ৰাজ্যত মাথোঁ কেইগৰাকীমানহে অসমীয়া আইএএছ আৰু আই পি এছ বিষয়া আছে৷ ক’বলৈ গ’লে অসমৰ আই এ এছ আৰু আই পি এছৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ কিন্তু যি কেইগৰাকী আছে, তেওঁলোকক লৈ গৌৰৱাম্বিত সমগ্ৰ অসম। অসম-মেঘালয় কেডাৰৰ আইএএছ আৰু আইপিএছসকলৰ ভিতৰত যিকেইগৰাকী অসমত কৰ্মৰত, তেওঁলোকক অনুসৰণ কৰে নতুন প্ৰজন্মই। সৰ্বভাৰতীয় পৰ্যায়ৰ আটাইতকৈ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ দেশ তথা ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত সেৱা আগবঢ়োৱাৰ সপোন মুষ্টিমেয় কেইগৰাকীমানৰহে সাকাৰ হয়। 

যি কেইগৰাকী অসমীয়াই ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাটোত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিছে, তেওঁলোকৰ মাজৰে এগৰাকী হৈছে ২০০৯ চনৰ অসম-মেঘালয় কেডাৰৰ মহিলা আই এ এছ বিষয়া বৰ্ণালী ডেকা৷ বৰ্তমান নলবাৰী জিলাৰ জিলা আয়ুক্ত হিচাপে কৰ্মৰত বৰ্ণালী ডেকা৷ তাৰ পূৰ্বে অসম সচিবালয়ত আৰু কেইবাখনো জিলাত উপায়ুক্ত হিচাপে কাম কৰিছে বৰ্ণালী ডেকাই৷ অসমৰ খবৰৰ ভূ-ৰখা মহলৰ বাবে এটা চৰ্চিত নাম বৰ্ণালী ডেকা। য’ত য’ত প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, তাতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এইগৰাকী আইএএছ বিষয়া। 

কেতিয়াবা যদি কাৰ্যালয়ৰ কৰ্মচাৰীক কঠোৰ ব্যৱহাৰ কৰি, আন কেতিয়াবা আকৌ নিজতকৈ কম পদ মৰ্যদাৰ বিষয়া-কৰ্মচাৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰি বিতৰ্কিত হৈ আহিছে বৰ্ণালী ডেকা। আনকি তলতীয়া কৰ্মচাৰীক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত নিজে ক্ষমা খুজিবলৈও বাধ্য হৈছে তেওঁ। প্ৰায়ে বিতৰ্কৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী মহিলা আই এ এছ বিষয়াক লৈ আকৌ এবাৰ সূত্ৰপাত ঘটিছে চৰ্চাৰ।

আইএএছ বৰ্ণালী ডেকা কোন?

১৯৭৯ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা বৰ্ণালী ডেকা বৰ্তমান নলবাৰী জিলাৰ আয়ুক্ত। ২০২৩ চনৰ আগষ্ট মাহত তেওঁ নলবাৰী জিলাৰ আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কিন্তু লক্ষণীয় কথাটো হ’ল, সমাগত লোকসভা নিৰ্বাচন। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ সময়সূচী। এনে পৰিপ্ৰেক্ষিতত এগৰাকী জিলা আয়ুক্তই নিজৰ গৃহ জিলাতে কাৰ্যনিৰ্বাহ কৰি থকাক লৈয়ো একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

সাধাৰণ নিৰ্দেশনা অনুসৰি নিজৰ জিলাৰ নিৰ্বাচনৰ তদাৰকৰ বাবে দায়ৱদ্ধ এগৰাকী উপাযুক্তক সাধাৰণতে নিৰপেক্ষতা আৰু আইনী পৰিস্থিতি বজাই ৰাখিবলৈ নিৰ্বাচনৰ সময়ত নিজৰ গৃহ জিলাত নিয়োগ কৰা নহয়। ভাৰতীয় নিৰ্বাচন আয়োগ আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে (DoPT) নিশ্চিত কৰে যে বিষয়াৰ নিযুক্তি এনেদৰে কৰা হয় যাতে স্বাৰ্থৰ সংঘাতৰ পৰা হাত সাৰিব পাৰে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰাখে।

