66
কলিয়াবৰঃ যোৱা ২৯ জানুৱাৰীৰ পৰা নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷
কুৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ক্ৰোক-বাংগালুৰু দলক চাৰি-শূণ্য গলত পৰাস্ত কৰি চেম্পিয়ন হয় অসমৰ ছাব-জুনিয়ৰ মহিলা দলে৷