বিশেষ প্ৰতিবেদনঃ সুৰা ব্যৱসায়ীসকলক লৈ আপোনাৰ ধাৰণা কেনে? আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীবোৰক লৈ? যদিহে আপুনি সুৰাপায়ী তেন্তে সুৰা ব্যৱসায়ী বা ৱাইনশ্বপ আৰু সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহ হয়তো আপোনাৰ বাবে ইষ্ট দেৱতাতকৈয়ো কোনো গুণে কম নহয়। সুৰাপায়ীসকলৰ বাবে সুখবৰ এয়াই যে, লকডাউনৰ সময়তো এতিয়া মানৱ সেৱাত ব্ৰতী হৈ পৰিছে ৰাজ্যৰ সুৰা প্ৰস্তুতকাৰী (বটলিং) কোম্পানীসমূহ।

সকলো বিমান বন্ধ। এখনেই প্ৰাইভেট বিমান আছে, কিন্তু পাইলটজন শুই আছে। পিতা-পুত্ৰৰ ইমাৰজেন্সি। দুয়ো গৈ পাইলটক জগাইছেহে জগাইছে। বহু সময় ধৰি কোনো সাৰসুৰ নাই। পুত্ৰৰ বুদ্ধিত পাইলটজন উঠিল যদিও কোনো কাৰণতে যাবলৈ মান্তি নহয়হে নহয়।

পুত্ৰই পাইলটজনক মাকৰ শপত দিলে। পাইলটৰ মূৰ গৰম হৈ গ’ল। দেউতাকে ক’লে মাৰ শপত নহয়, মামাৰ শপত মামাৰ শপত। মামাকৰ শপত দিয়া শুনি পাইলটৰ খঙে এইবাৰ মূৰৰ চুলি পালে। সেয়ে এইবাৰ দিলে 'বাপ কা কচম’। 'বাপ কা কচম’ শুনি পিতা-পুত্ৰ দুয়োকে কোনোমতে আক্ৰমণ কৰাৰ পৰা নিজকে সম্বৰণ কৰিলে ক্ৰোধান্বিত পাইলটজনে।

অৱশেষত পুত্ৰই শেষ শপত অস্ত্ৰ এৰিলে। পাইলটজনলৈ তাত থকা এটা সুৰাৰ বটল আগবঢ়াই দি ক’লে, 'ইয়াৰ শপত, ইয়াৰ শপত’। লগে লগে কমেডী চিনেমা 'ধামাল’ৰ উক্ত দৃশ্যটোত পাইলটজনৰ মুখত হাঁহি বিৰিঙি উঠে আৰু কয়, 'আৰে বন্ধু, তুমি কি কৰি দিলা? ইয়াৰ শপত দিলেতো মই যুদ্ধলৈকো যাবলৈ ৰাজী আছো।’ এইবুলি পাইলটজনে বিমানখনলৈ আগবাঢ়িল আৰু বিমানে আৰম্ভ কৰিলে যাত্ৰা।

লকডাউনৰ সময়ছোৱাত পিছে সুৰাপায়ীসকলৰ বাবে চলিছে অতিশয় দুখৰ দিন। সমগ্ৰ ৰাজ্যতে বন্ধ হৈ আছে ৱাইনশ্বপ। লকডাউনৰ বাতৰি পাই আগদিনা যিয়ে যেনেকৈ পাই হেতা-ওপৰা লগাই ৭ দিন চলি যোৱাকৈ মজুত কৰা চেষ্টা চলাইছিল যদিও নিশা ৮ বজাত লকডাউন ২১ দিনীয়া বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মূৰত সৰগ ভাগি পৰে। ফলত এতিয়া সুৰাপায়ীসকলৰ মন বিষাদেৰে ভাৰাক্ৰান্ত। বহুতে ছ’চিয়েল মিডিয়াত ইয়াক লৈ আক্ষেপো প্ৰকাশ কৰা দেখা গৈছে।

লুইত কুমাৰ বৰ্মন নামৰ এগৰাকী ফেচবুক ইউজাৰে লিখিছে, 'যদি ২১ দিন মানুহে মদ খাবলৈ নাপায় তেন্তে withdrawl-এ দেখা দিব আৰু তেনে হ'লে স্বাস্থ্য কৰ্মীসকলৰ গাত ভূতৰ ওপৰত দানহ পৰা যেন হ'ব! আনহাতে কিবা কাৰনত যদি withdrwal overcome কৰিব পাৰে তেন্তে অনাগত সময়ত চৰকাৰৰ ৰাজহ ভয়ংকৰ ভাবে কমি যাব! কৰ'নাৰ বাবে চৰকাৰৰ এনেই আৰ্থিক দুৰ্যোগ হৈছে আৰু যদি ৰাজহ বন্ধ হ'ব লগা হয়, চৰকাৰৰ কি পৰিস্থিতি হ'ব মোৰ ভাবিয়েই ভয় লাগিছে। গতিকে আপোনাক বিনম্ৰ অনুৰোধ যাতে দুই ঘন্টাৰ বাবে হ'লেও যেন মদৰ দোকান খোলাৰ অনুমতি দিয়ে।’ 

