কোনো এটা কোঠা বাহিৰৰ পৰা বন্ধ কৰি ভিতৰত আপোনাক ১০ মিনিট সময় থাকিবলৈ দিলে আপোনাৰ কেনে অনুভৱ হ’ব? কিন্তু তেওঁলোক কেৱল দহ মিনিট নহয়, সম্পূৰ্ণ ৪০৭ ঘণ্টা অৰ্থাৎ ১৭ দিন এটা বন্ধ সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। প্ৰতিটো মুহূৰ্তত অলেখ চিন্তাই তেওঁলোকৰ মগজুত খুন্দা মাৰিছিল, বুকত ভয় আছিল, মাজে মাজে উদ্বিগ্ন হৈ পৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো তেওঁলোকে আশাৰ কিৰণ এটা দেখিছিল। বন্ধ সুৰংগৰ পৰা ওলাই আহিবলৈ মন-মগজুক সাহসী কৰি তুলিছিল আৰু তেওঁলোকৰ দৃঢ় বিশ্বাস আছিল যে এদিন নহয় এদিন বাহিৰত তেওঁলোকৰ বাবে অহৰহ কাম কৰি থকা লোকসকলে তেওঁলোকক উলিয়াই আনিবলৈ সক্ষম হ’ব।
অৱশেষত তেওঁলোকৰ সেই বিশ্বাস সাৰ্থক হ’ল। সময় লাগিল, কিন্তু তত্সত্বেও ১৭ দিনীয়া বন্দীত্বৰ জীৱনৰ অন্ত পেলাই পুনৰ এবাৰ মুকলি আকাশখন দেখাৰ সুযোগ পালে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকে। এমুঠি পেটৰ ভাতৰ বাবে কাম কৰিবলৈ গৈ সুৰংগ খহি ভিতৰতে আৱদ্ধ হৈ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ ৪১ গৰাকী শ্ৰমিকৰ সফল উদ্ধাৰ সম্ভৱ হ’ল মঙলবাৰে সন্ধিয়া। এই উদ্ধাৰৰ পিছতে এতিয়া শ্ৰমিকসকলৰ ঘৰে ঘৰে উদযাপন হৈছে আবতৰীয়া দিপাৱলী। উদ্ধাৰ অভিযানত নিয়োজিত বিশেষজ্ঞসকলেও এয়া এক অলৌকিক সাফল্য বুলি অভিহিত কৰিছে।