গুৱাহাটীঃ অসম গণ পৰিষদ, অসমত দুবাৰকৈ শাসন কৰা আঞ্চলিক দল। আঞ্চলিকতাবাদৰ ভিত্তিত, অসমৰপৰা অবৈধ বাংলাদেশী বিতাড়নৰ পটভূমিত জন্ম লাভ কৰা অ গ পৰ নেতৃত্বই এতিয়াও বুজিব নোৱাৰিলে দলৰে তৃণমূলৰ আশা-আকাংক্ষা তথা আৱেগ। 

তেত্ৰিশ বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাত দলটোৱে বাৰে বাৰে মোহভংগ কৰিছে আঞ্চলিকতাবাদক ভাল পোৱা, জাতীয় স্বাৰ্থ সুৰক্ষিত হোৱাটো বাঞ্ছা কৰা প্ৰতিজন অসমীয়াক।

অতিকেন্দ্ৰিক ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ২০১৬ চনত মিত্ৰতা কৰা দলটোৱে নিজৰ আঞ্চলিক চৰিত্ৰক জলাঞ্জলি দিয়াত আঞ্চলিকতাবাদক ভাল পোৱা বহুতেই ইয়াক সহজভাৱে ল’ব পৰা নাছিল। এই ৰাজনৈতিক অপৰিপক্কতাক পলমকৈ হ’লেও দলটোৱে শুধৰাবলৈ সুবিধা এটা পালে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বি জে পিৰে হোৱা সংঘাতৰ পাছত অ গ পই চৰকাৰৰপৰা ওলাই আহি বি জে পিৰ সৈতে মিত্ৰতা ছিন্ন কৰিলে। আঞ্চলিকতাবাদক ভাল পোৱা সকলোৱে অ গ পৰ এই সিদ্ধান্তক আদৰণি জনালে।

মন্ত্ৰীসভাৰপৰা তিনি সদস্য ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে পদত্যাগ কৰিলে। পিছে এই পদত্যাগ দুমাহৰ পাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা নাই। অৰ্থাৎ, এই তিনি 'প্ৰাক্তন’ মন্ত্ৰীয়ে আজিৰ তাৰিখলৈ দৰমহা-ভাট্টাকে ধৰি লাভ কৰি আছে কেবিনেট মন্ত্ৰীয়ে পাবলগীয়া সকলো সৈ-সুবিধা।

সি যি কি নহওক, নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাত পুনৰ অ গ প-বি জে পিৰ মিত্ৰতাৰ প্ৰসংগ উচ্চাৰিত হ’ল। বি জে পিৰ ৰাজ্যিক নেতৃত্বই অ গ পৰ লগত পুনৰ মিত্ৰতা বিচৰা নাই যদিও ৰাষ্ট্ৰীয় নেতৃত্ব তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অ গ পৰে পুনৰ মিত্ৰতা বাঞ্ছা কৰিছে। আনহাতে, অ গ পৰ নেতৃত্বই অজ্ঞাত কাৰণত পুনৰ বি জে পিৰে মিত্ৰতা কৰাৰ চেষ্টা চলাই আছে বুলি চৰ্চা লাভ কৰিছে। ইয়াৰ বিপৰীতে, আঞ্চলিক দলটোৰ তৃৰ্ণমূলে আঞ্চলিক দল আঞ্চলিকেই হৈ থকাটো বিচাৰিছে। 

লোকসভাত সংক্ষাগৰিষ্ঠতাতকৈ আধিক আসন থকাৰ পাছতো সমগ্ৰ দেশৰে সৰু-বৰ আঞ্চলিক দলৰ সৈতে বি জে পিয়ে মিত্ৰতা কৰি দলসমূহৰ প্ৰাসংগিকতাকে নোহোৱা কৰাৰ গেৰুৱা দলটোৰ দীৰ্ঘম্যাদী কৌশলত ভৰি নিদিবৰ বাবে অ গ পৰ তৃৰ্ণমূলৰ লগতে আঞ্চলিকতাবাদক ভাল পোৱাসকলে বাৰে বাৰে অ গ পৰ নেতৃত্বক সকীয়াই আহিছে। লোকসভাত এখনো আসন নথকা অ গ পক কি ৰাজনৈতিক স্বাৰ্থতনো বি জে পিয়ে মিত্ৰ কৰি লৈছে বুলি সচেতন মহলে প্ৰশ্ন কৰিছে।

অ গ প নেতৃত্বই বি জে পিয়ে পতা মৰণ ফান্দত বাৰে বাৰে ভৰি দিয়াত ক্ষোভিত হৈ পৰিছে তৃৰ্ণমূলৰ কৰ্মী। সেয়াই বৃহস্পতিবাৰে প্ৰতিফলিত হ’ল অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত। যোৰহাটৰপৰা আহি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত তলা লগালে মণ্টু দত্ত নামৰ অ গ প কৰ্মীজনে। বি জে পিৰে গোপন বুজাবুজিৰ অভিযোগত এই প্ৰতিবাদ তৃণমূল কৰ্মীজনৰ। সেই সময়ত মহিলা মৰ্চাৰ এখন সভা চলি আছিল। ক্ষোভিত অ গ প কৰ্মীজনৰ এই কাৰ্যৰ বাবে দলৰ মহিলা নেত্ৰীসকলৰ সৈতে তীব্ৰ বাকযুদ্ধ হয়। পাছত সভাপতিৰ সৈতে আলোচনাৰ আশ্বাস দিয়াতহে মণ্টু দত্তই তলা খুলি দিয়ে।

অ গ পৰ তৃৰ্ণমূলৰ কৰ্মীৰ এই ক্ষোভৰ বিস্ফোৰণে দলৰ নেতৃত্বক সচেতন কৰিবনে, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।