newsnextone.com | গুৱাহাটীঃ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক দেওবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যোৱা দুদিন ধৰি সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আত্মগোপন কৰি থকা অৱস্থাত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷
শুকুৰবাৰে কেইবাশতাধিক লোকে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবীত ডিলাৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ বহিৰাগত বণিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকৰীসকলে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনি সংগঠনে নিৰ্যাতিতা কমল দাসক ক্ষতিপূৰণ দিয়াৰ লগতে আন আন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