ডিজিটেল ডেস্কঃ এক নতুন সম্পৰ্কৰ মাজলৈ আহি আছে অভিনেতা হৃত্বিক ৰোচন আৰু টাইগাৰ শ্ৰফ। কিন্তু কোনো ব্যক্তিগত সম্বন্ধৰ আওতালৈ নহয়, আহিবলগীয়া এখন নতুন বোলছবিৰ চৰিত্ৰৰ বাবে হে যুটি বান্ধিছে নৃত্যত পাকৈত দুই অভিনেতাই।
নাম স্থিৰ নহোৱা বোলছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। যদিও দুজন অভিনেতা একেলগে মূখ্য চৰিত্ৰত অভিনয় কৰিব কিন্তু অভিনেত্ৰী থাকিব মাথো এগৰাকীহে। ‘শুধ দেশী ৰোমান্স’ আৰু বেফিক্ৰে’ত সবল অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী বাণী কাপুৰে হৃত্বিক-টাইগাৰৰ বিপৰীতে ছবিখনত অভিনয় কৰাৰ কথা আছে৷