সেই সময়, আৰু এই সময়! পোছাকযোৰ একেই, চৰকাৰো একেই। এই সময়ছোৱাত হয়তো সলনি হৈছে পোছাকযোৰৰ আঁৰৰ মানুহ কেইজন, যিদৰে সলনি হৈছে চৰকাৰৰ সিংহাসনত বহি থকা মানুহজনৰ নাম আৰু চেহেৰা।

অসমৰ 'কা’ বিৰোধী আন্দোলনৰ সময়ত জনতাক ভেটা দিবলৈ বুকুলৈ বন্দুক টোঁৱাই মহানগৰীৰ ৰাজপথত থিয় দিছিল অসম আৰক্ষী। সেই বন্দুকৰ গুলীয়াই প্ৰাণ কাঢ়িছিল নীৰিহ অসমীয়াৰ প্ৰাণ। এইবাৰ আকৌ তেনেদৰেই মহানগৰৰীৰ ৰাজপথত প্ৰতিবাদকাৰীক ভেটা দিলে আৰক্ষীয়ে। প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ শ্বেলৰ আঘাতত পুনৰ এবাৰ প্ৰাণ হেৰুৱালে নীৰিহ অসমীয়াই।

বুধবাৰে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত মৃদুল ইছলাম নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যুক লৈ এতিয়া উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। শূন্যৰ বিপৰীতে আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা কন্দুৱা গেছৰ শ্বেলৰ আঘাতত মৃত্যুক সাৱটিবলগীয়া হয় পেছাত এগৰাকী অধিবক্তা তথা কংগ্ৰেছ কৰ্মী মৃদুলে। প্ৰতিবাদ প্ৰতিহত কৰাৰ নামত আৰক্ষীৰ এই বৰ্বৰ কাণ্ডক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ উদগীৰণ ঘটিছে। আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।

অৱশ্যেই সাধাৰণ জনতাৰ ওপৰত 'জনহিতাৰ্থে’ লিখা থকা খাকী পোছাকধাৰী আৰক্ষীৰ বৰ্বৰতাৰ এয়া প্ৰথম ঘটনা নহয়। সময়ে সময়ে এনে বৰ্বৰতাই শিৰোনাম দখল কৰি আহিছে বাতৰিৰ। মাত্ৰ কিছুদিন পূৰ্বে ডেলিভাৰীৰ কাম কৰা কটন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ গাত ৰাজহুৱাভাৱে হাত দি নিলম্বিত হ’বলগীয়া হৈছিল মহানগৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া। ঠেলাৱালা, ৰিক্সাৱালাক মুকলিকৈ অপমান কৰা, বুলডজাৰ লগাই ঘৰ ভাঙি পেলোৱা আৰক্ষীৰ বাবে একেবাৰে নতুন কথা নহয়।

কিন্তু শেহতীয়া কিছু বছৰত প্ৰতিবাদৰ বিৰুদ্ধে যেন অধিক হিংস্ৰ হৈ পৰিছে অসম আৰক্ষী। চৰকাৰ আৰু আৰক্ষীয়ে মিলি অসমত এক অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন হৈছে। ক্ষমতাৰ বলেৰে সাধাৰণ জনতাক প্ৰতিবাদ কৰিবলৈ শংকিত কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী আৰু প্ৰশাসনৰ কঠোৰ দমনমূলক নীতিৰ বাবে নিজৰ অধিকাৰৰ বাবে দাবী তুলিব খুজিও নিশ্চুপ হ’বলগীয়া হৈছে অসমৰ জনতা। 

মহানগৰীৰ এই শোকাৱহ ঘটনা...  

