গুৱাহাটীঃ অৱশেষত ছাত্ৰ-ছাত্ৰীৰ সকলৰ ৬৯ দিনীয়া উৎকন্ঠাৰ অন্তত পুৰ্বতকৈ ১০ দিনৰ পূৰ্বে ছেবাই বুধবাৰে ঘোষণা কৰিলে ছাত্ৰ-ছাত্ৰী স্কুলীয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ মেট্ৰিকৰ ফলাফল। পুৱা ৯ বজাত ছেবাৰ ১৩ টাকৈ ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ ফলাফলৰ শীৰ্ষত থাকিল বানবিধ্বস্ত ধেমাজি জিলা। এইবাৰ জিলাখনত মুঠ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১২,৬৫০ গৰাকীৰ পৰীক্ষাৰ্থী। তাৰে উত্তীৰ্ণ হয় ১০,৫৩৫ গৰাকীৰ ছাত্ৰ-ছাত্ৰী। প্ৰথম বিভাগ লাভ কৰে ১৭৮২ গৰাকী, দ্বিতীয় বিভাগ লাভ কৰে ৪,০৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭১৪ গৰাকীৰ পৰীক্ষাৰ্থী।
