ভাৰতৰ এটা কোম্পানী গ্ৰুপে চেৰ পেলাইছে পাকিস্তানৰ দৰে এখন দেশৰ জিডিপিকো। শেহতীয়াকৈ এই খবৰে সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। পাকিস্তানৰ ঘৰুৱা উত্পাদনক চেৰ পেলাই নজিৰ গঢ়া এই ভাৰতীয় কোম্পানীটো পিছে আদানী বা আম্বানীৰ নহয়, এই কোম্পানীটো হৈছে ডেৰশ বছৰীয়া ইতিসাহেৰে সমৃদ্ধ টাটা গ্ৰুপ অৱ কোম্পানী, যাৰ মুঠ সম্পত্তি এতিয়া হৈ পৰিছে ৩৬৫ বিলিয়ন ডলাৰ।
কোৱা হয়- চেণ্ডেলৰ বাটা আৰু বস্তুৰ টাটা আটাইতকৈ মজবুত আৰু বিশ্বাসযোগ্য। এই কথাৰ সত্যাসত্যতা নিৰূপণ কৰাটো সম্ভৱ নহয় যদিও ভাৰতীয় জীৱনত টাটা গ্ৰুপৰ প্ৰভাৱ যথেষ্ট বুলি ক’লেও হয়তো ভুল নহয়। চাহৰ পৰা আৰম্ভ কৰি জাগুয়াৰ লেণ্ড ৰভাৰ গাড়ীলৈকে আৰু নিমখৰ পৰা আৰম্ভ কৰি বিমান উৰুওৱা আৰু হোটেল পৰিচালনালৈকে টাটাৰ প্ৰভাৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত দেখা যায়।