‘গোৱা ভাৰতৰ ধুনীয়া মুখত এটা শালমইনা (পিম্পল)ৰ দৰে।’- এসময়ত গোৱাক লৈ এই মন্তব্য কৰিছিল বিদেশৰ মাটিৰ পৰা ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া কৃষ্ণ মেননৰ দৰে নেতাই। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আগত প্ৰায়ে তেওঁ গোৱা সন্দৰ্ভত এইদৰে মন্তব্য কৰিছিল।
পিছে গোৱাক লৈ নেহৰুৰ আছিল এক অন্য দৃষ্টিভংগী। পশ্চিমীয়া দেশক তেওঁ প্ৰতিশ্ৰুতি দিছিল- কেতিয়াও বলপূৰ্বকভাৱে গোৱাক ভাৰতৰ সৈতে চামিল কৰাৰ প্ৰয়াস নকৰে। নেহৰুৰ বিপৰীতে কৃষ্ণ মেনন আছিল সম্পূৰ্ণ পৃথক। তেওঁ যিকোনো প্ৰকাৰে গোৱাক ভাৰতৰ সৈতে অন্তৰ্ভূক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নেহৰুক জোৰ দিছিল। গোৱা তেতিয়া পৰ্তুগীজৰ দখলত।