বুধবাৰৰ ঘটনা। বিশ্বজুৰি চৰ্চিত আদানি কেলেংকাৰীৰ তদন্ত, স্মাৰ্ট মিটাৰ বন্ধ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জড়িত কেলেংকাৰীৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিছিল 'ৰাজভৱন চলো’ কাৰ্যসূচী। দলটোৰ নেতা-কৰ্মীয়ে উজানবজাৰৰ ৰাজভৱন এলেকাত উলিওৱা এই মিছিলৰ সময়তে আৰক্ষীয়ে বৰ্বৰভাৱে ব্যৱহাৰ কৰা কন্দুৱা গেছৰ শ্বেলৰ আঘাতত প্ৰাণ হেৰুৱাবলগীয়া হয় অধিবক্তা তথা কংগ্ৰেছ কৰ্মী মৃদুল ইছলামে৷ যুৱ অধিবক্তাজনে মিছিলৰ সৈতে গৈ থকাৰ সময়তে আৰক্ষীয়ে হঠাতে আক্ৰমণাত্মক হৈ নিৰ্বিচাৰ কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ সময়ত কন্দু গেছৰ শক্তিশালী শ্বেল এটা শৰীৰত লাগি ঢলি পৰে মৃদুল ইছলাম নামৰ অধিবক্তাজন৷ 

অচেতন হৈ ঢলি পৰা মৃদুলক সাবতি ধৰি কেইজনমানে তেওঁৰ চেতনা আনিবলৈ চেষ্টা কৰে। ইয়াৰ পিছতে যুৱকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ আৰক্ষীৰ দমনমূলক নীতিৰ ওচৰত প্ৰাণ হেৰুওৱা এই যুৱকজন আছিল কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা, ঘৰ তেওঁৰ দক্ষিণ কামৰূপৰ সোণতলীত। 

উল্লেখ্য যে, বুধবাৰে মিছিল কৰি গৈ উজানবজাৰৰ ৰাজভৱনত ধৰ্ণা দিয়াৰ কথা আছিল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে৷ কিন্তু আৰক্ষীয়ে আদবাটতে মিছিলটোক বাধা দিয়ে৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়। কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰে। ফলত মৃদুল ইছলাম নিহত হোৱাৰ লগতে আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকীও সাংবাদিক আৰু কংগ্ৰেছ কৰ্মী আহত হয়৷ মৃদুল ইছলামৰ ঘটনা সংঘটিত হৈছে ৰাজ্যপাল থকা ৰাজভৱনৰ পৰি কিছু নিলগত৷ প্ৰদেশ কংগ্ৰেছৰ কেইবা হাজাৰ লোকে শান্তিপূৰ্ণভাৱে মিছিল কৰি গৈ থকাৰ সময়য়ে ৰাজভৱনৰ পৰা কিছু নিলগত আৰক্ষীয়ে বাধা দিছিল৷ 

এই মিছিলত ভাগ লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতিসহ আটাইকেইগৰাকী শীৰ্ষ নেতা৷ আৰক্ষীৰ বাধা নেওচি আগে আগে গৈছিল শীৰ্ষ নেতাসকল আৰু পিছে পিছে নেতা-কৰ্মী আৰু সমৰ্থকে চৰকাৰ বিৰোধী শ্ল’গান দি গৈ আছিল৷ সেই সময়তে আৰক্ষীৰ বৃহৎ দলে মিছিলটোক বাধা দিয়ে৷ বাধা দিয়াৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বেৰিকেড বগাবলৈ প্ৰয়াস কৰে৷ সেই সময়ত আৰক্ষীয়ে শীৰ্ষ নেতাক আতৰাবলৈ প্ৰয়াস কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে৷ 

অভিযোগ অনুসৰি, আৰক্ষীয়ে শূন্যলৈ নিক্ষেপ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদীলৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষীয়ে। যাৰ বাবে দেহত লাগি নিহত হয় মৃদুল ইছলাম৷ প্ৰতিবাদ দমনৰ নামত আৰক্ষীৰ এনে বৰ্বৰতাক লৈ এতিয়া সৰৱ হৈ আছে কংগ্ৰেছ। সমান্তৰালভাৱে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো। কিন্তু লক্ষণীয় যে, আৰক্ষীৰ বৰ্বৰতাত কংগ্ৰেছ কৰ্মীজনৰ মৃত্যু ঘটা বুলি দলটোৱে কৰা দাবীৰ পৰিৱৰ্তে আৰক্ষীৰ ভাষ্য সম্পূৰ্ণ বিপৰীত।

