গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ঘোষিত ধুবুৰীৰ মহিলা এগৰাকীৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত দাখিল হোৱা ৫০ লক্ষাধিক পঞ্চায়ত নথিৰ চৰকাৰী বৈধতা তথা গ্ৰহণযোগ্যতা নাকচ কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰয়াৰ।
বিশেষকৈ ৰাজ্যৰ মুছলিম অধ্যুষিত এলেকাত উচ্চ ন্যায়ালয়ৰ এই ৰায়ে প্ৰভাৱ পেলাব পৰাৰ আশংকা প্ৰকাশ কৰিছে স্বয়ং অসম আৰক্ষীৰ বিশেষ শাখাই। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা পোৱা খবৰৰ ভিত্তিত যিকোনো ধৰণৰ অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ ৰাজ্যৰ কেইখনমান জিলাৰ আৰক্ষী অধীক্ষকসকললৈ এক গোপন বাৰ্তা প্ৰেৰণ কৰিছে।