ধুবুৰীঃ চৰকাৰে মাহেকত দৰমহা দি অহাৰ পিছতো ঘৰ চলাবলৈ ঘোচ লব লগা হয় চৰকাৰী বিষয়াই৷ চৰকাৰী বিষয়াই আন আন কামত ঘোচ লোৱাৰ নজিৰ আছিল যদিও এইবাৰ নতুন ৰেকৰ্ড গঢ়ি এনআৰচিৰ কৰ্মত নিয়োজিত ৰাজ্য চৰকাৰৰ দুই বিষয়াই ঘোচ লৈ ধৰা পৰাৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত হৈছে অসমত৷ নগদ ধন লৈ বিভিন্ন লোকক লিগেচী পৰীক্ষা কৰি দিয়াৰ ব্যাপক অভিযোগ উত্থাপিত হৈ আহিছিল এনআৰচিৰ ধুবুৰীৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ সেৱা কেন্দ্ৰৰ একাংশ বিষয়াৰ বিৰুদ্ধে৷
অৱশেষত এগৰাকী লোকৰ অভিযোগৰ ভিত্তিত ধনৰ বিনিময়ত এনআৰচিৰ লিগেচী দাতা পৰীক্ষা কৰা দুই বিষয়া জালত পৰে৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ ধুবুৰীৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয় এনআৰচিৰ সেৱা কেন্দ্ৰত নাম অন্তৰ্ভুক্তিৰ নামত এগৰাকী লোকে টকা বিচাৰাৰ অভিযোগ উত্থাপন কৰে৷