63
newsnextone.com | গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে লাভ কৰে স্বৰ্ণ পদক৷
৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত হিমাই এই সফলতা লাভ কৰাৰ পিছতে পথ মুকলি হ’ল এছিয়ান গেমছৰ বাবে৷ এই সফলতাই হিমাৰ এছিয়ান গেমছলৈ যাবৰ বাবে যোগ্যতা কঢ়িয়াই আনে৷