পূৰ্বৰে পৰা অসুস্থ আছিল মৃত মৃদুল! দাবী আৰক্ষীৰ

গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱে গেছৰ শ্বেল লাগি কংগ্ৰেছৰ আইনী কোষৰ নেতা তথা অধিবক্তা মৃদুল ইছলাম নিহত হোৱাৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে৷ আৰক্ষীয়ে বৰ্বৰ আচৰণৰ কৰাৰ ফলতে এগৰাকী অধিবক্তা নিহত হ’বলগীয়া হোৱা বুলি অভিযোগ উত্থাপনৰ পিছতে মিডিয়াৰ সন্মুখলৈ আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই৷ আৰক্ষী বিষয়াগৰাকীয়ে কংগ্ৰেছে অনুমতি অবিহনে প্ৰতিবাদ কৰা বুলি অভিযোগ উত্থাপন কৰে৷ তেওঁ লগতে কয় যে কংগ্ৰেছে এই প্ৰতিবাদৰ বাবে প্ৰশাসনৰ পৰা কোনো অনুমতি বিচৰা নাছিল আৰু প্ৰশাসনেও কোনো অনুমতি প্ৰদান কৰা নাছিল। 

দিগন্ত বৰাই কয়, ''আজি ১০ বাজি ৩০ মিনিটত ৰাজভৱন যোৱা ৰাস্তাত গণেশ মন্দিৰৰ কাষৰ প্ৰাথমিক বিদ্যালয়ৰ ফিল্ডত কংগ্ৰেছৰ নেতাসকলৰ উপস্থিতিত কৰ্মীসকল একত্ৰিত হৈছিল৷ মানুহ এহাজৰতকৈ বেছি জমা হয়৷ কিন্তু কোনো অনুমতি লোৱা নাছিল৷ যিহেতু ৰাজভৱনলৈ বেছি দূৰ নাছিল৷ সেয়েহে তিনিটা বেৰিকেড লগোৱা হৈছিল৷ প্ৰথম বেৰিকেডত ৰখাবলৈ প্ৰয়াস কৰা হয়৷ দ্বিতীয় বেৰিকেট ভাঙি আগবাঢ়ি যায়৷ তাৰ পিছতো একাংশ নেতাই ৰাজভৱন দিশে আগবঢ়াৰ সময়তে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে৷ কন্দুৱা গেছ ব্যৱহাৰ কৰাত কোনো লোকৰ গাত লগা নাই৷’’

এই প্ৰতিবাদৰ সময়ত নিহত হোৱা মৃদুল ইছলাম পূৰ্বৰে পৰাই অসুস্থ আছিল বুলিও দাবী কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। তেওঁ কয়, ''যিগৰাকী লোকৰ মৃত্যু হৈছে তেওঁ অসুস্থ আছিল৷ তেওঁৰ বিষয়ে বিভিন্ন জনৰ লগত কথা পাতি গম পাইছো যে তেওঁ অসুস্থ আছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সৈতে কথা পাতি গম পাইছো যে তেওঁৰ দেহত কোনো আঘাত নাই৷’’ 

আৰক্ষীৰ মিথ্যাচাৰ! দেৱব্ৰত শইকীয়াই ৰাজহুৱা কৰিলে অনুমতি পত্ৰ

গুৱাহাটীত সংঘটিত এই কাণ্ডত আৰক্ষীৰ ওপৰত লগা দাগ জাৰি-জোকাৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কৰা মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে। আৰক্ষী আয়ুক্তগৰাকীৰ মিথ্যাচাৰ উদঙাই প্ৰতিবাদৰ পূৰ্বে আৰক্ষীক দিয়া পত্ৰখন ৰাজহুৱা কৰে দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ 

আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ মন্তব্যৰ পাছতেই প্ৰতিবাদী কাৰ্য্যসূচীক লৈ আৰক্ষীক দিয়া পত্ৰ ৰাজহুৱা কৰে তেওঁ৷ দেৱব্ৰত শইকীয়াই কয় যে এয়া অসম আৰক্ষীৰ মিথ্যাচাৰৰ প্ৰমাণ। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাত কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হ'ল। তাৰ পাছত আৰক্ষীয়ে কৈছে, কংগ্ৰেছে প্ৰতিবাদ কৰাৰ কথা জনোৱাই নাছিল। কিন্তু এই পত্ৰযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী আয়ুক্তক ল'বলগীয়া কাৰ্যসূচীৰ বিষয়ে পূৰ্বেই অৱগত কৰিছিল। 

