গৌৰিসাগৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াক দেওবাৰে ৰাজ্যজুৰি কংগ্ৰেছে স্মৰণ কৰে৷

দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াই ১৯৩৪ চনৰ ৩ অক্টোবৰত শিৱসাগৰ জিলাৰ সাপেখাতিত জন্ম গ্ৰহণ কৰিছিল।

১৯৯৬ চনত ২২ এপ্ৰিলত মৃত্যুবৰণ কৰা হিতেশ্বৰ শইকীয়াক সমগ্ৰ ৰাজ্যতে কংগ্ৰেছ নেতা-কৰ্মীয়ে দেওবাৰে স্মৰণ কৰে৷ প্ৰায়ত হিতেশ্বৰ শইকীয়াৰ গৃহ জিলা শিৱসাগৰতো ৰাইজে স্মৰণ কৰে৷ 

দেওবাৰে পুৱা ৮.৩০ বজাত হিতেশ্বৰ শইকীয়াৰ ২২তম মৃত্যু দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ পুত্ৰ তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। তাৰ পিছতে নাজিৰা মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলক ফল বিতৰণ কৰে। 

গেলেকি মহাবিদ্যালয়ত স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়৷ কলা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷ সভাত জনাৰ্দন গোস্বামী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, হিতেশ্বৰ শাইকীয়াৰ পত্নী ড০ হেমপ্ৰভা শইকীয়া উপস্থিত থাকে।