ইতিহাসৰ স্বৰ্ণিল অধ্যায় বুকুত সামৰি ৰখা এখন চহৰৰ অস্তিত্বই আজি ককবকাইছে ধ্বসংস্তূপৰ মাজত। ক’লা-বগা দিনৰ ধূসৰ পৰশৰ পৰা আজিৰ নতুন পৃথিৱীৰ অত্যাধুনিক প্ৰযুক্তিৰ পৰশ লাভ কৰালৈকে ন-পুৰণি অলেখ কাহিনীৰ সাক্ষী হোৱা এই চহৰখনৰ আকাশ কঁপাইছে মৃত্যুৰ কিৰিলিয়ে। যেনি-তেনি সংঘটিত বিস্ফোৰণ আৰু দেশ এৰি পলায়ন কৰিব বিচৰা অসহায়-ভয়াৰ্ত নাগৰিকৰ চিঞৰে বিভীষিকা নমাইছে চহৰখনত। এই চহৰখন হৈছে গাজা। হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হোৱা এখন চহৰ গাজা।
কেইবা শতিকা পুৰণি গাজা চহৰখনৰ বিষয়ে ১৯৪৩ চনতে প্ৰকাশিত এখন গ্ৰন্থত জেৰুজালেমৰ পেলেষ্টাইনী ইতিহাসবিদ আৰিফ আল আৰিফে লিখিছে, “গাজা চহৰ ইতিহাসৰ অন্যতম পুৰণি চহৰসমূহৰ ভিতৰত অন্যতম এখন। এয়া কেৱল এটা শতিকা বা এটা যুগৰ চহৰ নহয়, বৰঞ্চ এই চহৰ অনেক প্ৰজন্মৰ প্ৰত্যক্ষদৰ্শী আৰু পাৰ হৈ যোৱা অতীতৰ অভিভাৱক। ইতিহাস লিপিবদ্ধ হ’বলৈ আৰম্ভ কৰা দিনৰে পৰাই এই চহৰখনৰো অস্তিত্ব আছে।”