দেৱব্ৰত শইকীয়াই লগতে কয় যে ৰাজ্যৰ চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰথম নাগৰিক হিচাপে বিবেচিত অসমৰ ৰাজ্যপালজনক এখন স্মাৰকপত্ৰ দি অৱগত কৰিবলৈ যোৱাত বাধা দিয়াটো গণতান্ত্ৰিক দেশৰ আৰক্ষী বাহিনীৰ বাবে কিমান যুক্তিসংগত সেই প্ৰশ্নও এইসময়ত উত্থাপন কৰা উচিত।

ইফালে, বুধবাৰে আৰক্ষীৰ দমনমূলক নীতিৰ পৰিণতিত মৃদুল ইছলামৰ মৃত্যু ঘটাৰ অভিযোগ তুলি লতাশিল থানাত এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে। তেওঁ এই ঘটনাৰ তদন্ত দাবী কৰি মৃদুল ইছলামক ন্যায়ৰ দাবীৰ জনায়৷ লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে অত্যধিক মাত্রাত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বাবে মৃদুল ইছলামৰ মৃত্যুৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী উত্থাপনৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী জনায়। 

বিপুল গগৈয়ে ঘটনাক গৰিহণা দি কয় যে কন্দুৱা গেছৰ বিষাক্ত পাৰ্শ্বক্ৰিয়াৰ বাবে মৃত্যু ঘটে মৃদুল ইছলামৰ৷ লগতে গগৈয়ে কয় যে অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে এনে কাম কৰিব নালাগিছিল। মানুহৰ মৰণ বিচাৰি কন্দুৱা গেছ দিব নালাগিছিল। প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল বুলি গগৈয়ে দাবী কৰি ন্যায় বিচাৰি ঘটনাৰ উচিত তদন্ত দাবী কৰি এজাহাৰ দাখিল কৰা বুলি কয়৷

হিম্মত হি নেহী জুতা পা ৰহা হু ছাৰ...

আৰক্ষীৰ নিৰ্বিচাৰ কন্দুৱা গেছৰ প্ৰয়োগৰ ফলত মৃত্যুক আকোৱালি কংগ্ৰেছ কৰ্মী মৃদুল ইছলামলৈ শ্ৰদ্ধাঞ্জলি জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধীয়ে। ফেচবুক আৰু এক্সত এক পোষ্টযোগে ৰাহুল গান্ধীয়ে লিখিছে, "বিজেপি শাসিত অসম আৰু উত্তৰ প্ৰদেশত পুনৰ গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰা হৈছে। সমগ্ৰ দেশতে কংগ্ৰেছ দলে বাবাচাহেব আৰু সংবিধানৰ বাবে সত্যাগ্ৰহ কৰি আছে। এই সময়তে অত্যধিক আৰক্ষী বাহিনীৰ বাবে গুৱাহাটীত মৃদুল ইছলাম আৰু লক্ষ্ণৌত প্ৰভাত পাণ্ডে নামৰ কংগ্ৰেছৰ দুগৰাকীকৈ কৰ্মীৰ মৃত্যুৰ ঘটনা অত্যন্ত দুখজনক আৰু নিন্দনীয়। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰিয়ালৰ ন্যায় লাভৰ সম্পূৰ্ণ অধিকাৰ আছে।"

আনহাতে, স্থানীয় বিধায়িকা নন্দিতা দাসৰ মোবাইলযোগে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই মৃদুল ইছলামৰ পত্নীক সমবেদনা জ্ঞাপন কৰে। ফোনৰ সিপাৰৰ পৰা মল্লিকাৰ্জুন খাৰ্গেই 'হিম্মত নেহী হাৰনা’ বুলি কোৱাত মৃদুলৰ পত্নীয়ে থোকাথুকি মাতেৰে 'হিম্মত হি নেহী জুতা পা ৰহা হু ছাৰ’ বুলি কোৱা কথাষাৰিয়ে উপস্থিতসকলৰো চকু সেমেকাই তোলে।

