ধিংঃ এথলেটিকছত সূদীৰ্ঘ ৩০ বছৰৰ মূৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ তথা ধিঙৰ খেলুৱৈ হিমা দাসে কঢ়িয়াইছে সাফল্যৰ বতৰা। নগাঁও জিলাৰ অন্তৰ্গত ধিঙৰ এখন সৰু গাওঁ ধিং কান্ধুলীমাৰী নিবাসী হিমা দাসে এথলেটিকছৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো।
দৰিদ্ৰ পিতৃ-মাতৃ ৰঞ্জিত দাস আৰু জোনালী দাসৰ জীয়ৰী হিমাই কেনিয়াৰ নাইৰোবিত যোৱা ১২ জুলাইৰ পৰা অনুস্থিত বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।