গুৱাহাটীঃ অৱশেষত ছাত্ৰ-ছাত্ৰীৰ সকলৰ ৬৯ দিনীয়া উৎকন্ঠাৰ অন্তত পুৰ্বতকৈ ১০ দিনৰ পূৰ্বে ছেবাই বুধবাৰে ঘোষণা কৰিলে ছাত্ৰ-ছাত্ৰী স্কুলীয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ মেট্ৰিকৰ ফলাফল। পুৱা ৯ বজাত ছেবাৰ ১৩ টাকৈ ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ ফলাফলৰ শীৰ্ষত থাকিল বানবিধ্বস্ত ধেমাজি জিলা। এইবাৰ জিলাখনত মুঠ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১২,৬৫০ গৰাকীৰ পৰীক্ষাৰ্থী। তাৰে উত্তীৰ্ণ হয় ১০,৫৩৫ গৰাকীৰ ছাত্ৰ-ছাত্ৰী। প্ৰথম বিভাগ লাভ কৰে ১৭৮২ গৰাকী, দ্বিতীয় বিভাগ লাভ কৰে ৪,০৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭১৪ গৰাকীৰ পৰীক্ষাৰ্থী।

ইয়াৰ পাছতে উত্তীৰ্ণৰ দ্বিতীয় শীৰ্ষ স্থানত জিলিকি উঠে ঐতিহাসিক প্ৰসিদ্ধ শিৱসাগৰ জিলা। জিলাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১২,৬১৬ গৰাকীৰ পৰীক্ষাৰ্থী। তাৰে উত্তীৰ্ণ হয় ৮,৮৫৬ গৰাকী। তাৰে প্ৰথম বিভাগ লাভ কৰে ২৭৫৮ গৰাকী, দ্বিতীয় বিভাগত লাভ কৰে ৩১১১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৯৭৮ গৰাকী পৰীক্ষাৰ্থী। উল্লেখ্য যে, এইবাৰ জিলাখনত মুঠ উত্তীৰ্ণ হাৰ ৭০.২০ শতাংশ।

শিৱসাগৰৰ পাছতে ৭০.০৮ শতাংশ উত্তীৰ্ণ হৈ তৃতীয় স্থান লাভ কৰে নলবাৰী জিলাই। জিলাখনত এইবাৰ মুঠ ১০,১৩৫ গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে মুঠ ৭১০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হয়। প্ৰথম বিভাগ লাভ কৰে ২০৪৫ গৰাকী, দ্বিতীয় বিভাগ লাভ কৰে ২৫৪৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৫০৯ গৰাকী পৰীক্ষাৰ্থী।

আনহাতে, ইয়াৰ বিপৰীতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৯.০১ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে হাইলাকান্দি জিলাই।