কিন্তু তত্সত্বেও লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ আঙুলি মূৰত গণিব পৰা দিন বাকী থকা সময়তো নলবাৰী জিলাৰ আয়ু্ক্ত বৰ্ণালী ডেকাক নিজৰ গৃহ জিলাতে নিযুক্তি প্ৰদান কৰি ৰখাক লৈ অনেকে প্ৰশ্নৰো অৱতাৰণা কৰিছে। সমাগত নিৰ্বাচনত আয়ুক্তগৰাকীয়ে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি কোনো দল বা ব্যক্তিৰ সপক্ষে স্থিতি গ্ৰহণ কৰাৰ আশংকাও ছবি প্ৰযোজক, ব্যৱসায়ী তথা অসমৰ নেটিজেনসকলৰ মাজত 'ফেচবুক ইনফ্লুৱেঞ্চাৰ’ হিচাপে পৰিগণিত লুইত কুমাৰ বৰ্মনকে ধৰি অনেকে ব্যক্ত কৰিছে।

২০০৯ চনৰ অসম-মেঘালয় বেচৰ কেডাৰ বৰ্ণালী ডেকাই ইতিমধ্যে একাধিক জিলাৰ আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰিছে। সমান্তৰালভাৱে সচিবালয়তো তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। কিন্তু তেওঁৰ এই দীঘলীয়া কাৰ্যকালত অনেক বাৰ বিতৰ্কৰো সূচনা হৈছে। বাৰে বাৰে তলতীয়া কৰ্মচাৰীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে আইএএছ বৰ্ণালী ডেকাৰ বিৰুদ্ধে। তেওঁৰ কাৰ্যনিৰ্বাহ কালত বহু কৰ্মচাৰীয়ে মুখ খুলি প্ৰতিবাদ কৰিবলৈ ভয় খাই বুলিও চৰ্চা চলি আহিছে। 

কৰ্মচাৰীক অপদস্থ কৰি ক্ষমা খুজিবলগীয়া হৈছিল আইএএছ বৰ্ণালীয়ে

২০১৬ চনত বৰ্ণালী ডেকা বিতৰ্কত সোমাই পৰিছিল৷ সেই সময়ত বৰ্ণালী ডেকা আছিল গোলাঘাট জিলাৰ উপায়ুক্ত৷ তলতীয়া কৰ্মচাৰীয়ে ২৫ হাজাৰ টকা ঘোচ লোৱা কাণ্ডত নাম সাঙোৰ খাই পৰিছিল বৰ্ণালী ডেকাৰো৷ এগৰাকী মহিলাৰ পৰা ২৫ হাজাৰ টকা লোৱাৰ সময়তে ধৰা পৰা আবকাৰী অধীক্ষকে আইএএছ বিষয়াই উৎকোচ ল'বলৈ হেঁচা দিয়াৰ অভিযোগ আনিছিল৷ কিন্তু বৰ্ণালী ডেকাই এই অভিযোগ অস্বীকাৰ কৰিছিল। 

ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী ব্যুৰোৱে ২০১৬ চনৰ ০১ জুলাইত গোলাঘাটৰ আবকাৰী অধীক্ষক জীৱন ফুকনক উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে৷ গুৱাহাটীৰ এখন আদালতত হাজিৰ কৰাৰ সময়তে জীৱন ফুকনে জিলাখনৰ উপায়ুক্ত বৰ্ণালী ডেকাক দিবলৈ টকা লোৱা বুলি দাবী কৰিছিল৷ জীৱন ফুকনে আদালতৰ সন্মুখত সাংবাদিকক কৈছিল, ‘মই ষড়যন্ত্ৰৰ বলি হৈছো৷ উপায়ুক্তই ফাইলত স্বাক্ষৰ কৰিবলৈ ২০-৩০ হাজাৰ টকা বিচাৰে৷’  

