দিছপুৰঃ অসমত কিমান লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে? ইণ্টাৰনেটৰ এই যুগত বহুতৰে মনত উদয় হৈ আহিছে এই প্ৰশ্নৰ। ইণ্টাৰনেট ব্যৱহাৰৰ লগতে ফেচবুক, হোৱাটছএপ আদি কিমান লোকে ব্যৱহাৰ কৰে সেয়াও জানিবলৈ আগ্ৰহী অধিকাংশ লোক। অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যক লৈ ভিন্ন জনে ভিন্ন মত পোষণ কৰি আহিছিল যদিও এইবাৰৰ বাজেটে এক নিৰ্দিষ্ট সংখ্যা ৰাইজৰ আগত তুলি ধৰিছে।
শুকুৰবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ২০২০-২১ বৰ্ষৰ বাজেটত পথ পৰিবহণৰ কথা ক’বলৈ গৈ অসমত মোবাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা কিমান সেয়া উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত দাবী কৰে যে পথ যোগাযোগৰ সমানে সমানে অসমত মোবাইল নেটৱৰ্কৰো ব্যাপক উন্নতি সাধন হৈছে।
'পথ যোগাযোগৰ সমানে সমানে অসমত মোবাইল নেটৱৰ্কৰো পৰিৱৰ্তন ঘটিছে। মহোদয়. ২০১৫ চনৰ ১.৭ কোটি গ্ৰাহকৰ বিপৰীতে ২০১৯ চনত সেই সংখ্যাই ২.৩ কোটি চুইছে। এই পৰিঘটনাই অসমত ফোন ঘনত্ব ২০১৫ চনৰ ৫৩.৯৫ শতাংশৰ পৰা ২০১৯ চনত ৬৮.৮১ শতাংশলৈ বৃদ্ধি কৰিছে।’-বাজেট ভাষণত এইদৰে সদৰী কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা কিমান?
আজিৰ বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা মতে অসমৰ মুঠ জনসংখ্যা (আনুমানিক ৩.৫ কোটি)ৰ প্ৰায় ৭০ শতাংশতকৈয়ো অধিক লোকে মোবাইল ফোন ব্যৱহাৰ কৰে। ২০১৫ চনৰ ১.৭ কোটিৰ পৰা বৃদ্ধি হৈ ২০১৯ ত মোবাইল নেটৱৰ্ক ব্যৱহাৰ কৰা গ্ৰাহকৰ সংখ্যা ২.৩ কোটি হোৱা বুলি বাজেটযোগে জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে।
মোবাইল নেটৱৰ্ক ব্যৱহাৰ কৰা ২.৩ কোটি লোকৰ ১.১৫ কোটি লোকেই ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কথাও সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে। ইণ্টাৰনেট যোগাযোগৰ সাফল্যৰ কাহিনীৰ বিষয়ে সকলোৱে জ্ঞাত বুলি উল্লেখ কৰি বাজেট ভাষণত তেওঁ কয়, '২০১৫ চনত অসমত ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা আছিল ৫৪ লাখ আৰু আজি অসমত সেই গ্ৰাহকৰ সংখ্যা হৈছেগৈ ১.১৫ কোটি।’
অৰ্থাৎ এইবাৰৰ বাজেট ভাষণৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে অসমৰ প্ৰায় ৪০-৪৫ শতাংশ লোকেই ইণ্টাৰনেট ব্যৱহাৰ কৰে।
অসমত কিমানে ব্যৱহাৰ কৰে ফেচবুক-হোৱাটছএপ?
বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দ্ৰুত গতিত জনপ্ৰিয়তা লাভ কৰিছে ফেচবুক আৰু হোৱাটছএপে। কিন্তু অসমৰ কিমান লোকে ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰ কৰে সেই সম্পৰ্কে কোনো সুস্পষ্ট তথ্য পাবলৈ নাই। সেয়া হ’লেও আজিৰ বাজেট ভাষণৰ পৰা এই সন্দৰ্ভত এটি থুলমূল ধাৰণ কৰিব পৰা যায়।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট ভাষণত উল্লেখ কৰা মতে অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। বাজেটৰ তথ্যত ২০১৯ চনৰ হিচাপ অনুযায়ী অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ১.১৫ কোটি। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ হ’লে যিহেতু স্মাৰ্টফোন বা লেপটপ-কম্পিউটাৰ অপৰিহাৰ্য সেয়ে এইসকল লোক ইয়াৰ গৰাকী বুলি সহজতে ধাৰণা কৰিব পাৰি।
আনহাতে জিঅ’ৰ আগমনৰ পিছতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ সংৰহ সংখ্যাকেই ব্ৰডবেণ্ড সেৱাৰ পৰিৱৰ্তে ৪জি ইণ্টাৰনেটহে ব্যৱহাৰ কৰে। অৰ্থাৎ ইণ্টাৰনেট ব্যৱহাৰকাৰী ১.১৫ কোটি লোকৰ প্ৰায় প্ৰতিজনৰে হাতত স্মাৰ্টফোন থকা বুলিলেও নিশ্চয় ভুলকৈ কোৱা নহয়। যিহেতু স্মাৰ্ট ফোন থাকিলে ফেচবুক আৰু হোৱাটছএপ থাকিবই তালৈ চাই অসমত ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ১ কোটিৰ ওচৰা-ওচৰি বুলি অনুমান কৰিব পাৰি।
অসমীয়া ভাষাক ডিজিটেল সক্ষমতা প্ৰদানত গুৰুত্ব
২০২০-২১ বৰ্ষৰ বাজেটত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া ভাষাৰ ডিজিটেলাইজেশ্যনতো গুৰুত্ব আৰোপ কৰিছে। বাজেট ভাষণত অসমীয়া ভাষাক ডিজিটেল সক্ষমতা প্ৰদানৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে ৰাজ্য চৰকাৰ দায়ৱদ্ধ বুলি সদৰী কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
এই অনুযায়ী এইবাৰৰ বাজেটত অসমীয়া ভাষাত বিশ্বমানৰ এক অপেন ছ’ৰ্চ অপাৰেটিং ছিষ্টেম সৃষ্টি কৰাৰ লগতে গুগলকে আদি কৰি আগশাৰীৰ ছাৰ্চ ইঞ্জিনসমূহে চিনাক্ত কৰিব পৰাকৈ অসমীয়া ভাষাৰ ভইচ এছিষ্টেণ্ট বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। অসমীয়া ভাষাক প্ৰগ্ৰেমিং লেংগুৱেজ আৰু ডেটাবেছৰ সৈতে খাপ খোৱা কৰি তুলিবলৈকো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বাজেটৰ জৰিয়তে আশ্বাস প্ৰদান কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
ইয়াৰ বাবে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী উভয় ধৰণৰ লক্ষ্য অন্তৰ্ভুক্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে সেয়া সম্ভৱ কৰি তুলিবলৈ প্ৰয়োজন হোৱা গৱেষণা আৰু আনুষংসিক কাম-কাজৰ বাবে বাজেটত কিমান ধন ধাৰ্য কৰা হৈছে সেয়া নিৰ্দিষ্টকৈ উল্লেখ কৰা হোৱা নাই।