![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Dholai%20Thana.jpg?itok=0jBuQXLU)
মাত্ৰ কিছুদিন পূৰ্বে আদালতে দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল দেশ কঁপোৱা আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসক ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ক। আদালতে প্ৰদান কৰা এই ৰায়ে এনে অপৰাধৰ প্ৰৱণতা কিছু হলেও হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। কিন্তু সেই আশাৰ বিপৰীতে আকৌ সংঘটিত হ’ল নাৰকীয় ঘটনা। এইবাৰ স্থান অসমৰে কাছাৰ জিলা।
কাছাৰৰ ধলাই থানাৰ অন্তৰ্গত এখন গাঁৱত দুই সন্তানৰ সন্মুখতে বলাৎকাৰৰ বলি হ’ল এগৰাকী ৩০ বৰ্ষীয় মহিলা। এই ঘটনা পোহৰলৈ অহাৰ পিছতে পুনৰ এবাৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৰ্ষণৰ এই নৃংশক ঘটনাটোক লৈ চৰ্চা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো। বিবিচিৰ দৰে সংবাদ প্ৰতিষ্ঠানে সৱিস্তাৰে প্ৰকাশ কৰিছে এই নৃশংস ঘটনা।
মহিলাগৰাকীৰ চুবুৰীয়া ২৮ বৰ্ষীয় বদৰুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই ধৰ্ষণকাণ্ড আৰু হত্যাৰ অপচেষ্টাৰ অভিযোগ। ভুক্তভোগীৰ স্বামীৰ অভিযোগ অনুসৰি, ধৰ্ষণকাৰীয়ে কেৱল নিৰ্যাতন চলোৱাতে থমকি নৰৈ মহিলাগৰাকীৰ শৰীৰত নিক্ষেপ কৰিছিল এচিডৰ দৰে বিষাক্ত তৰল পদাৰ্থ। বৰ্তমান সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে মহিলাগৰাকীয়ে।
ইফালে, এই ঘটনাৰ পিছৰে পৰা অভিযুক্ত বদৰুল ইছলাম পলাতক হৈ আছিল যদিও শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে গ্ৰেপ্তাৰৰ পিছত অভিযুক্তই নিজকে নিৰ্দোষী বুলি দাবী কৰি মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধেহে প্ৰত্যাভিযোগ তোলে। বদৰুলৰ মতে, এই ভুৱা ধৰ্ষণৰ গোচৰত তেওঁক ফচাবলৈ চেষ্টা কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।
সমগ্ৰ ঘটনা কি?
দৰাচলতে এই ঘটনা সংঘটিত হৈছিল ২২ জানুৱাৰীত। কিন্তু ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত ন্যায়ৰ দাবী তোলাৰ পিছত ২৪ জানুৱাৰীতহে ঘটনাটো পোহৰলৈ আহে। স্বামীৰ অভিযোগ অনুসৰি, অভিযুক্ত বদৰুলে দীৰ্ঘদিন ধৰি মহিলাগৰাকীক হাৰাশাস্তি কৰি আহিছিল। ২১ জানুৱাৰীৰ নিশা তেওঁ পোনপটীয়াকৈ মহিলাগৰাকীৰ ফোন নম্বৰ বিচাৰিছিল। যেতিয়া মহিলাগৰাকীয়ে নিজৰ নম্বৰ দিবলৈ অস্বীকাৰ কৰে, তেতিয়া অভিযুক্তই ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছতে পিছদিনা নিশা সংঘটিত হয় এই নৃশংস ঘটনা।
মহিলাগৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি, অভিযুক্তই বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকীৰ হাত-ভৰি বান্ধি দুই সন্তানৰ সন্মুখত ধৰ্ষণ কৰে। তাৰ পিছত নিৰ্যাতনৰ সীমা অতিক্ৰম কৰি তেওঁৰ শৰীৰত ক্ষতিকাৰক তৰল পদাৰ্থ নিক্ষেপ কৰে। ২২ জানুৱাৰীৰ নিশা কামৰ পৰা ঘৰলৈ ওভতাৰ পিছত পত্নীৰ অৱস্থা দেখি স্তম্ভিত হৈ পৰে স্বামী।