এনেদৰেই এতিয়া লকডাউনৰ সময়ছোৱাত হতাশ হৈ পৰা দেখা গৈছে সুৰাপায়ীসকলক। ইয়াৰ মাজতে ৰাজ্যৰ আবকাৰী বিভাগে সুৰাপায়ীসকলৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ বাবে লৈ আহিছে এক সুখবৰ। এই সুখবৰ এয়াই যে সুৰা প্ৰস্তুত কৰা কোম্পানীসমূহক লৈও এতিয়া গৌৰৱ কৰাৰ সুযোগ লাভ কৰিবলৈ সমৰ্থ হ’ব সুৰাৰ অভাৱত ছটফটাই থকা সুৰাপায়ীসকলে। লগতে সুৰা প্ৰস্তুত কৰা কোম্পানীসমূহক স্বাভাৱিকতেই বেয়া দৃষ্টিৰেই চাই অহাসকলেও ২১ দিনৰ বাবে হ’লেও ধন্যবাদ জনাবলৈ বাধ্য হৈ পৰিব। এয়া শুনি বহুতৰে মনত হয়তো প্ৰশ্ন জাগি উঠিছে যে 'মদ বনোৱা কোম্পানী’য়েনো কি ভাল কাম কৰিব পাৰে?

২১ দিনত কি ভাল কাম কৰিব সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহে?

লকডাউনৰ সময়ছোৱাত সুৰাৰ বিপণীসমূহ বন্ধ হৈ থকাত সুৰা প্ৰস্তুত কৰিলেও লোকচানৰ সন্মুখীন হ’ব লাগিব সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহ। সেয়ে সুৰাৰ উৎপাদন বন্ধ ৰাখিছে প্ৰতিটো সুৰা প্ৰস্তুতকাৰী কোম্পানীয়ে। সুৰাৰ উৎপাদন বন্ধ ৰাখিলেও কোম্পানীসমূহৰ অধিকাংশ এতিয়াও চলিয়েই আছে। কিন্তু কিয়?

আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনোৱা মতে লকডাউনৰ সময়ছোৱাতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ১১ টা সুৰা প্ৰস্তুতকাৰী কোম্পানী খোলা আছে। এই কোম্পানীকেইটাই বৰ্তমান সুৰা উৎপাদনৰ জৰিয়তে মুনাফা অৰ্জনৰ বিপৰীতে নিজকে মানৱ সেৱাৰ বাবে উৎসৰ্গিত কৰিছে বুলিও জনাই মন্ত্ৰীগৰাকীয়ে। 

'আমি ৰাজ্য চৰকাৰে ৩১ মাৰ্চলৈ লকডাউন ঘোষণা কৰাৰ সময়তে সিদ্ধান্ত লৈছিলো যে কৰ’নাৰ বিৰুদ্ধে যুদ্ধখনত আবকাৰী বিভাগৰ পৰাও কিবা এটা কৰিব লাগিব। ৰাজহ সংগ্ৰহৰ জৰিয়তে আমাৰ বিভাগে ভাল দিনত চৰকাৰক প্ৰতিটো মুহূৰ্ততে সহায় কৰি আহিছে। গতিকে এই দুৰ্যোগৰ দিনত আমি বহি থকাৰ কথাই নাই। সেয়ে আমি বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰো যে এই সময়ছোৱাত লিকুৱাৰ মেনুফেকচাৰিং কোম্পানীকেইটাক হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হওক। কথা মতেই কাম। এতিয়া মানুহে বেয়া বুলি ভবা, হীন দৃষ্টিৰে চোৱা সুৰা কোম্পানীকেইটায়ো মানৱ সেৱাত লাগি গৈছে।’-NNOৰ আগত এইদৰে কয় আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত ৫টা কোম্পানীক হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতৰ বাবে অনুমোদন জনোৱা হৈছিল যদিও লকডাউন ২১ দিনীয়া হোৱাত আৰু অধিক হেণ্ড ছেনিটাইজাৰৰ প্ৰয়োজন হোৱালৈ চাই পৰৱৰ্তী সময়ত আন ৬ টা কোম্পানীকো তালিকাভুক্ত কৰি অনুমোদন জনোৱা হয়। 'প্ৰথমে আমি ৫টাৰে হ’ব বুলি ভাবিছিলো। তেতিয়ালৈকে কেন্দ্ৰ চৰকাৰে লকডাউন ঘোষণা কৰা নাছিল। মোদী ডাঙৰীয়াই সেইদিনা নিশা ৮ বজাৰ ভাষণত ২১ দিনীয়া লকডাউনৰ কথা ঘোষণা কৰাৰ পিছতে আমি লগে লগে আৰু ৬ টা কোম্পানীক হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ দিয়াৰ কতা চিন্তা কৰো।’-শুক্লবৈদ্যৰ মন্তব্য।

বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইনমতে প্ৰস্তুতৰ নিৰ্দেশ

মুঠ ১১ টা সুৰা প্ৰস্তুতকাৰী কোম্পানীক বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন আৰু 'ড্ৰাগছ এণ্ড কছমেটিকছ এক্ট, ১৯৪০’ৰ মতে এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে। ইয়াৰ লগতে সকলো ঠাইতে যাতে চৰকাৰীভাৱে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে হেণ্ড ছেনিটাইজাৰ বিক্ৰী কৰে তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিছে বুলি NNOৰ আগত জনাইছে মন্ত্ৰী শুক্লবৈদ্যই।

'কিছুমান অসৎ প্ৰকৃতিৰ মানুহ থাকেই সকলো ঠাইতে। এনে মানুহবোৰে সুযোগ ল’ব বিচাৰে। আমাৰ হাততো দুই এটা তেনে খবৰ আহিছিল। সেয়ে আমি লগে লগে তেনে মানুহখিনিৰ এগেইনষ্টত ষ্ট্ৰীক্ট একশ্যন লৈছো। আমি নিৰ্দেশনাটোত ক্লিয়েৰ কৰি কৈছো যে যদি কোনোবাই বেছি দামত বিক্ৰী কৰে তেন্তে আমাৰ বিভাগক জনালে আমি লগে লগে আইনী ব্যৱস্থা লম।’-মন্ত্ৰীগৰাকীয়ে কয়।

মুঠ ৫ কোটি হেণ্ড ছেনিটাইজাৰ যোগানৰ লক্ষ্য

সমগ্ৰ ৰাজ্যতে ১১টা কোম্পানীৰ জৰিয়তে ২০০ মিলিলিটাৰৰ মুঠ ৫ কোটি হেণ্ড ছেনিটাইজাৰৰ বটল যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আবকাৰী বিভাগে। অসমৰ লগেত চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰলৈকো হেণ্ড ছেনিটাইজাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰিছে বিভাগীয় মন্ত্ৰী শুক্লবৈদ্যই। 'কেৱল অসমতে নহয়, চুবুৰীয়া মণিপুৰ আৰু নাগালেণ্ডতো ইয়াৰ নাটনি ঘটাৰ খবৰ আহিছে। সেয়ে আমি তালৈকো প্ৰেৰণ কৰাৰ কথা ভাবিছো। এতিয়ালৈকে আমি ৫ কোটি বটল প্ৰডাকশ্যনৰ কথা ভাবিছো। প্ৰয়োজনত এই সংখ্যাতো আৰু বৃদ্ধি কৰিবলগীয়া হ’ব পাৰে।’-আবকাৰী বিভাগৰ আহ্বানত কেবাটাও কোম্পানীয়ে স্বাস্থ্য বিভাগক বিনামূলীয়াকৈ হেণ্ড ছেনিটাইজাৰ আগবঢ়াইছে বুলিও সদৰী কৰি এইদৰে কয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ডিয়েগো ইণ্ডিয়াই আবকাৰী বিভাগৰ পদক্ষেপৰ কথা জানিব পাৰি ২০ লিটাৰৰ ২০ হাজাৰটা বটল হেণ্ড ছেনিটাইজাৰ  বিনামূলীয়াকৈ অৰ্পণ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। আনহাতে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতৰ অনুমোদন লাভ কৰা কোম্পানীকেইটায়ো চিএছআৰ (কৰ্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটি)ৰ অধীনত ৫ লাখ লিটাৰতকৈয়ো অধিক পৰিমাণৰ হেণ্ড ছেনিটাইজাৰ বিভাগটোক বিনামূলীয়াকৈ অৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এনে বিপদৰ সময়ত ৰাজ্যবাসীৰ সমস্যা সমাধানৰ বাবে আবকাৰী বিভাগে সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে। 'আমাৰ বিভাগ সম্পূৰ্ণৰূপে সষ্টম। ৰাইজৰ বাবে কাম কৰি যাবলৈকে আমি প্ৰতিজ্ঞাৱদ্ধ। সেয়ে মানুহে সাধাৰণতে হীন দৃষ্টিৰে চোৱা সুৰা কোম্পানীসমূহকো আমি মানৱ সেৱাৰ কামত ব্ৰতী হ’বলৈ সুযোগ প্ৰদান কৰিছো। তেওঁলোকেও এই বিপদৰ সময়ত ইয়াক দায়িত্ব হিচাপে লৈ গুৰুত্বসহকাৰে কাম কৰিছে। সেয়ে তেওঁলোকক তথা উক্ত কোম্পানীসমূহত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীকে আমি ধন্যবাদ জনাইছো।’-লকডাউনৰ সময়ছোৱাত ৰাজ্যত এলকহ’লযুক্ত হেণ্ড ছেনিটাইজাৰৰ নাটনি নহয় বুলি উল্লেখ কৰি আবকাৰী মন্ত্ৰীগৰাকীয়ে কয়।