দলংঘাটঃ ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সাজু হৈ উঠিছে৷ বছৰেকীয়া উৎকণ্ঠাৰ অন্ত পেলাই নিজকে পৰীক্ষাৰ বাবে সাজু কৰি এতিয়া মাথো পৰীক্ষাৰ দিনটোৰ বাবে বাট চাই ৰৈছে৷ তাৰ মাজতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক উৎসাহিত কৰাৰ লক্ষ্যৰে দৰং জিলাৰ লোজোৰা কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত এখন শৈক্ষিক সভা অনুষ্ঠিত হয়৷
বৰ আঠিয়াবাৰী সৰু জলজলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনিৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, লেঙ্গেৰীয়াঝাৰ কৃষক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰুৱা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক সুশিল সুত্রধাৰ, দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়া, বিজেপিৰ পশ্চিম মংগলদৈ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিতুপন ডেকা, কেন্দ্ৰীয় উদ্যোগীক সুৰক্ষা বাহিনীৰ সুৰক্ষা কৰ্মী লাৱণ্য ডেকা উপস্থিত থাকে।