বা-বাতৰিৰ বাবে এতিয়া আৰু মানুহে বাতৰি কাকত আৰু টিভিৰ ওপৰত কমেইহে নিৰ্ভৰ কৰে। সমগ্ৰ বিশ্বৰে অধিকাংশ লোকৰ বাবে এতিয়া ফেচবুকেই হৈছে খবৰ লাভৰ প্ৰধান মাধ্যম।

সম্প্ৰতি ভাৰতৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ ৭৬খন দেশে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে। এই পৰ্যন্ত বিশ্বত কৰ’না ভাইৰাছ 'কোবিড-১৯’ত অতি কমেও ৯৩হাজাৰ লোক আক্ৰান্ত হোৱাতো নিশ্চিত কৰা হৈছে আৰু ইয়াৰে ২৯৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এনে পৰিপ্ৰেক্ষিতত বিশ্ববাসীৰ খবৰ লাভৰ অন্যতম মাধ্যম হিচাপে পৰিগণিত হৈ পৰা ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ সমুখতো আহি পৰিছে প্ৰত্যাহ্বান। বিশেষকৈ সত্য আৰু প্ৰকৃত খবৰ দিবৰ বাবে পূৰ্বতকৈও অধিক কষ্ট আৰু গুৰুত্ব প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিছে ফেচবুক।

প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে সদৰী কৰা মতে ইয়াৰ বাবে ফেচবুকে স্বাস্থ্য বিশেষজ্ঞসকলৰ সৈতে দিনে-নিশাই কাম কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ জনাইছে, 'আমি সকলোৱে কৰ’নাক লৈ শুদ্ধ আৰু প্ৰকৃত তথ্য লাভ কৰাতো নিশ্চিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।’

জুকাৰবাৰ্গে জনাইছে যে যেতিয়াই ফেচবুকত কোনো ইউজাৰে কৰ’না ভাইৰাছ শব্দটো ছাৰ্চ কৰে তেতিয়াই ইউজাৰগৰাকীয়ে এটা মেছেজ লাভ কৰে। সেই মেছেজটোত ক্লিক কৰিলেই উক্ত মেছেজটোৱে ইউজাৰজনক অধিক তথ্য জনাবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা অথবা স্থানীয় স্বাস্থ্য বিভাগৰ ৱেবছাইটলৈ লৈ যায়।

ইয়াৰ লগতে কৰ’না ভাইৰাছ সম্পৰ্কে বিশ্ববাসীক সতৰ্ক কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা বিজ্ঞাপনসমূহ বিনামূলীয়াকৈ প্ৰকাশৰো ব্যৱস্থা কৰিছে ফেচবুকে। বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে কৰ’না ভাইৰাছ নিৰ্মূল কৰিবলৈ চেষ্টা অব্যাহত ৰখা আন কেবাটাও সংস্থাৰ বিজ্ঞাপনো বিনামূলীয়াকৈ প্ৰকাশ কৰিবলৈ দিছে মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে।

জুকৰাবাৰ্গে আৰু কয় যে ছ’চিয়েল মিডিয়াত কৰ’না ভাইৰাছ সম্পৰ্কে একাংশ লোকে পোষ্ট কৰি অহা ভুল আৰু বিভ্ৰান্তিকৰ তথ্য সমূহ নাইকিয়া কৰিবলৈকো চেষ্টা চলাই আছে ফেচবুকে। 'সকলোৱে নিজৰ নিজৰ অনুভৱ ছ’চিয়েল মিডিয়াত ব্যক্ত কৰাৰ অধিকাৰ আছে। কিন্তু ভুল তথ্য আৰু উৰাবাতৰিসমূহ আতৰাই থকা হৈছে। লগতে যিবোৰ কোম্পানীয়ে এই দুৰ্যোগৰ সুযোগ লৈ মুনাফা লাভৰ বাবে উঠি-পৰি লাগিছে সেই কোম্পানীবোৰকো ব্লেকলিষ্টেড কৰি থকাৰ কাম চলি আছে। বিশেষকৈ কৰ’না ভাইৰাছ সম্পূৰ্ণকৈ নিৰাময়ৰ দাবীৰে সামগ্ৰী তথা ঔষধ আদি বিক্ৰী কৰা কোম্পানীবোৰক চিনাক্ত কৰি লগে লগে ব্লক কৰা হৈছে।’-নিউয়ৰ্ক টাইমছ আৰু বিবিচিৰ সাংবাদিকৰ আগত এইদৰে কয় ছ’চিয়েল মিডিয়াৰ একছত্ৰী সম্ৰাটগৰাকীয়ে।