২০২১ চনৰ ১৮ আগষ্টত কোকৰাঝাৰৰ উপায়ুক্ত নিয়োগ কৰা হৈছিল বৰ্ণালী ডেকাক৷ সেই সময়তে এগৰাকী পিয়নক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আইএএছ বিষয়াগৰাকীৰ বিৰুদ্ধে৷ ২০২৩ চনৰ জানুৱাৰী মাহত এগৰাকী পিতৃৰ সমবয়সীয়া পিয়নৰ গালৈ টিফিন দলিয়াই দিয়াৰ অভিযোগ উঠিছিল মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে৷

আনহাতে বেগৰ ভিতৰত টিফিন ভৰাই চেম্বাৰৰ ভিতৰলৈ নিনিয়াৰ অপৰাধতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী দীপক দাসক দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিজৰ চেম্বাৰৰ ভিতৰত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছিল বৰ্ণালী ডেকাৰ বিৰুদ্ধে। কিন্তু দীপক দাসৰ কন্যাই পিতৃৰ বিৰুদ্ধে হোৱা এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ আন আন কৰ্মচাৰীসকলেও পেন ডাউন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ জনোৱাত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল বৰ্ণালী ডেকাই। আইএএছ বিষয়াগৰাকীৰ এনে আচৰণ আৰু কাণ্ডই চৰ্চা লাভ কৰিছিল সমগ্ৰ ৰাজ্যজুৰি।

ফটোঃ বৰ্ণালী ডেকা সম্পৰ্কীয় বাতৰি (নিউজ ১৮ নৰ্থ-ইষ্টৰ বাতৰিৰ স্ক্ৰীণশ্বট)

ব্যৱসায়ী লুইত কুমাৰ বৰ্মনৰ পত্নীক ফোন কৰি ভাবুকি!

ইপিনে বিগত কিছুধৰি গুৱাহাটীৰ ব্যৱসায়ী 'ফেচবুক ইনফ্লুৱেঞ্চাৰ’ লুইত কুমাৰ বৰ্মনে আইএএছ বৰ্ণালী ডেকা সন্দৰ্ভত ছ’চিয়েল মিডিয়া ফেচবুকত ধাৰাবাহিকভাৱে একাধিক পোষ্ট কৰাত বিষয়াগৰাকীক কাণ্ড-কাৰখানা পুনৰ চৰ্চালৈ আহিছে৷ লুইত কুমাৰ বৰ্মনে ফেচবুকত দিয়া কেইবাটাও পোষ্টক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লুইত কুমাৰ বৰ্মনৰো পিতৃৰ ঘৰ নলবাৰী জিলাত৷ যাৰ বাবে লুইত কুমাৰ বৰ্মনৰ ফেচবুক পোষ্টক লৈ নলবাৰী জিলাত ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।

ইফালে নলবাৰী জিলাৰ আয়ুক্তগৰাকীৰ পুৰণি কু-কীৰ্তি পুনৰ এবাৰ ফাদিল কৰাৰ বাবে শেহতীয়াকৈ ব্যৱসায়ী, ছবি প্ৰযোজক তথা ফেচবুক ইনফ্লুৱেঞ্চাৰ লুইত কুমাৰ বৰ্মন আৰু তেওঁৰ পত্নীলৈ অজ্ঞাত ব্যক্তিৰ দ্বাৰা ফোন কৰাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে বৰ্ণালী ডেকাৰ বিৰুদ্ধে। ইতিমধ্যে হাতীগাঁও আৰক্ষী থানাত এইক্ষেত্ৰত এটা গোচৰো ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে লুইত কুমাৰ বৰ্মনে।

কিন্তু এগৰাকী জিলা আয়ুক্তৰ বিৰুদ্ধে হঠাৎ কিয় সৰৱ হৈ পৰিল লুইত কুমাৰ বৰ্মন? এই সন্দৰ্ভত বৰ্মনে কয়, ‘মই জনগণৰ স্বাৰ্থৰ বাবেহে এনে কাম কৰো৷ ইয়াৰ আগত যেতিয়া মেঘালয়ত স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাছিল, তেতিয়াও মই সংশ্লিষ্ট কৰ্তৃপক্ষক পত্ৰ প্ৰেৰণ কৰিছিলো যাতে মেঘালয়ত স্থায়ী ডিজিপি নিযুক্তি দিয়া হয়৷ অসমত ২০১৯ চনৰ ডিচেম্বৰ মাহত যেতিয়া ইণ্টাৰনেট কৰ্তন কৰা হৈছিল, তেতিয়াও মই আদালতৰ কাষ চাপিছিলো৷ মই ৰাজহুৱা স্বাৰ্থ নাথাকিলে এনে পদক্ষেপ নলওঁ৷’

