newsnextone.com | গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ৪০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ 

২৮ জুনত সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামতে অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে লাভ কৰিছিল স্বৰ্ণ পদক৷ এইবাৰ পুনৰ ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰাত ৰাজ্যবাসী আনন্দিত হৈ পৰে৷ 

দুদিন পূৰ্বে ২০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰাৰ পিছতে পথ মুকলি হ’ল এছিয়ান গেমছৰ বাবে৷ এই সফলতাই হিমাৰ এছিয়ান গেমছলৈ যাবৰ বাবে যোগ্যতা কঢ়িয়াই আনে৷
নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ 

এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা অতিক্ৰম কৰিছে৷ ধিঙৰ কান্ধুলীমাৰীৰ দৰে পিছ পৰা ঠাইৰ হিমাৰ আকাশ চুবৰ মন৷