গুৱাহাটীঃ বেয়া ফলাফল৷ খঙত জ্বলি-পকি উঠিল শিক্ষামন্ত্ৰী৷ ২০১৭বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে আজি বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা মুঠ ১২৪খন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে ছেবাৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ফলাফলৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে৷
বৈঠকত মন্ত্ৰীগৰাকীয়ে বেয়া ফলাফলৰ বাবে জবাবদিহি কৰে কেইবাগৰাকী শিক্ষকক৷ শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰাৰ মাজতে মন্ত্ৰীগৰাকীয়ে বিদ্যালয় প্ৰাদেশীকৰণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীৰ প্ৰশ্নবাণত বিবুধিত পৰাৰ লগতে চালে-বেৰে কোবোৱা উত্তৰ দিবলৈ চেষ্টা কৰাও দেখা গ’ল বহু শিক্ষকক৷