পাৰ্থঃ যদি আপুনি ইমান দিনে ভাবি আছিল যে বিশ্বৰ ভিতৰতে পাইলটৰ কাম অতি আকৰ্ষণীয়, তেন্তে এই ঘটনাই হয়তো আপোনাৰ মন সলনি কৰি দিব পাৰে! অষ্ট্ৰেলিয়াৰ এডেলিডত এজন পাইলটে আকশতে লিখি উলিয়ালে এটা বাক্য, I'm bored৷ এই বাতৰি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷

এডেলিডৰ ফ্লাইট ট্ৰেইনিং নামৰ প্ৰতিষ্ঠানটোৱে যোৱা মঙলবাৰে দক্ষিণ অষ্ট্ৰেলিয়াৰ আকাশত এখন ডাইমণ্ড ষ্টাৰ বিমানৰ তিনি ঘণ্টাৰ উৰণৰ ব্যৱস্থা কৰিছিল৷ 

এই উৰণতে অজ্ঞাত পাইলটজনে বিশাল আকাশক কেনভাছ হিচাপে লৈ তাত আঁকি দিলে আক্ষৰিক গ্ৰাফিটি৷ বিমানৰ যাত্ৰা পথে সৃষ্টি কৰিলে এটা বাক্যৰ৷ অৱশ্যে বাক্যটো বৰএটা উৎসাহজনক নহয়— I'm bored, মই আমনি পাইছোঁ৷

শব্দ সৃষ্টিৰ লগতে পাইলটজনে দুটা যৌনগন্ধী চিত্ৰও আঁকে৷

অৱশ্যে এই শিল্পকৰ্ম মাটিৰপৰা লক্ষ্য কৰিব পৰা হোৱা নাছিল, ৱেবছাইট আৰু লাইভ ফ্লাইট ট্ৰেকিং প্ৰগ্ৰেম চাই থকাসকলৰ চকুতহে ধৰা পৰিছিল৷