তেওঁ কয়, "ঘৰত সোমোৱাৰ লগে লগে মোৰ পত্নীক হাত ভৰি বান্ধি মাটিত পৰি থকা দেখিলো, আৰু মুখখন কাপোৰেৰে ঢাকি থোৱা আছে। তেওঁৰ গোটেই গাত কিবা এটা তৰল পদাৰ্থ বিয়পি আছে। এয়া কেনেকৈ হ’ল মই বুজিব পৰা নাছিলো। মই লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ গ'লো। কিন্তু... তাৰ পৰা আমাক শিলচৰ মেডিকেল কলেজলৈ যাবলৈ ক’লে। আমি আৰক্ষীক ফোন কৰিলো, কিন্তু তেওঁলোকে আমাক পিছদিনা থানালৈ যাবলৈ ক'লে।"
ঘটনাৰ পিছদিনা অৰ্থাৎ ২৩ জানুৱাৰীৰ পুৱা ধলাই আৰক্ষী থানালৈ গৈ এজাহাৰ দাখিল কৰে স্বামীয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ২৫ জানুৱাৰীত বদৰুল ইছলামক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দাবী কৰিছে যে এটা প্ৰভাৱশালী পৰিয়ালৰ ল’ৰা বদৰুলে দীৰ্ঘদিন ধৰি বিভিন্ন মহিলাক হাৰাশাস্তি কৰি আহিছিল। প্ৰভাৱশালী হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনেও মাত মাতিবলৈ সাহস কৰা নাছিল। কিন্তু এইবাৰ সীমা অতিক্ৰম কৰিছে, সেয়ে স্থানীয় ৰাইজে তেওঁক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।
ঘটনাটো কেনেকৈ পোহৰলৈ আহিল?
২৪ জানুৱাৰীত ভুক্তভোগীৰ স্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত ন্যায়ৰ দাবী জনোৱাৰ পিছতে এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰে। তেওঁ কয়, "মোৰ পত্নীক নিৰ্মম অত্যাচাৰ কৰা হৈছে। মই ন্যায় বিচাৰিছো। মই বাৰে বাৰে অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ ওচৰলৈ গৈছিলো, কিন্তু প্ৰথমতে তেওঁলোকে বিশেষ গুৰুত্ব দিয়া নাছিল।"
আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২৩ জানুৱাৰীৰ পুৱা ধলাই থানাত এজাহাৰ দাখিল কৰা হৈছিল। অৱশ্যে আৰক্ষীৰ ভূমিকা প্রথমে প্রশ্নবোধক আছিল বুলিও অভিযোগ উত্থাপন হৈছে৷ ভুক্তভোগীৰ স্বামীয়ে অভিযোগ কৰি কয়, "প্ৰথম আৰক্ষীৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁলোকে মোক পিছদিনা আহিবলৈ কৈছিল। সেই সময়ত মোৰ পত্নীয়ে নিজৰ জীৱনৰ বাবে যুঁজি আছিল, আৰু আৰক্ষীয়ে মোক থানালৈ আহি অভিযোগ দাখিল কৰিবলৈ কৈছিল! এনে কাৰণতে সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হ’লোঁ, আৰু তেতিয়াহে আৰক্ষীয়ে ব্যৱস্থা ল’লে।”
ইফালে, ভুক্তভোগীৰ স্বামীৰ এই অভিযোগ আৰক্ষীয়ে অস্বীকাৰ কৰিছে। ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, "এজাহাৰ লাভ কৰাৰ লগে লগে আমি তদন্ত আৰম্ভ কৰিছো। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গোচৰটোত বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"
আৰক্ষীৰ গাফিলতিৰ বাবেই প্ৰথমে অভিযুক্ত বদৰুল ইছলামে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰে স্বামীয়ে। তেওঁ কয়, "পুলিচ সক্ৰিয় হ'লে হয়তো ইমান দেৰি নহ'লহেঁতেন। মোৰ পত্নী এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে, কিন্তু প্ৰথমে আৰক্ষীয়ে কোনো গুৰুত্ব দিয়া নাছিল।"
আৰক্ষীৰ তদন্তই কি কয়?