লুইত কুমাৰ বৰ্মনে পুনৰ কয়, ‘মই সকলো জানো যে জিলা আয়ুক্তৰ কাৰ্যালয়ত কি চলি আছে৷ এজন কৰ্মচাৰীক বহুত বেয়া ব্যৱহাৰ কৰা হৈছিল৷ এজনক চাকৰিৰ পৰা ৰিজাইন কৰিব দিয়া হৈছিল৷ ফাইল পৰি থাকে৷ কিছুমান মানুহৰ ফাইলৰ কাম ইচ্ছা কৰি পেলাই থোৱা হয়৷ মোৰ সেইখন গৃহ জিলা হয়৷ তাৰ ৰাইজদৰ বিদপত যদি মই অলপ সক্ৰিয় নহও, তেন্তে এয়া উচিত হ’ব জানো?’

বৰ্মনে ছ’চিয়েল মিডিয়াযোগে নলবাৰী জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে ডিচি বৰ্ণালী ডেকা জঁপিয়াই পৰা বুলি অভিযোগ কৰে। তেওঁক আৰু তেওঁৰ পত্নীক ফোনত ভাবুকি দিয়াৰ উপৰিও বৰ্ণালী ডেকাই তেওঁৰ গুৱাহাটীস্থ ঘৰলৈ মানুহ প্ৰেৰণ কৰা বুলিও দাবী কৰে লুইত কুমাৰ বৰ্মনে। তেওঁ কয়, ‘কিন্তু চাওক, ডিচি ইমান পাৱাৰৰ মানুহ৷ যা-তা মানুহৰ দ্বাৰা ফোন কৰি মোক ভাবুকি দিছে৷ মই কেৰেপ নকৰো৷ মোৰ গুৱাহাটীৰ ঘৰত পৌৰ নিগমৰ মানুহ বুলি পৰিচয় দি কেইজনমান মানুহ আহিছিল৷ হয়, মোৰ ঘৰৰ অভিযোগক লৈ পৌৰ নিগমে তদন্ত কৰিছিল৷ কিন্তু ডিচি মেডামৰ বিৰুদ্ধে লিখাৰ পাছতে আকৌ পৌৰ নিগমৰ মানুহ আহিছে৷ কোনো জাননী নাই৷ যদি মোৰ ঘৰৰ চৌহদত পৌৰ নিগমৰ মানুহ আক্ৰমণৰ বলি হলহেঁতেন? তেওঁলোক অবৈধ প্ৰক্ৰিয়াত আহিছে৷ বিনা অনুমতিত মোৰ চৌহদত প্ৰৱেশ কৰাত যদি গোচৰ ৰুজু কৰো, তেতিয়া কি হ’ব?’

Click to Read  কাৰ কি ধান্দা? নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোনটো দলক কোনে দিলে কিমান চান্দা?


ফেচবুকত কি লিখিছিল লুইত কুমাৰ বৰ্মনে? 

বৰ্তমান নলবাৰী জিলাৰ আয়ুক্তৰ পদ চম্ভালি থকা বৰ্ণালী ডেকাক লৈ এই নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল যুৱ ব্যৱসায়ী, ৰজত কমল বঁটা বিজয়ী ছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে। দৰাচলতে লুইত কুমাৰ বৰ্মনৰো পৈত্তৃক ঘৰ নলবাৰীত। এনে কাৰণতে জিলাখনৰ প্ৰতি এই নিবিড় সম্পৰ্ক আছে বৰ্মনৰো। 

