত যাতে এনে ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। সভাপতিগৰাকীয়ে এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দুয়োখন ৰাজ্যৰ লোকসকলে যাতে শআন্তি-সম্প্ৰীতি বৰ্তাই ৰাখি এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ সুৰক্ষিতভাৱে আহ-যাহ অব্যাহত ৰাখিব পাৰে সেয়া নিশ্চিত কৰিবলৈকো চৰকাৰ তথা সংশ্লিষ্ট প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।
281
previous post