মৃদুলৰ সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব ল’লে কংগ্ৰেছে

দক্ষিণ কামৰূপৰ সোণতলীৰ বাসিন্দা তথা কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলাম পেছাত আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। মৃত্যুৰ সময়ত মৃদুলে পত্নী আৰু দুই সন্তানক এৰি গৈছে। অধিবক্তাৰূপে আইনী সেৱা কৰি লাভ কৰা টকাৰে সংসাৰ চলাই গৈছিল মৃদুলে৷

মৃদুলৰ মৃত্যুৰ পিছতে একপ্ৰকাৰ অসহায় হৈ পৰিছে তেওঁৰ পত্নী আৰু দুই সন্তান। ইয়াৰ মাজতে, মৃদুল ইছলামৰ দুই সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ এটি সূত্ৰই জনোৱা মতে অনাগত দিনত প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামৰ দুই সন্তানৰ শিক্ষা-দীক্ষা, ভৰণ-পোষৰ দায়িত্ব ল’ব৷ যেতিয়ালৈ দুই সন্তান উপাৰ্জনৰ বাবে যোগ্য হৈ নুঠিব তেতিয়ালৈ তেওঁলোকৰ দায়িত্ব ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।

মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক লৈ ৰাজ্যত ৰাজনৈতিক উত্তেজনা বৃদ্ধিৰ পিছতে এই ঘটনাত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে ভূটান ভ্ৰমণৰ সময়ত তেওঁ ছ’চিয়েল মিডিয়া এক্সৰ জৰিয়তে কয় যে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব। তদুপৰি ৰাজভৱনৰ সন্মুখত যিকোনো ধৰণৰ বিক্ষোভ বা প্ৰতিবাদ স্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে।

বুধবাৰে কংগ্ৰেছৰ "ৰাজভৱন চলো" কাৰ্য্যসূচীৰ সময়তে মৃত্যুৰ কোলাত ধৰি পৰিছিল মৃদুল ইছলাম। আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ নিক্ষেপ কৰা কন্দুৱা গেছৰ শ্বেলৰ আঘাতে মৃদুলৰ প্ৰাণ কাঢ়ি নিয়াৰ অভিযোগ আনে কংগ্ৰেছে। এই ঘটনাৰ পিছত অসম আৰক্ষী আৰু প্ৰতিবাদহীন অসম গঢ়িবলৈ অহৰহ প্ৰয়াস কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক লৈও অলেখ প্ৰশ্নৰ সৃষ্টি হয়। 

ঘটনাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত মৃদুল ইছলামৰ মৃত্যুত আৰক্ষীয়ে নিজা উদ্যোগত এফআইআৰ ৰুজু কৰিব বুলি মন্তব॥ কৰে মুখ্যমন্ত্ৰীয়ে। ঘটনাৰ সময়ত কেমেৰাত বন্দী হোৱা ভিডিঅ’  ফুটেজ পৰ্যালোচনা কৰি সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিছে। অৱশ্যে এই সময়তো কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ৰাজভৱনৰ দৰে প্ৰতিষ্ঠান দলীয় ৰাজনীতিৰ উৰ্ধ্বত। কিন্তু কংগ্ৰেছৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভাঙি বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল,  যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।“

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে আৰু ঘোষণা কৰিছে যে ৰাজভৱনৰ সন্মুখত আৰু কোনো ধৰণৰ প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব। নিৰ্দিষ্ট স্থানত প্ৰতিবাদ কৰিব লাগিব।

ইফালে মৃদুল ইছলামৰ মৃত্যুত কেৱল অসমতে নহয় জাতীয় ৰাজনীতিতো এক ধুমুহাৰ সৃষ্টি হৈছে। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈকে সকলোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। কংগ্ৰেছে দাবী কৰিছে যে এই মৃত্যু কেৱল আৰক্ষীৰ অত্যধিক বল প্ৰয়োগৰ ফল নহয়, গণতান্ত্ৰিক আন্দোলনক দমন কৰাৰো এক জঘন্য নিদৰ্শন।

