110
মঙলদৈঃ গোহালি সদৃশ কোঠা এটাতে দহ বছৰে আৱদ্ধ হৈ আছে এগৰাকী যুৱতী। বছৰ বছৰ ধৰি বৰ্হি জগতৰ সৈতে সংযোগ নথকা যুৱতীগৰাকীয়ে মাত্ৰ বিছনাখনৰ ওপৰতে শুই-বহি অতিবাহিত কৰিছে দিন ৰাতি ।
ডেৰ কুৰিৰ দেওনা পাৰ হোৱা যুৱতী গৰাকীয়ে এক কৰ্দয়ময় পৰিবেশত এটি জৰাজীৰ্ণ কোঠাৰ ভিতৰত পাৰ কৰিছে জীৱনৰ দহটাকৈ বসন্ত। কোঠাটোৰ ভিতৰতেই মুকলিকৈ শৌচ-প্ৰস্ৰাব কৰি আকৌ তাতেই শুই পৰিছে। খোৱা-লোৱাৰ কোনো সু-ব্যৱস্থা নাই।কেতিয়াৱা যদি খাইছে আকৌ কেইবাদিনো পাৰ কৰিছে শুদা পেটে।