বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সঞ্চালক প্ৰধান ড৹ টেডৰছ এ গেব্ৰিয়াছেছে কৰ’না ভাইৰাছৰ সংক্ৰমণ (ক’ভিড-১৯) সম্পৰ্কে বিশ্ববাসীলৈ ভিডিঅ’যোগে কেবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। এনে সংকটৰ সময়ত সাহসী হৈ পৰাত উক্ত আহ্বান আপোনালোকৰ পক্ষে সহায়ক হ’ব বুলি আশা কৰি সন্মানীয় ভিউৱাৰ্ছসকলৰ বাবে ইয়াৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল। অনুবাদ কৰিছে News Next Oneৰ এগৰাকী অন্যতম কণ্ট্ৰিবিউটৰ আব্দুৰ ৰছিদ চৌধুৰীয়ে।


"বৰ্তমানৰ পৰিস্থিতিয়ে আমাৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে এক নাটকীয় পৰিৱৰ্তন। মোৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নহয়। মোৰ কন্যাই ঘৰতে থাকি অনলাইনত পাঠ গ্ৰহণ কৰি আছে। কাৰণ তাইৰ বিদ্যালয় বন্ধ আছে। বিশ্বৰ আন অঞ্চলত হয়তো ইয়াতকৈয়ো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। কিন্তু যিবোৰ মহানগৰ আৰু দেশে এই ভয়ংকৰ ভাইৰাছবিধক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে বিশ্বৰ আন প্ৰান্তৰ লোকসকলক সাহস আৰু আশা যোগাবলৈ সমৰ্থ হৈছে।

এই দুঃসময়ত আপোনালোকে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি নিৰন্তৰ মনোযোগ দিয়াতো অতিশয় জৰুৰী। যিয়ে দীৰ্ঘ সময়ৰ বাবে কেৱল আপোনাকেই নহয়, আন লোককো সহায় কৰিব।

প্ৰথমতে, স্বাস্থ্যসন্মত পুষ্টিকৰ খাদ্য খাওঁক। যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ঠিকমতে কাম কৰাত সহায় কৰিব।

দ্বিতীয়তে, মাদকদ্ৰব্য (এলকহল) সেৱন কৰাতো নিয়ন্ত্ৰণ কৰক আৰু চেনীযুক্ত পানীয় কমকৈ গ্ৰহণ কৰক।

তৃতীয়তে, ধূমপান নকৰিব। কিয়নো আপুনি কোভিড-১৯ৰ চিকাৰ হ’লে ধূম্ৰপানে ভয়াৱহ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিব।

চতুৰ্থতে, ব্যায়াম কৰক। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰাপ্ত বয়স্কসকলৰ বাবে প্ৰতিদিনে ৩০ মিনিট আৰু শিশুসকলৰ বাবে এঘণ্টাকৈ সময় শাৰীৰিক ব্যায়াম কৰাৰ বাবে অনুমোদন জনাইছে। যদি আপোনাৰ স্থানীয় বা ৰাষ্ট্ৰীয় নীতি নিৰ্দেশনাই অনুমতি দিয়ে বাহিৰলৈ ওলাই আহি নিৰাপদ দূৰত্ব বজাই ৰাখি খোজ কাঢ়ক, দৌৰক বা চাইকেল চলাওক। যদি আপুনি বাহিৰলৈ ওলাব নোৱাৰে তেনেহলে ঘৰতে অনলাইন ভিডিঅ’ৰ সহায়ত ব্যায়াম কৰক, নৃত্য কৰক, যোগাসন কৰক বা ছিৰিত উঠা-নমা কৰক। যদি আপুনি ঘৰৰ পৰাই কাম কৰে তেন্তে একে ঠাইতে অধিক সময় বহি নথকাতো নিশ্চিত কৰক। প্ৰতি ত্ৰিশ মিনিটৰ মূৰে মূৰে উঠক আৰু তিনি মিনিটকৈ বিৰতি গ্ৰহণ কৰক।

পঞ্চমতে, অপুনি নিজৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। বিপদৰ সময়ত মানসিক অৱসাদ চিকাৰ হোৱা, ভীতিগ্ৰস্ত হোৱা বা বিমোৰত পৰাতো তেনেই স্বভাৱিক। আপুনি জনা বা বিশ্বাস কৰা লোকৰ সৈতে কথা পাতক যিজনে আপোনাক এনে সময়ত সহায় কৰিব পাৰে বা সাহস দিব পাৰে। আপোনাৰ অঞ্চলৰ আন লোকসকলক তেওঁলোকে বিচৰাধৰণে পাৰ্যমানে সহায় কৰক। ওচৰ-চুবুৰীয়া, পৰিয়াল আৰু বন্ধুবৰ্গৰ খবৰ লওঁক। দয়া-পৰোপকাৰ একপ্ৰকাৰ ঔষধস্বৰূপ। গান শুনক, কিতাপ পঢ়ক, গেম খেলক। বেছিকৈ বাতৰি পঢ়া বা টিভি-ৰেডিঅ, ইণ্টাৰনেট আদিত বাতৰি শুনাৰ পৰা বিৰত থাকক, যদিহে ই আপোনাক ভীতিগ্ৰস্ত কৰে। মাত্ৰ প্ৰতিদিনে এবাৰ বা দুবাৰ আপোনাৰ বিশ্বস্ত সূত্ৰৰ পৰা তথ্য আহৰণ কৰক।

কভিড-১৯ এ আমাৰ মাজৰ পৰা বহু কিবা কিবি কাঢ়ি নিছে সঁচা, কিন্তু ই আমাক এক মানৱজাতি হিচাপে সমিলমিলেৰে কাম কৰাৰ, শিক্ষা আহৰণ কৰাৰ আৰু আগুৱাই যোৱাৰ সুযোগ দিছে। ধন্যবাদ।"