ইফালে, ৰাজনৈতিক উত্তাপৰ মাজতে মুখ্যমন্ত্রীয়ে কৰা তদন্তৰ ঘোষণা মাথো চৰকাৰৰ দায় সৰাৰ চেষ্টা বুলি সমালোচনা কৰে বিৰোধীয়ে। ইয়াৰ বিপৰীতে বিজেপি শিবিৰে কয় যে মুখ্যমন্ত্রীৰ এই পদক্ষেপ ন্যায্য আৰু স্বচ্ছ প্রশাসনৰ প্রমাণ৷ কিন্তু মৃদুল ইছলামৰ মৃত্যুত স্তম্ভিত অসমে এতিয়াও এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে- গণতান্ত্ৰিক প্ৰতিবাদৰ সীমা ক’ত,  আৰু তাৰ মূল্য পৰিশোধ কৰিবলৈ দায়ী কোন?

সম্পন্ন হ’ল মৃদুলৰ জানাজা, ১ কোটি টকাৰ ক্ষতিপূৰণ দাবী অখিল গগৈৰ

বৃহস্পতিবাৰে এক শোকবিহ্বল পৰিৱেশত সোণতলীৰ জন্মগৃহত সম্পন্ন হয় বুধবাৰে প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুওৱা মৃদুল ইছলামৰ শেষকৃত্য। কংগ্ৰেছ নেতাগৰাকীৰ জানাজাৰ পাছত গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বিজেপি চৰকাৰৰ ‘স্বৈৰাচাৰী শাসন’ৰ বিৰুদ্ধে আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ। অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা উপস্থিত থাকে। কংগ্ৰেছৰ অন্যান্য বিধায়ক, দলীয় কৰ্মী আৰু স্থানীয় ৰাইজেও অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত।

ইফালে, মৃদুল ইছলামৰ মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া বৃদ্ধি পাইছে। কংগ্ৰেছৰ সমান্তৰালকৈ আন বিৰোধী দলসমূহেও চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে গণতান্ত্ৰিক প্ৰতিবাদ দমনৰ বাবে ৰাজ্য চৰকাৰে যি কৰিছে সেয়া নিন্দনীয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে ক্ষমা খুজি মৃতকৰ পৰিয়ালক ১ কোটি টকা ক্ষতিপূৰণ প্ৰদান কৰাৰো দাবী জনায় অখিল গগৈয়ে। তাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে নিজেই মৃতকৰ বাসগৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰিবলৈও আহ্বান জনায়।

গগৈয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানকো অনতিপলমে পদত্যাগ কৰিবলৈ দাবী জনায়। তেওঁ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, “ৰাজভৱনৰ দৰে গুৰুত্বপূৰ্ণ স্থানৰ সন্মুখত কংগ্ৰেছৰ দৰে সৰ্ববৃহৎ বিৰোধী দলৰ শান্তিপূৰ্ণ প্ৰতিবাদত এনে আচৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এয়া আচলতে চৰকাৰৰ নিৰাপত্তাহীনতাৰ প্ৰতিফলন।"

মৃদুল ইছলামৰ মৃত্যুক লৈ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত শোক আৰু ক্ষোভৰ সুৰ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। এই ঘটনা ৰাজ্যৰ শাসকীয় দলে জনতাৰ গণতান্ত্ৰিক অধিকাৰ কৰ্তন কৰিবলৈ চেষ্টা কৰাৰ এক লজ্জাজনক উদাহৰণ বুলি অভিহিত কৰিছে বিৰোধী আৰু আন বহুতে।

আৰক্ষীৰ বৰ্বৰতাৰ পৰা সাৰি নগ’ল সাংবাদিকো!