লুইত কুমাৰ বৰ্মনে প্ৰকাশ কৰা মতে, শেহতীয়াকৈ ডিচি বৰ্ণালী ডেকাৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি নলবাৰীৰ কেইবাগৰাকীও লোকে তেওঁক জনাইছিল। ইয়াৰ বাবেই তেওঁ জিলাখনৰ ডিচিগৰাকীক অন্য স্থানলৈ বদলিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ জনাই সামাজিক মাধ্যমত পোষ্ট কৰিবলৈ আৰম্ভ কৰে। 

লুইত বৰ্মনে তেওঁৰ এটা পোষ্টত লিখে- হিমন্ত বিশ্ব শৰ্মা মহাশয়, অসমৰ যিমানগৰাকী আই এ এছ বিষয়া উপায়ুক্ত হৈ আছে, তাৰে  ৯৯ শতাংশ ২০১৩ বেচৰ পৰা ২০১৯ বেচৰ ভিতৰৰ। মাত্ৰ এগৰাকী এতিয়াও ডি চি হৈ আছে, যি ২০০৯ বেচৰ। তেখেতৰ পদোন্নতি হোৱা নাই নেকি? নে কিবা অনুশাসনমূলক ব্যৱস্থা তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে, যাৰ বাবে তেওঁৰ পদোন্নতি হোৱা নাই। ৰাইজক এই বিষয়ে স্পষ্ট কৰিব লাগে। নে আয়ুক্ত পদটো বিৰাট লাভজনক, যাৰ বাবে ২০০৯ চনৰ আই এ এছ গৰাকী এতিয়াও আয়ুক্ত হৈ আছে? নতুনক সুবিধা দিয়ক মুখ্যমন্ত্ৰী মহোদয়। ৰাইজৰ মাজত বু বু বা বা চলি আছে কিন্তু..।

মন কৰিবলগীয়া যে, এগৰাকী আই এ এছ বিষয়াই সাধাৰণতে ৩-৪ বছৰ এখন জিলাৰ মুৰব্বী বা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁক ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰশাসনিক পদলৈ পদোন্নতি কৰা হয়। অৱশ্যে এই পদোন্নতি লাভত বিষয়াগৰাকীৰ কাৰ্যকাল সেৱাৰ প্ৰয়োজনীয়তা, তেওঁৰ কেৰিয়াৰৰ অগ্ৰগতি, ৰাজ্য চৰকাৰৰ নীতি আদি কেইবাটাও কাৰক জড়িত হৈ থাকে। সেয়ে ২০০৯ চনৰে কেডাৰ বৰ্ণালী ডেকাই এতিয়াও আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাক লৈ চৰ্চা আৰম্ভ হৈছে। 

ইফালে ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে আন এটা পোষ্টত লিখে, জন্মসূত্ৰে গুৱাহাটীৰ, কিন্তু শিপা নলবাৰীৰ। নলবাৰীৰ মানুহে মোক জ্বলাই মাৰিছে যে নলবাৰীৰ ডি চি গৰাকীয়ে হেনো, কোনো ফাইল পাছ নকৰে। গোটেই ষ্টাফক ইমান অভদ্ৰ ব্যৱহাৰ কৰে। সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিছে যে ডি চি গৰাকী নলবাৰী জিলাৰ পৰা যাওঁক। এইগৰাকী ডি চি কোকৰঝাৰৰ পৰা আহোতেও সেই জিলাৰ মানুহে বোম ফুটাইছিল। এনেকুৱা যদি ডি চি থাকে, তেন্তে জিলাৰ মানুহ কত শান্তিত থাকিব? সদায়ে হেনো ১ কেজি ছাগলীৰ মাংস দিব লাগে৷ সবচে আচৰিত কথা যে নলবাৰী জিলাৰ ডি চি গৰাকী মূলতে নলবাৰীৰ। তেনে স্থলত নিৰ্বাচনৰ সময়ত নিজৰ জিলাত কেনেকৈ থাকিব পাৰে? 

