গুৱাহাটীঃ বৰপেটা শান্তি সভাত যিখন বুথ সন্মিলনৰ কথা ক’বলৈ লওতে জিভা পিছল খাইছিল সেই সন্মিলনখনতে আজি ভুলৰ পুনৰাবৃত্তি কৰে ভাষণ দিয়াত পাকৈত নেতা হিচাপে পৰিগণিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত আজি অনুষ্ঠিত বিজেপিৰ বুথ সভাপতি আৰু কাৰ্যকৰ্তাসকলৰ সন্মিলনত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ‘কা’ বিৰোধী আন্দোলনৰ সৈতে ঐতিহাসিক ‘অসম আন্দোলন’ৰ তুলনা কৰিবলৈ গৈ দাঙি ধৰে ভুল আৰু একপ্ৰকাৰ উদ্ভট তথ্য।
মন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত অসম আন্দোলন সন্দৰ্ভত কৰা উক্ত মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। নিজৰ ভাষণত তেওঁ অসম আন্দোলনৰ সময়ৰ কথা সুঁৱৰি বৰ্তমানৰ ‘কা’ বিৰোধী আন্দোলনে ৰাজ্যখনত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি দাবী কৰে।