বুধবাৰৰ কংগ্ৰেছৰ প্ৰতিবাদত বাধা দিবলৈ আৰক্ষীয়ে লোৱা হঠকাৰী পদক্ষেপৰ পৰা বাদ নপৰিল সাংবাদিকো। প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰা সংবাদ কৰ্মীও আহত হ’ল আৰক্ষীৰ কন্দুৱা গেছ আক্ৰমণত। ইতিমধ্যে সামাজিক মাধ্যমত হৈ পৰা প্ৰতিবাদথলীৰ এটা ভিডিঅ’ত সাংবাদিকসকল ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে। শান্তিপূৰ্ণ প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ৰাজভৱনৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হোৱাৰ লগতে ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰা হয়। ফলত কংগ্ৰেছ নেতা মৃদুল ইছলাম নিহত হোৱাৰ লগতে কেইবাজনো সাংবাদিক গুৰুতৰভাৱে আহত হয়। ‘প্ৰতিদিন টাইম’ৰ অমৰেন্দ্ৰ ডেকাৰ লগতে এগৰাকী ভিডিঅ’ সাংবাদিককে ধৰি আন কেইবাজনো সাংবাদিক আহত হয়। আহত বহু সংবাদ কৰ্মীয়ে চিকিৎসাও গ্ৰহণ কৰিবলগীয়া পৰে। 

এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে আৰক্ষী আৰু চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। প্ৰেছ ক্লাবৰ বিবৃতিত কোৱা হৈছে যে গুৱাহাটী মহানগৰীৰ ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত কন্দুৱা গেছ ব্যৱহাৰ কৰা ঘটনাটো অতিশয় গৰিহণাৰ যোগ্য। তদুপৰি ৰাজ্যৰ সাংবাদিকসকল নিয়মিতভাৱে এনেধৰণৰ আক্ৰমণৰ বলি হয়। গুৱাহাটী প্ৰেছ ক্লাবে যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায়। একে সময়তে এনে ঘটনাৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বান অনুযায়ী বৃহস্পতিবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষী জনতাৰ সেৱাৰ্থে নে জনতাৰ বিৰুদ্ধে?

কেৱল অসমতে নহয়, সমগ্ৰ ভাৰতত আৰু ভাৰতৰ বাহিৰতো বিগত কিছু সময় ধৰি আৰক্ষীৰ ভূমিকাক লৈ উত্থাপন হৈ আহিছে নানান প্ৰশ্নৰ। ভাৰতত নিজৰ অধিকাৰৰ দাবীৰে ৰাজপথত নমা অন্নদাতা কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা শেহতীয়া সময়ত সমগ্ৰ বিশ্বৰ বাবে মানৱাধিকাৰৰ প্ৰশ্ন হৈ পৰিছিল। কৃষকক বাধা দিবলৈ ৰাজপথত আৰক্ষীয়ে কাঁইটীয়া বেৰ লগোৱা, প্ৰচণ্ড জাৰৰ সময়তো কৃষকৰ ওপৰত জলবোমা নিক্ষেপ কৰাৰ দৰে আৰক্ষীৰ নিৰ্মম কাৰ্যই হতচকিত কৰিছিল প্ৰতিজন হৃদয়বান লোকক। আৰু সাধাৰণ জনতাৰ ওপৰত আৰক্ষীৰ এই আক্ৰমণ চলিছিল বিজেপি শাসনৰ সময়তে।

অসমতো বিজেপিৰে চৰকাৰ আছে। 'কা’ আন্দোলনৰ সময়তো ৰাজ্যত শাসন আছিল বিজেপিৰ। সেই সময়ত 'কা’ বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্মমতাই শিঁহৰিত কৰিছিল প্ৰায় সকলোকে। সেই সময়তে আৰক্ষীৰ গুলীয়ে প্ৰাণ কাঢ়িছিল পাঁচজনকৈ অসমীয়া যুৱকৰ।

এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, বিজেপিয়ে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ বুধবাৰে গুৱাহাটীত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুত আৰক্ষীৰ ভূমিকাৰ পিছতো উত্থাপন হৈছে একেই অভিযোগ। এয়া জনতাৰ গণতান্ত্ৰিক অধিকাৰ আৰু মানৱ অধিকাৰ খৰ্ব কৰা বুলি সমালোচনা কৰা হৈছে।

অভিযোগ অনুসৰি ৰাজভৱনৰ সন্মুখত কংগ্ৰেছৰ "ৰাজভৱন চলো" কাৰ্যসূচী দমন কৰাৰ নামত আৰক্ষীয়ে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰে। যাৰ ফলত মৃদুল ইছলাম গুৰুতৰভাৱে আহত হয় আৰু পিছত মৃত্যু ঘটে। এই ঘটনাক লৈ ৰাজনৈতিক ক্ষেত্ৰখন অশান্ত হৈ পৰিছে, আৰক্ষী নীতিক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে।