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৪৫৭ (ঘৰত বলপূৰ্বক প্ৰৱেশ), আৰু ৩২৬ (এচিড আক্ৰমণ কৰা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে চিকিৎসা প্ৰতিবেদন পোৱাৰ পিছত আৰু কিছু দফা যোগ হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, "আমি তদন্ত অব্যাহত ৰাখিছো। অভিযুক্তক জেৰা চলাই থকা হৈছে। চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত অধিক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"
ইফালে, এচিডৰ দৰে তৰল পদাৰ্থ নিক্ষেপ কৰাৰ অভিযোগৰ সত্যতা এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই বুলি আৰক্ষীয়ে অৱগত কৰে। এজন আৰক্ষী বিষয়াই কয়, "ভুক্তভোগীৰ শৰীৰত নিক্ষেপ কৰা পদাৰ্থটো এচিড আছিল নে নাই সেইটো নিৰ্ণয় কৰিবলৈ এতিয়াও পৰীক্ষা চলি আছে। অৱশ্যে ধৰ্ষণৰ অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে।"
অভিযুক্তৰ কি দাবী?
ঘটনাৰ পিছতে পলাতক হৈ থকা বদৰুল ইছলামক যেতিয়া গ্ৰেপ্তাৰ কৰা হ’ল, তাৰ পিছতে তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ জিম্মাত থকাৰ সময়ত বদৰুলে সাংবাদিকৰ আগত কয়, "মোক ফচোৱা হৈছে। তেওঁৰ স্বামীয়ে মোৰ পৰা ধন ধাৰ লৈছিল, আৰু যেতিয়া মই সেই ধন বিচাৰিবলৈ গৈছিলো, তেতিয়া তেওঁ মোক এই ভুৱা অভিযোগেৰে ফচাব বিচাৰিছে।"
অৱশ্যে স্থানীয় লোকসকলে এই দাবী নাকচ কৰিছে। স্থানীয় এজনে কয়, "বদৰুল ইছলামে দীৰ্ঘদিন ধৰি বিভিন্ন মহিলাক হাৰাশাস্তি কৰি আহিছিল। বহুতে তেওঁৰ বিৰুদ্ধে মাত মাতিব পৰা নাছিল, কিন্তু এইবাৰ যি হ'ল সেয়া গ্ৰহণযোগ্য নহয়।"
ভুক্তভোগীৰ অৱস্থা এতিয়া কেনেকুৱা?
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ মতে, বৰ্তমানো সংকটজনক হৈ আছে মহিলাগৰাকীৰ অৱস্থা। সন্দেহ কৰা অনুসৰি, এচিডজাতীয় বিষাক্ত পদাৰ্থৰ আক্ৰমণত তেওঁৰ শৰীৰৰ ৭০ শতাংশ জ্বলি গৈছে। অৱশ্যে অধীক্ষক দেৱ কুমাৰ চক্ৰৱৰ্তীয়ে কয়, "গোপনীয়তাৰ বাবে আমি তেওঁৰ বিষয়ে বিতং তথ্য দিব পৰা নাই। অৱশ্যে এনে এজন ৰোগী ইয়াত চিকিৎসাধীন হৈ আছে।"
ভুক্তভোগীৰ স্বামীয়ে কয়, "মোৰ পত্নী ঘৰলৈ পুনৰ ঘূৰি আহিব নে নাজানো। আমাৰ সন্তান দুটাই চকুৰ সন্মুখতে মাকৰ ওপৰত সংঘটিত এই নৃশংসতা দেখিছে। এতিয়াও সিঁহত ভীতিগ্ৰস্ত হৈ আছে।"
ইয়াৰ পিছত কি হ'ব?
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তদন্ত অব্যাহত আছে আৰু অভিযুক্তৰ বিৰুদ্ধে আদালতত উপযুক্ত প্ৰমাণ দাখিল কৰা হ’ব। কিন্তু এই ঘটনাৰ পিছত কাছাৰ জিলাত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষীৰ ভূমিকাক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
একাংশ স্থানীয় বাসিন্দাই কয়, "যদি এনে অপৰাধীক মুকলি কৰি দিয়া হয়, তেন্তে সমাজত কোনোৱেই সুৰক্ষিত নহ'ব। আমি বিচাৰো যে দোষীক কঠোৰতম শাস্তি বিহা হওঁক।"