ডিজিটেল ডেস্কঃ এতিয়া ক’ত থাকিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ৷ নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে অসমৰ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মাণিক সৰকাৰৰ থকা ঠাই নিৰ্ধাৰণ কৰি কটাক্ষ কৰে৷ বিজেপিয়ে ত্ৰিপুৰাৰ নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খেলি ভাল ফলাফল কৰাৰ পিছতে মাণিত সৰকাৰক পূৰ্বৰ দৰে আক্ৰমণ কৰি বাংলাদেশক পঠিওৱাৰ কথা উল্লেখ কৰে৷
সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত শৰ্মাই কয়, শ্ৰী সৰকাৰৰ বাবে এতিয়া কেৱল পশ্চিম বংগ, কেৰেলা আৰু চুবুৰীয়া বাংলাদেশতহে শৰণাগত হ’ব পৰা ঠাই আছে বুলি৷ কিয়নো পশ্চিম বংগত চিপিএম দলৰ আধিপত্য বৰ্তমানেও অলপীয়াকৈ বিৰাজমান হৈ আছে৷