উল্লেখ্য যে, ভাৰতীয় সংবিধানৰ ১৯ অনুচ্ছেদত নাগৰিকক শান্তিপূৰ্ণভাৱে সমাৱেশৰ অধিকাৰ প্ৰদান কৰা হৈছে। অৱশ্যে অবৈধ সমাৱেশ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ নিৰ্দিষ্ট নীতি আছে। ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে ২০১৬ চনত প্ৰকাশ কৰা গাইডলাইনত উল্লেখ আছে যে প্ৰথমে জনসাধাৰণক মানসিকভাৱে পতিয়ন নিয়াবলৈ চেষ্টা কৰিব লাগিব। প্ৰয়োজন হ’লে সৰু সৰু বল প্ৰয়োগ কৰিব পাৰি, কিন্তু ই নূন্যতম হ’ব লাগিব আৰু এনেদৰে হ’ব লাগিব যাতে সম্পত্তি আৰু জীৱনৰ বিপদৰ পৰা হাত সাৰিব পাৰে।

কিন্তু বাস্তৱত এই নীতি বাৰে বাৰে উলংঘা কৰি আছে  অসম আৰক্ষীয়ে। ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদলৈকে আৰক্ষীৰ একেধৰণৰ দমনমূলক আচৰণে বাৰে বাৰে সন্মুখলৈ আনিছে ৰক্ষকৰূপী আৰক্ষীৰ ভক্ষকৰ ৰূপ।

২০২০ চনত আমেৰিকাত জৰ্জ ফ্লয়ডক হত্যা কৰাৰ পিছত বিশ্বজুৰি আৰক্ষীৰ মানৱীয় আচৰণৰ উদাহৰণ পোহৰলৈ আহিছিল। যিবোৰ অঞ্চলত আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত পৰিস্থিতিক মমতাৰে চম্ভালিছিল, সেইবোৰ অঞ্চলত হিংসা বহু কম হৈছিল। উদাহৰণস্বৰূপে, ওকলাহোমা চহৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তেওঁলোকৰ সৈতে সংহতি প্ৰকাশ কৰিছিল। ফলস্বৰূপে সেই চহৰত কম আছিল হিংসাৰ প্ৰভাৱ। কিন্তু ইয়াৰ বিপৰীতে অসম আৰক্ষীয়ে অন্য এক পথহে বাছি লোৱা পৰিলক্ষিত হৈ আহিছে। 

পৰিসংখ্যা অনুসৰি ২০১৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ, অবৈধ উচ্ছেদ, মানৱ অধিকাৰ উলংঘাৰ অভিযোগত ১৫০ টাতকৈও অধিক গোচৰ ৰুজু হৈছিল। এই গোচৰসমূহৰ অধিকাংশতে তদন্তত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ আৰক্ষীৰ অমানৱীয় আচৰণ আৰু মৃদুল ইছলামৰ মৃত্যুত কন্দুৱা গেছৰ ব্যৱহাৰৰ বৈধতাক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে।

এনে পৰিপ্ৰেক্ষিততে ৰাজহুৱা সমাৱেশ নিয়ন্ত্ৰণৰ নামত আৰক্ষী শক্তিৰ এনে প্ৰদৰ্শন আধুনিক আৰু স্পৰ্শকাতৰ পুলিচ ব্যৱস্থাৰ নীতিৰ সৈতে অসঙ্গতিপূৰ্ণ বুলি মন্তব্য কৰিছে সচেতন মহলে। যি সময়ত সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে দয়ালু আৰু মানৱীয় হ’বলৈ শিকিছে, সেই সময়তে অসম আৰক্ষীৰ এই কাৰ্যই জনমানসত বিশ্বাসৰ অভাৱৰ সৃষ্টি কৰিছে। অসম চৰকাৰে হয়তো এতিয়া পাহৰি পেলাইছে যে পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী বাহিনী নহয়, সংবেদনশীল আচৰণ আৰু আইনৰ সঠিক প্ৰয়োগৰহে প্ৰয়োজন।