newsnextone ৯অক্টোবৰ কলিকতাঃ অন্য ধৰ্মৰ পাত্ৰৰ লগত বিবাহত বহাৰ কথা ভৱা নিষেধ এইখন দেশত৷বিগত কিছুবছৰ ধৰি দেশখনত এনে ধাৰনাই অতি ভয়ানক ভাৱে গা কৰি উঠিছে৷
বৰ্তমানে ভাৰতৰ বিভিন্ন ঠাইত অসৱৰ্ন বিৱাহৰ অজুহাতত বহুতো হত্যাকাণ্ড সংঘটিত হৈছে৷ বহুতো পৰিয়ালত নিজৰ পিতৃ-মাতৃ-ভাতৃ আদিয়েই নিজৰ জীয়ৰী-ভগ্নীক অইন ধৰ্মৰ যুৱকৰ লগত বিবাহত বহাৰ বাবে হত্যা কৰা বহুতো উদাহৰন আছে৷এনে হত্যাবোৰক অ’নাৰ কিলিং(Honour Killing)বুলিও জনা যায়৷শেহতীয়াকৈ কলিকতাতো এই অ’নাৰ কিলিঙৰ(Honour Killing) ঘটনা সংঘটিত হোৱা বাতৰি পোৱা গৈছে৷হিন্দু যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখা অভিযোগত কলিকতাৰ এক মুছলমান পৰিয়ালৰ ১৯ বছৰীয়া যুৱতীক হত্যা কৰা হ’ল অতি নিৰ্মম ভাৱে৷ হত্যাকাৰী আন কোনো নহয়,হত্যাকাৰী যুৱতী গৰাকীৰ নিজৰ পিতৃ আৰু ভাতৃ৷