কোকৰাঝাৰঃ ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আজি এদিনীয়া ভ্ৰমণ সূচীৰে কোকৰাঝাৰ জিলা পৰিভ্ৰমণ কৰে। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰ ছাই কমপ্লেক্সত অৱতৰণ কৰিয়ে হিমন্ত বিশ্ব শৰ্মা পোনে পোনে দেৱৰগাঁওস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয়।
বিশ্ববিদ্যালয়খনত উপস্থিত হৈয়েই উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী আদিকে ধৰি বিশ্ববিদ্যালয়খনত কৰ্মৰত অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।