গুৱাহাটীঃ মহানগৰীৰ আমবাৰীত যোৱানিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জিলা উপায়ুক্ত এম অংগমুথু, আৰক্ষী আয়ুক্ত হীৰেণ নাথ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।

ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই মাটিৰ গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্থসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। তৎকালীন সাহায্য হিচাপে মন্ত্ৰীগৰাকীয়ে আজিৰ ভিতৰতে ১০ হাজাৰ টকাকৈ ক্ষতিগ্ৰস্থ লোকসকলক প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে। 

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, তদন্তৰ পিছত ৰাজহ বিভাগৰ নিয়ম অনুসৰি ক্ষতিগ্ৰস্থসকলক চৰকাৰৰ পৰা সাহায্য প্ৰদান কৰা হ'ব। ক্ষতিগ্ৰস্থ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনক অনতিপলমে কিতাপ-বহীৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়ে মন্ত্ৰীজনে। লগতে বৰ্তমান প্ৰশাসনে ব্যৱস্থা কৰা অস্থায়ী আশ্ৰম শিবিৰত লোকসকলক পূৰ্বস্থানতে থকাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জনায়।

ইফালে, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলক কেবাটাও স্বেচ্ছাসেৱী সংস্থাৰ লগতে আজমল ফাউণ্ডেচনেও আজি আঢ়ৈ লাখ টকাৰ কাপোৰ, খাদ্য সামগ্ৰী, বাচন বৰ্তন আদি বিতৰণ কৰে।

উল্লেখ্য যে যোৱানিশা ৮ বজাত বিস্ফোৰিত হয় এটাৰ পিছত এটাকৈ মুঠ ১৬টাকৈ চিলিণ্ডাৰ। লগে লগে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চল। ফলত নিমিষতে ছাই হয় ৪৫টাকৈ পৰিয়াল বাস কৰি অহা ভাৰাঘৰৰ প্ৰতিটো কোঠালিৰ লগতে তেওঁলোকৰ সকলো সা-সামগ্ৰী।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ ১৪খনকৈ গাড়ীয়ে প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময়ৰ পিছত এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডত অতি কমেও ৩০ লক্ষাধিক মূল্যৰ সা-সম্পত্তি জুই জ্বলি চাৰখাৰ হয়।