আনহাতে ফেচবুক গ্ৰুপ তথা একাংশ প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পেজৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ যো-জা চলোৱাৰ কথাও সদৰী কৰিছে জুকাৰবাৰ্গে। তেওঁ কয় যে ফেচবুক গ্ৰুপসমূহৰ পৰা কৰ’না ভাইৰাছক লৈ প্ৰচাৰ হোৱা উৰাবাতৰি দূৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিছে। 'ষ্টপ ৫জি ইউ কে নামৰ এটা গ্ৰুপত বহুতে কৰ’না ভাইৰাছক লৈ উৰাবাতৰি বিয়পাই থকা দেখা গৈছে। এটা পোষ্টত কোনোৱে লিখিছে যে ব্ৰেগজিটৰ পৰা দৃষ্টি আতৰ কৰিবলৈ একাংশ লোকে কৰ’না ভাইৰাছক লৈ উৰাবাতৰি বিয়পাই আছে। গ্ৰুপটোত এজন ইউজাৰে ইউটিউবৰ ভিডিঅৰ লিংক পোষ্ট কৰি কৰ’না ভাইৰাছকৈ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিছে। সেয়ে ফেচবুকে ইয়াৰ বিৰুদ্ধে যুঁজখন আগুৱাই নিবলৈ আন প্লেটফৰ্মবোৰৰ সৈতেও নিৰ্ভৰ কৰি কাম আগুৱাই নি আছে।’-জুকাৰবাৰ্গৰ মন্তব্য।

এনে ভিডিঅ’ৰ প্ৰচাৰ ৰোধ কৰিবলৈ ইউটিউবৰ সৈতে ফেচবুকৰ সঘন যোগাযোগ অব্যাহত আছে বুলিও জনাই জুকাৰবাৰ্গে। 'কিছুদিন পূৰ্বে মই নিজেই এটা ভুল তথ্য সম্বলিত ভিডিঅ’ৰ কথা ইউটিউব কৰ্তৃপক্ষক জনাইছো। এই ভিডিঅ’টোত এজন লোকে কৰ’না ভাইৰাছ নিৰ্মূল কৰিব বুলি দাবী কৰি ৰাছিয়ান পেনড্ৰাইভ বিক্ৰীৰ অপচেষ্টা চলোৱা দেখা গৈছে। পিছত ভিডিঅ’টোৱে ইউটিউবৰ নিয়ম উলংঘা কৰিছে বুলি অৱগত হৈ সেয়া ব্লক কৰি দিয়ে।’-ইউটিউবৰ সৈতে কিদৰে সমিলমিলেৰ কৰ’না ভাইৰাছক লৈ একাংশ লোকে বিয়পোৱা অপপ্ৰচাৰ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে সেই সম্পৰ্কে উল্লেখ কৰি এইদৰে কয় ফেচবুকৰ হৰ্তা-কৰ্তা-বিধাতাগৰাকীয়ে।

ফেচমাক্সৰ বিৰুদ্ধে ফেচবুক

ফেচবুকত বিগত কিছুদিন ধৰি দেখা গৈছে কেবাটাও ফেচমাক্সৰ বিজ্ঞাপন। কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে দেখা দিয়া আতংকক মূলধন হিচাপে লৈ এতিয়া ধন ঘটাৰ প্ৰতিযোগিতাত নামি পৰিছে একাংশ কোম্পানী। ইয়াৰ বাবে উক্ত কোম্পানীসমূহে বাছি লৈছে ফেচমাক্সক। এই ফেচমাক্সক লৈ ফেচবুকত কোম্পানীসমূহে এৰি দিছে একাধিক মিছা আৰু অকল্পনীয় তথ্য।

