newsnextone.com | গুৱাহাটীঃ ফিনলেণ্ডত অনুষ্ঠিত অনূর্ধ্ব-২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে অসম কন্যা হিমা দাসে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷
বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দেশৰ ক্ৰিকেটৰ তাৰকা, বলিউডৰ তাৰকা, ৰাজনেতাই হিমাক শুভেচ্ছা যাচে৷ হিমাই বিশ্ব জয় কৰাৰ লগে লগে এখন ফটো ব্যাপক চৰ্চালৈ আহিছে৷ যিখন ফটো দেশ-বিদেশত থকা কোটি কোটি ভাৰতীয়ই শ্বেয়াৰ কৰিছে৷ ফেচবুক, টুইটাৰত এই ফটোখন ভাইৰেল হৈ পৰে৷ গামোচা-জাতীয় পতাকা লোৱা ফটো খন ভাইৰেল হ’ল ফেচবুক-টুইটাৰত।