বাস্তৱ বৰ্জিত হৈ সস্তীয়া জাতীয় আৱেগ উচটোৱা কথাৰে বিচ্ছিন্নতাবাদী সন্ত্ৰাসৰ পোষকতাকাৰী দেশদ্ৰোহী উপাদানৰ শৰণাপন্ন হোৱা ‘ছাকিৰা আহিব বকুল তললৈ’ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসক দেশৰ আইন কানুনক শ্ৰদ্ধা কৰি কাম-কাজ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে 'পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট' অসম চমুকৈ পিপিএফএ-ই। পিপিএফএৰ হৈ ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, জগদীন্দ্ৰ ৰায় চৌধুৰী, পংকজ দুৱাৰা আৰু অনুপ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে, শেহতীয়াকৈ যুৱ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ এখন বাণিজ্যিক ছবি প্ৰেক্ষাগৃহত তেওঁ বিচৰা মতে প্ৰদৰ্শন নোহোৱা বাবে তেওঁ আলফা নেতা পৰেশ বৰুৱালৈ বিকল্প মাধ্যমৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰি বোলছবি প্ৰেক্ষাগৃহৰ ব্যৱস্থাপনাৰ প্ৰতি ভাবুকি অনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া সম্পূৰ্ণৰূপে যুক্তিহীন আৰু নীতি বৰ্হিভূত কথা। অপ-সংস্কৃতিক প্ৰশ্ৰয় নিদিয়াকৈ দাসে সংস্কৃতিৰ সাধনা অব্যাহত ৰাখিলে অসমীয়া জাতিয়ে তেওঁৰ দৰে সকলো সাংস্কৃতিক কৰ্মীক যথাসময়ত যথা যোগ্য সন্মান প্ৰদৰ্শন কৰাটো নিশ্চিত।