কলিয়াবৰঃ যোৱা ২৯ জানুৱাৰীৰ পৰা নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ  মঙলবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷

কুৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ক্ৰোক-বাংগালুৰু দলক চাৰি-শূণ্য গলত পৰাস্ত কৰি চেম্পিয়ন হয় অসমৰ ছাব-জুনিয়ৰ মহিলা দলে৷

খেল খনত চমকপদ প্ৰদৰ্শন কৰে অসম হকী দলে। চূড়ান্ত খেলখনত ঘৰুৱা দল অসমৰ হাতত ধৰাশয়ী হৈ ৰানাৰ্ছ-আপৰ খিতাপ লাভ কৰে ক্ৰোক-বাংগালুৰু হকী দলে।

প্ৰতিযোগিতাৰ তৃতীয় স্থান দখল কৰে উত্তৰাখণ্ড দলে। অসমৰ মহিলা হকী দলটোৱে অশেষ কষ্টৰ ফলত ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ মহিলা হকীৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