ধিংঃ এথলেটিকছত সূদীৰ্ঘ ৩০ বছৰৰ মূৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ তথা ধিঙৰ খেলুৱৈ হিমা দাসে কঢ়িয়াইছে সাফল্যৰ বতৰা। নগাঁও জিলাৰ অন্তৰ্গত ধিঙৰ এখন সৰু গাওঁ ধিং কান্ধুলীমাৰী নিবাসী হিমা দাসে এথলেটিকছৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। 

দৰিদ্ৰ পিতৃ-মাতৃ ৰঞ্জিত দাস আৰু জোনালী দাসৰ জীয়ৰী হিমাই কেনিয়াৰ নাইৰোবিত যোৱা ১২ জুলাইৰ পৰা অনুস্থিত বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। 

ভাৰতীয় সময় অনুসৰি সন্ধ্যা ৬.৩০ আৰু কেনিয়াৰ সময় বিয়লি ৩.১০ বজাত এক মহাৰণত দেওবাৰে অংশ লয় হিমাই। ভাৰতীয় দলত স্থান লাভ কৰা হিমাই জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫ নং  ৰেকিঙত নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। আকৌ একে সময়তে হিমাৰ দলৰে ৰাজশ্ৰী প্ৰসাদে ২৪.৮৫ ছেকেণ্ড এই দৌৰ সম্পন্ন কৰে।  

উল্লেখ্য যে ,দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে যোৱা জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অজনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

আকৌ ২১-২৩ এপ্ৰিলত হায়দৰাবাদত অনুস্থিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। তদুপিৰ যোৱা মে মাহত বেংককত অনুস্থিত ১৮ অনুৰ্ধ এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপতো ভাগ লৈছিল হিমাই।