52
গুৱাহাটীঃ অসম গণ পৰিষদ, অসমত দুবাৰকৈ শাসন কৰা আঞ্চলিক দল। আঞ্চলিকতাবাদৰ ভিত্তিত, অসমৰপৰা অবৈধ বাংলাদেশী বিতাড়নৰ পটভূমিত জন্ম লাভ কৰা অ গ পৰ নেতৃত্বই এতিয়াও বুজিব নোৱাৰিলে দলৰে তৃণমূলৰ আশা-আকাংক্ষা তথা আৱেগ।
তেত্ৰিশ বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাত দলটোৱে বাৰে বাৰে মোহভংগ কৰিছে আঞ্চলিকতাবাদক ভাল পোৱা, জাতীয় স্বাৰ্থ সুৰক্ষিত হোৱাটো বাঞ্ছা কৰা প্ৰতিজন অসমীয়াক।