আন এটা পোষ্টত বৰ্মনে আই এ এছ বৰ্ণালী ডেকাক আক্ৰমণ কৰি লিখিছে, ‘অসমত মাত্ৰ এগৰাকীয়ে আইএএছ বিষয়া আছে, যাৰ আচৰণৰ বাবে তেওঁক কোনেও নিজৰ বিভাগত নাৰাখে আৰু তাৰ ফলস্বৰূপে অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সেৱা প্ৰদান কৰা আয়ুক্ত আজিও হৈ আছে। যাৰ বাবে জিলাৰ মানুহৰ কষ্ট হৈ আছে। মোৰ বেয়া লাগে৷ ইয়াতকৈ বেদনা কিবা লাগে নেকি? আমিটো ব্যৱসায়ীয়ে হয়। আমাৰ কোনো পাবলগীয়াও নাই, হেৰুৱাবলগীয়াও নাই।’

বৰ্ণালী ডেকাক টাৰ্গেট কৰি লুইত কুমাৰ বৰ্মনৰ ফেচবুক পোষ্ট

ইটোৰ পিছত সিটোকৈ পোষ্ট কৰি এনেদৰে নলবাৰী জিলাৰ আয়ুক্তগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় লুইত কুমাৰ বৰ্মনক। তেওঁ আৰু এটা পোষ্টত মহিলা আইএএছ বিষয়াগৰাকীৰ বিষয়ে লিখে, ‘কৰ্মচাৰীৰো বিড়ম্বনা, জিলা আয়ুক্তৰ সপক্ষে ফেচবুকত ভাল কমেন্টো দিব লাগে আৰু ৰাতি গৈ চাদৰ মেখেলাও উপহাৰ দিব লাগে৷ যেতিয়ালৈ নিজৰ আচাৰ ব্যৱহাৰ বা চৰকাৰী ব্যৱস্থা নিজৰ বুলি ভৱা বন্ধ নকৰে, কেতিয়া উশাহ ল’ব বা কোন ডিপাৰ্টমেন্টক কি ডিমাণ্ড কোনদিনা দিয়ে সব কৈ থাকিম। আমি পাব্লিক হয়। জনতা চব জানতা হে বাবুমোচাই। পিছত নিজৰ ছাঁটোকে বিশ্বাস নকৰা হ’ব যে কোনে তথ্য দিয়ে।’

‘জন্মসূত্ৰে মই গুৱাহাচীৰ যদিও মোৰ শিপা নলবাৰীৰ। তেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ আৰু নলবাৰীৰ বৰ্তমান ডি চিৰো। নলবাৰীৰ ডি চিৰ পিতৃ কমলেশ ডেকাই ২০১৬ চনত দিয়া নিৰ্বাচনী এফিডেফিটৰ মতে তেওঁৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত পৈত্তৃক সম্পত্তি কৃষি ভুমি আছে ৯১ বিঘা, ৩ কঠা, ৬ লেচা। বৰক্ষেত্ৰীতে অ-কৃষিভূমি আছে ৪ বিঘা, ৪ কঠা। বৰ্তমানৰ নলবাৰীৰ ডি চি গৰাকী নলবাৰী জিলাৰে হয়। নলবাৰীৰ সংগঠনে তেওঁক নলবাৰীৰ জীয়ৰী বুলি অভিহিতও কৰিছে। বেলেগ নকওঁ, স্বয়ং ডি চি য়ে তেওঁৰ পিতৃক নলবাৰীৰ সন্মানীয় ব্যক্তি হিচাবে সম্বৰ্ধনাও জনাইছে। এনে স্থলত নিৰ্বাচনৰ সময়ত নলবাৰীৰ ডি চি হৈ থাকিব লাগে নে? তেওঁ ভোটাৰক প্ৰলোভিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদিহে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক নলবাৰীত ৰাখে, তেন্তে বুজিম তেওঁৰ কিবা নিৰ্বাচনী স্বাৰ্থ আছে।’– আন এটা পোষ্টত বৰ্ণালী ডেকাৰ পৰিয়ালৰ কথা এইদৰে লিখিছে লুইত কুমাৰ বৰ্মনে।

উপায়ুক্তক লাগে ৩০ হাজাৰ, নহ’লে কাম নহয়!

