দেশৰ আগশাৰীৰ সংবাদ সংস্থা ইণ্ডিয়া টুডে গ্ৰুপে আগবঢ়োৱা ‘আজটক সাহিত্য জাগৃতি উদ্যমন প্ৰতিভা সন্মান’ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আদিবাসী কবি তথা সাংবাদিক জেচিন্তা কেৰকেট্টাই। হিন্দী কবিতা সংকলন ‘ঈশ্বৰ ঔৰ বাজাৰ’ৰ বাবে আদিবাসী মহিলা কবিগৰাকীলৈ ইণ্ডিয়া টুডে গ্ৰুপে আগবঢ়াইছিল এই সন্মান। ‘Newslaundry’ত প্ৰকাশিত বাতৰি অনুযায়ী আদিবাসী লোকসকলৰ সমস্যা সম্পৰ্কে মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ প্ৰতিবাদস্বৰূপে উক্ত সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে কবিগৰাকীয়ে।
উল্লেখ্য যে, ২০২২ চনত ৰাজকমল প্ৰকাশনে প্ৰকাশ কৰিছিল আদিবাসী কবি তথা সাংবাদিক জেচিন্তা কেৰকেট্টাৰ এই কাব্য সংকলনখন। ভাৰতৰ খিলঞ্জীয়া জনজাতীয় লোকসকলে যুগ যুগ ধৰি সন্মুখীন হৈ অহা সভ্যতামূলক প্ৰত্যাহ্বান আৰু ক্ষমতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিটো খোজতে কৰিবলগীয়া হোৱা সংগ্ৰামৰ এখন নিৰ্মম অথচ বাস্তৱ ছবি শব্দৰ জৰিয়তে এই কাব্য সংকলনখনৰ মাধ্যমেৰে দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল জেচিন্তা কেৰকেট্টাই।