জুকাৰবাৰ্গে জনোৱা মতে কৰ’না ভাইৰাছক বাধা দিব পাৰে বুলি দাবী কৰি কোম্পানীসমূহে সাধাৰণ ফেচমাক্সকে বিক্ৰী কৰিছে কেবাগুণ বেছি দৰত। 'এটা কোম্পানীয়ে ফেচমাক্সৰ দাম নিৰ্ধাৰণ কৰিছে ২৯.৯৫ ডলাৰ। তেওঁলোকে দাবী কৰিছে যে এই ফেচমাক্সে কৰ’না ভাইৰাছ অতি সহজে ৰোধ কৰিব পাৰে কিয়নো তাত সংলগ্ন হৈ আছে আধুনিক কাৰ্বন ফিল্টাৰ। আন কেবাটাও বিজ্ঞাপনত তেনেধৰণৰ একাধিক দাবীৰে ৬৫-১০০ ডলাৰ পৰ্যন্ত ফেচমাক্স বিক্ৰী কৰা হৈছে।’-এনেধৰণৰ কোম্পানীসমূহৰ বিজ্ঞাপন বন্ধ কৰি শীঘ্ৰেই ব্লেকলিষ্টেড কৰাৰ কথা উল্লেখ কৰি জানিবলৈ দিছে জুকাৰবাৰ্গে।

ফেচবুকৰ প্ৰতিষ্ঠাপকগৰাকীয়ে আৰু কয় যে ইউজাৰৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাই অহা বাবেই একাংশ লোকে ইয়াৰে সুযোগ গ্ৰহণ কৰি উৰাবাতৰি বিয়পাই আহিছে। অৱশ্যে এইক্ষেত্ৰত কেবাটাও গ্ৰুপৰ এডমিন আৰু মডাৰেটৰসকলে উৰাবাতৰিৰ বিৰুদ্ধে যুঁজ দি অহাৰ কথাও সদৰী কৰে জুকাৰবাৰ্গে। তেওঁ কয়, 'কেবাটাও গ্ৰুপ কেৱল মিছা আৰু উৰাবাতৰি বিয়পোৱাৰ বাবেই সৃষ্টি কৰা হৈছে। এয়া আমাৰ দৃষ্টিগোচৰ হৈছে। তেনে গ্ৰুপ আৰু পেজবোৰলৈ আমি মেছেজ প্ৰেৰণ কৰিছো। যিকোনো মুহূৰ্ততে সেইবোৰ বন্ধ কৰি দিয়াৰ কথাও আমি চিন্তা কৰি আছে।’

তেওঁ আৰু কয় যে দিনে দিনে প্ৰতিজন লোকৰে ছ’চিয়েল মিডিয়াৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ পৰিছে। তৃতীয় ব্যক্তিয়ে ব্যক্তিগত তথ্য হাইজেক কৰাৰ আশংকাতে এনে হৈছে বুলিও উল্লেখ কৰে ফেচবুকৰ প্ৰতিষ্ঠাপকগৰাকীয়ে। 'সকলোৱে গোপনীয়তা বৰ্তাই ৰাখিব বিচাৰে। ভৱিষ্যতে সকলোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই ভৰসাৰে নিজৰ তথ্য ভাগ-বতৰা তথা ভাৱৰ আদান-প্ৰদান কৰিবলৈ আগ্ৰহী যে কোনো তৃতীয় ব্যক্তিয়ে সেয়া যাতে কোনোপধ্যেই জানিব নোৱাৰে। ইয়াৰ বাবে সকলোতে হোৱাটছএপৰ দৰে এণ্ড টু এণ্ড এনক্ৰিপশ্যন ব্যৱস্থা কৰাতো প্ৰয়োজনীয়। আৰম্ভণিৰে পৰা আমি এণ্ড টু এণ্ড এনক্ৰিপশ্যন আৰু ইউজাৰৰ গোপনীয়তাক অগ্ৰাধিকাৰ দি আহিছো। কিন্তু ইয়াৰে সুযোগ লৈ একাংশ লোকে উৰাবাতৰি বিয়পোৱাৰ বিৰুদ্ধে কষ্টকৰ হ’লেও আমি যুঁজ চলাই নিছো আৰু চলাই যাম।’-জুকাৰবাৰ্গৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।