এটা পোষ্টত লুইত কুমাৰ বৰ্মনে লিখিছে, ‘মোৰ যিখিনি ষ্টাফ আছে, মোক ভাল পায়, সন্মান কৰে। মোৰ কাহিনী তেওঁলোকৰ পৰা কোনেও উলিয়াব নোৱাৰে। তেনেকৈ এজন চক্ৰ বিষয়া বা ডি চিৰ নিজৰ ষ্টাফ থাকে। ভাল হ’লে সন্মান কৰে আৰু অসভ্য হ’লে কি কম! এগৰাকী ডি চি তাকো অসমীয়া! নিজৰ ষ্টাফক কুকুৰ আৰু ল’ৰা মানুহৰ ওপৰত অশ্লীল ভাষাত গালি পাৰে। তেনে ডি চি ক কোনোবাই সন্মান দিব নেকি? বহুত আই এ এছ বিষয়াক লগ পালোঁ, চি এছৰ দৰে অফিচাৰকো লগ পাইছোঁ। কিন্তু আই এ এছ এজনে যদি ভূমি বিক্ৰীৰ অনুমতিৰো পইছা খায়, তেনে আই এ এছক কি ক’ব? সবচে আজি মোৰ শান্তি যে তেওঁ কুকুৰ , ... কোৱা গালিৰ ৰেকৰ্ডিং মোৰ তাত আহি পৰিছে, কষ্ট কৰি মোক দিব আহিছে যাতে সকাহ পায়। লগতে এটা আহ্বান যে সেই কাৰ্যালয়ৰ কৰ্মচাৰীসকল সাৱধান, সোমবাৰে জোতা চেণ্ডেল গাত পৰিব। তাৰ বাবে কিন্তু মই দায়ী নহয়, আগতেই কৈ থলোঁ।’

নাম উল্লেখ নকৰাকৈ আই এ এছ বৰ্ণালী ডেকাক আক্ৰমণ কৰি পুৰণি ঘটনা এটাও সোঁৱৰাই দিয়ে লুইত কুমাৰ বৰ্মনে। তেওঁ লিখে, ‘২০১৬ চন। গোলাঘাট জিলা। ছুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশ আহিল যে হাইৱেৰ ওচৰত বাৰ থাকিব নোৱাৰিব। এগৰাকী মহিলাই নিজৰ বাৰখন স্থানান্তৰ কৰাৰ বাবে আবেদন কৰিলে। কাম নহয় হে নহয়! শেষত আবকাৰী অধীক্ষককে ক’লে যে ডি চিক ৩০,০০০ টকা নিদিলে কাম নহ’ব। মহিলাগৰাকী বিৰক্ত হৈ দুৰ্নীতি বিৰোধী শাখাক গোচৰ দি আবকাৰী অধীক্ষকগৰাকীক হাতে-লোটে ধৰা পেলায়। তেওঁ মুকলিকৈ কৈছিল যে ডি চিক ২০ ৰ পৰা ৩০ হাজাৰ নিদিলে, ফাইলত চহীয়ে নকৰে। তথাপিও ডি চি বাচি গ’ল, সৰ্বাৰ কৃপাত! সেই সময়ৰ ডি চি কোন আছিল খবৰ ল’ব।’

