গুৱাহাটীঃ ছিটা দিয়াক লৈ বিয়পা উৰাবাতৰিৰ বাবে স্কুলৰপৰা ছাত্ৰ-ছাত্ৰী পলায়ন কৰাৰ বাতৰিয়ে ৰাজ্যখনৰ শিশু সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জন সজাগতাৰ দিশটো কিমান তাৎপৰ্যপূৰ্ণ, সেয়া প্ৰমাণিত কৰাৰ পিছতে এচামে আকৌ এই আতংকৰ অচিলা লৈয়ে স্বাস্থ্যকৰ্মীক অপদস্থ কৰাৰ খবৰ পোৱা গৈছে। 

প্ৰাপ্ত খবৰ মতে, বুধবাৰে বেজী আতংকক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ লালাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত ডাক্তৰ আৰু পেৰামেডিকেল কৰ্মচাৰী সকলক এটা দুষ্ট চক্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ চলাই আহত কৰে। আক্ৰমণৰ বলি হোৱা তিনিজন স্বাস্থ্য কর্মী ক্ৰমে ডাঃ এছ এম সিংহ, ফাৰ্মাচিষ্ট ৰেকিবুদ্দীন আহমেদ আৰু নাৰ্চ পদ্মাৰাণী সিনহা গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছে। 

♦ দোষীক কৰায়ত্ত কৰাৰ দাবী সমন্বয় সমিতিৰ

♦ ক'লা বেজ পৰিধান চিকিৎসা কৰ্মীৰ

♦ সুনিশ্চিত নিৰাপত্তা অন্যথা শক্তিশালী আন্দোলনৰ ভাবুকি

স্বাস্থ্যকর্মী সকলে এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে যাওঁতে যি অমানৱীয় অত্যাচাৰৰ সন্মুখীন হ'ল এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি দোষীক কৰায়ত্ব কৰাৰ লগতে উচিত শাস্তিৰ দাবী তুলিছে সদৌ অসম এন এইচ এম মেডিকেল আৰু পেৰামেডিকেল কৰ্মচাৰী সমন্বয় সমিতিয়ে। 

সংগঠনটোৰ ৰাজ্যিক সভাপতি ডা: শ্বেইখুল ইছলাম, কাৰ্য্যকৰী সভাপতি চন্দন শইকীয়া আৰু সম্পাদক দ্বীপজ্যোতি তালুকদাৰে এক বিবৃতি যোগে কয় যে ইতিপূৰ্বেও এনে বহু অনাকাংক্ষিত ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো গ্ৰাম্যঞ্চল-চৰাঞ্চল আদি দূৰ্গম ঠাইতো নিজৰ জীৱনক বাজী লগাই নানা বাধা-বিঘিনি নেওচি স্বাস্থ্যকর্মীসকলে সৰ্বতো প্ৰকাৰৰ সেৱা আগবঢ়াই আছে যদিও আজিলৈ এওঁলোকৰ নিৰাপত্তা সুনিশ্চিত নহ'ল৷ 

ইপিনে বহু দাবী জনোৱাৰ পিছতো এই মেডিকেল-পেৰামেডিকেল কৰ্মচাৰীসকলে আজিকোপতি সাধাৰণ স্বাস্থ্য বীমা, ভবিষ্যনিধি, সম কাম সম বেতন, পে স্কেলৰ সুবিধা আদি একোৱে নাপালে। পৰিতাপৰ কথা এয়ে যে আটাইবোৰ মিছনৰ কৰ্মচাৰীৰ দৰমহাৰ ভিত্তিত এন এইচ এমৰ ডাক্তৰ, নাৰ্ছ, লেব'ৰেটৰী টেকনিচিয়ানসকলৰ দৰমহা শেহতীয়া সপ্তম দৰমহা আয়োগৰ সময়তো একেবাৰে নগণ্য৷ এই বিষয়সমূহ লৈ চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আজিলৈ স্বাস্থ্যকর্মীসকলে নিজৰ প্ৰাপ্য নাপালে। 

এনে প্ৰেক্ষাপটত লালাৰ ঘটনাই এন এইচ এমৰ কৰ্মৰত কৰ্মচাৰী সকলক অধিক আতংকিত আৰু চিন্তিত কৰিছে বুলি সমন্বয় সমিতিয়ে সদৰী কৰি বিষয়টোত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। 

ইপিনে আজি সমগ্ৰ ৰাজ্যতে এন এইচ এমৰ কর্মী  সকলে লালাৰ ঘটনাক ধিক্কাৰ দি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অন্যহাতে এই বিষয়ত উপযুক্ত ন্যায়, কৰ্মচাৰীৰ ভবিষ্যত সুৰক্ষা আৰু উপযুক্ত সুবিধা প্ৰদান নকৰিলে অনাগত দিনত শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব বুলি সকীয়াই দিছে সংগঠনটোৱে।