ভূপালঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই ঘোষণা কৰিছে যুদ্ধ। ব্যতিক্ৰম নহয় ভাৰতো। এনে পৰিস্থিতিত প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে সংক্ৰমণৰ আংশকা, বাঢ়িছে মৃত্যুৰ দুৰ্ভাৱনা। কিন্তু সকলো যুদ্ধতে যিদৰে সাহসীসকল শেষ পৰ্যন্ত যুদ্ধভূমিত থিয় হৈ ৰয় এই যুদ্ধতো দেখা গৈছে তেনে সৈনিক।

তেনে এজন সাহসী কৰ’না সৈনিক হৈছে ভূপালৰ স্বাস্থ্যকৰ্মী আশ্বৰফ আলি। ভূপালৰ পৌৰসভাৰ ছেনিটেশ্যনৰ দায়িত্বত থকা আশ্বৰফে এইকেইদিন কামত ব্যস্ত হৈ থকাৰ মাজতে লাভ কৰে মাতৃৰ  মৃত্যুৰ সংবাদ। এনে সংবাদ লাভ কৰিলে সকলো কাম আধাতে এৰি ঘৰলৈ সকলোৱেই ঘৰলৈ যোৱাটোৱেই স্বাভাৱিক।

কিন্তু অস্বাভাৱিক পৰিস্থিতিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি সেই 'স্বাভাৱিক’ কামটোকেই নকৰিলে আশ্বৰফে। নিজৰ কাম শেষ নোহোৱালৈকে নিশা পৰ্যন্ত ঘৰলৈ নগ’ল আশ্বৰফ। সকলো কাম সামৰি নিশাহে ঘৰলৈ গ’ল স্বাস্থ্যকৰ্মীজন। ঘৰলৈ গৈ মাতৃক শেষ বিদায় জনাই ব্যথিত মন লৈ পিছদিনা আকৌ কামলৈ উভতে আশ্বৰফ।

'কোনো লোকৰ পক্ষেই জন্মদাত্ৰী আইতকৈ একোৱেই বেছি নহয়। ইয়াৰ পিছতে আছে মাতৃভূমি। দেশমাতৃৰ এই বিপদৰ সময়ত সকলোৱে কোনো নহয় কোনো আত্মত্যাগ কৰিবই লাগিব। নহ’লে দেশমাতৃৰ বিপদ অনিবাৰ্য।’-আশ্বৰফে কয়। 

কেৱল আশ্বৰফেই নহয়, আশ্বৰফৰ দৰেকৈ এইকেইদিন সমগ্ৰ দেশতে দেখা গৈছে এনে একাধিকজন সাহসী কৰ’না যুদ্ধৰ সৈনিক। ভূপাল পৌৰসভাৰ এনে আন এগৰাকী সৈনিক ইৰফান খান। এক দুৰ্ঘটনাত তেওঁৰ সোহাত আৰু বাহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। সোহাতত প্লাষ্টাৰো কৰিবলগীয়া হৈছে ইৰফানে। 

চিকিৎসকে ইৰফানক ঘৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু নিজৰ আঘাতক লৈ মুঠেই উদ্বিগ্ন নহয় ইৰফান। বেণ্ডেজ আৰু প্লাষ্টাৰ কৰা হাতেৰেই চিকিৎসালয়লৈ আহি আনখন হাতেৰেই এই সংকটৰ সময়ত কাম কৰি গৈছে ইৰফানে। এই বিপদৰ সময়ত সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই বুলি ধৰি লৈ এনেদৰে এখন হাতেৰেই কামত উঠি-পৰি লাগিছে তেওঁ।

উল্লেখ্য যে, শনিবাৰৰ দিনটোলৈকে ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈ ৯০০ ৰ সীমা অতিক্ৰম কৰিছে। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালতো কৰ’নাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। এই ৰোগবিধত ৰাজ্যখনৰ ৰাজধানী চহৰখনত ২৫জনতকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।