ফেক্ট চেকিংঃ মণিপুৰত যোৱা ৪ মে’ত দুগৰাকী কুকি মহিলাৰ ওপৰত চলা বৰ্বৰ নিৰ্যাতনৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে বিভিন্ন খবৰ। ইয়াৰ মাজতে, দেশৰ একাধিক ফেচবুক-টুইটাৰ ইউজাৰৰ লগতে অসমৰো ভিন্নজনে এখন বিশেষ ছবি শ্বেয়াৰ কৰা দেখা গৈছে। ভাইৰেল হৈ পৰা ফটোখনত আছে আৰএছএছৰ পৰিচিত পোছাক পৰিহিত দুজন লোক। ইয়াৰে এজন প্ৰাপ্তবয়স্ক আৰু আনগৰাকী কৈশোৰ অৱস্থাৰ। এই লোক দুজনক ৪ মে’ৰ ঘৃণনীয় অপৰাধৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে।
সাধাৰণ ইউজাৰ বাদেই, চিপিআই(এম)ৰ পলিটব্যুৰ’ মেম্বাৰ তথা প্ৰাক্তন সাংসদ সুভাষিনী আলীয়েও ফটোখন টুইট কৰি লিখিছে, ‘এই দুজনেই হৈছে মণিপুৰ কাণ্ডৰ অভিযুক্ত। কাপোৰ চায়েই তেঁওলোকক চিনাক্ত কৰক।’ উক্ত ফটোখনৰ সৈতে ঘটনাটোৰ সম্পৰ্ক বুজাবলৈ ভাইৰেল ভিডিঅ’টোৰ দুখন স্ক্ৰীণশ্বটো সংলগ্ন কৰা দেখা গৈছে।