Home দেশবীৰৰ দৰে ৪১ শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ৱাকিলে ৰক্ষা কৰিব নোৱাৰিলে নিজৰ ঘৰখন…

বীৰৰ দৰে ৪১ শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ৱাকিলে ৰক্ষা কৰিব নোৱাৰিলে নিজৰ ঘৰখন…

by News Desk
A+A-
Reset
wakil-buldozer

সময় এনেকৈয়ে সলনি হয়! মাত্ৰ ৪ মাহ আগৰ কথা, ৪১ জন শ্ৰমিকৰ প্ৰাণ ৰক্ষা কৰা ৱাকিল হাছানক প্ৰশংসাৰে উপচাই পেলাইছিল সমগ্ৰ দেশবাসীয়ে। বীৰৰ দৰে তেওঁক সন্মান জনোৱা হৈছিল, দোৱা আৰু আশীৰ্বাদেৰে উপচাই পেলোৱা হৈছিল। কিন্তু ৪১ শ্ৰমিকৰ জীৱন ৰক্ষা কৰা ৱাকিল হাছানে পিছে ৰক্ষা কৰিবলৈ সক্ষম নহ’ল নিজৰ ঘৰখন। এটকা এটকাকৈ সাঁচি নিৰ্মাণ কৰা ঘৰটো ‘অবৈধ’ বুলি অভিহিত কৰি নিমিষতে ধ্বংসস্তৃপত পৰিণত কৰা হ’ল। তাৰ পিছত গৃহহাৰা ৱাকিলৰ এতিয়াৰ আশ্ৰয় ফুটপাথ।
  
দিল্লীৰ খাজুৰিখাছ অঞ্চলত অৱস্থিত ৱাকিল হাছানৰ ঘৰটো বুধবাৰ বুলডোজাৰেৰে উচ্ছেদ কৰে দিল্লী উন্নয়ন কৰ্তৃপক্ষই। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগত ভাঙি পেলোৱা হয় ৱাকিলৰ ঘৰটো। উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত দেশজুৰি চৰ্চিত হৈ পৰিছিল ৱাকিল হাছান। ৰেট হোল মাইনাৰ্ছ ৱাকিলে প্ৰাণ ৰক্ষা কৰিছিল ৪১ জন শ্ৰমিকৰ। উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ বাবে ভগৱান হৈ পৰিছিল ৱাকিল হাছান।

কিন্তু বুধবাৰে যেতিয়া ৱাকিলৰ খাজুৰিখাছ স্থিত ঘৰটো ভাঙি পেলোৱা হয়, সেই সময়ত ৱাকিলে দাবী কৰে যে তেওঁক কোনো আগতীয়া জাননী প্ৰদান কৰা হোৱা নাছিল। আকস্মিকভাৱে বুলডোজাৰ লৈ উপস্থিত হোৱা ডিডিএৰ লোকে বাসগৃহটো উচ্ছেদ কৰাৰ পিছত ওৰেটো নিশা ল’ৰা-ছোৱালী কেইটাৰ সৈতে ফুটপাথত পাৰ কৰিবলগীয়া হয় ৱাকিলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0