লুইত কুমাৰ বৰ্মনে পোষ্ট কৰা ডিচি বৰ্ণালী ডেকাৰ আন এটা ঘটনা, ‘২০২০ চন, গোৱালপাৰা জিলা। তেতিয়াৰ তদানীন্তন ডি চিয়ে থিয়েটাৰ চাব গৈছিল নিজৰ নাবালিকা ছোৱালীৰ লগত। পিছত ডি চিৰ হাহাকাৰ, আৰক্ষীয়ে হেনো সুৰাসক্ত আছিল। নাবালিকা ছোৱালীজনীক জোতাৰে গছকি দিছিল। গতিকে ডি চি মেডামৰ খং চুলিৰ আগ পালে। লগা লগ এজাহাৰ দিলে যে যদি ডি চিৰ নিৰাপত্তা নাই, তেন্তে কাৰ থাকিব? সঠিক কথা। পিছত আৰক্ষী কনিষ্টবল দুজনে উভতি এজাহাৰ দি ক’লে যে চেল্যুট নমাৰাৰ বাবেহে ওলোটাই ডি চি মেডামে তেওঁলোকক লাট মাৰিছিল। কেচটো কি পৰ্যায় পালে নাজানোঁ কিন্তু অসমৰ সব জিলা বেয়া। অঘটন মাত্ৰ ডি চি মেডামৰ লগত হে হয়। সেইয়া গোলাঘাট হওঁক বা গোৱালপাৰা হওঁক বা কোকৰাঝাৰে হওঁক বা ৰঙিয়াই হওঁক। পৃথিৱীৰ চব মানুহ বেয়া, মাত্ৰ তেওঁ হে ভাল। ইমান দীঘলীয়া সেৱা প্ৰদান কৰা আয়ুক্ত অসমত আজিলৈ নাই। মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক ভয় কৰে নে কি নাজানোঁ আৰু!’

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

ইফালে নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাই এজন যুৱকৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা সকলক ভাবুকি প্ৰদান কৰি অহা বুলিও অভিযোগ কৰে লুইত কুমাৰ বৰ্মনে। সেইজন যুৱকেই তেওঁৰ ঘৰলৈও ফোন কৰি ভাবুকি দিয়া বুলি কয় ব্যৱসায়ীগৰাকীয়ে। এটা ফেচবুক পোষ্টত তেওঁ লিখিছে, ‘আমি ভাবি থকাতকৈ কথাবোৰ আৰু ডাঙৰ। হাতীগাঁও থানাই মোৰ এজাহাৰৰ ভিত্তিত সেইদিনা মোৰ ঘৰত ফোন কৰা ব্যক্তিজনক থানালৈ মাতি পঠিয়ায়। মই গ’লো আৰু ক্ষমাপত্ৰ লিখি দিয়াৰ বাবে তেওঁক যাব দিলোঁ। কিছুদিন আগতে কৈঠালকুছিৰ এগৰাকী মহিলাই নলবাৰী ডি চিৰ বিপক্ষে ভাৰতৰ নিৰ্বাচন আয়োগত অভিযোগ দিছিল। উক্ত যুৱকজনক নলবাৰীৰ ডি চিয়ে মহিলা গৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰি পৰোক্ষভাৱে ধমকি দিয়ায়। তেওঁৰ ল’ৰা ছোৱালীয়ে কি কৰে, ফোন নম্বৰ আদি যুৱকজনে বিচাৰে আৰু শেষত কয় যে আপুনি ডি চিৰ বিপক্ষে অভিযোগ দিব নালাগিছিল। এই কথা নিশ্চিত কৰিছে যেতিয়া মহিলাগৰাকীয়ে যুৱকজনৰ ফটো মোৰ ফেচবুক ৱালত দেখে। একে কাম কৰাৰ ধৰণ মোৰ লগতো। শনিবাৰে মই নিৰ্বাচন আয়োগক অভিযোগ দিয়া বাবে, দেওবাৰে ডি চিয়ে মোৰ পত্নীক ফোন কৰিবলৈ এই যুৱকজনক লগাই দিয়ে। তেওঁলোকৰ এটাই ধাণ্ডা যে মহিলাক ফোন কৰি পৰোক্ষভাৱে ধমকি দিয়া। এতিয়া কথা হ’ল যে ডি চিয়ে কেনেকৈ গম পায় নিৰ্বাচন আয়োগত অভিযোগৰ কথা? আপুনি যদি অভিযোগ দিয়ে এটা কপি সংশ্লিষ্ট বিষয়াজনৰ ওচৰত যায় ক্ষীপ্ৰ ন্যায়ৰ বাবে। মোৰ নাম, ঠিকনা বাৰু ৱেবচাইটত পাব। কিন্তু সেই মহিলাগৰাকী অজ্ঞাত হয়। তেওঁৰ ঠিকনা ডি চিয়ে কেনেকৈ বিচাৰি পালে? ফোন নম্বৰটো লৈ ডিচিয়ে চাগে চৰকাৰী ব্যৱস্থাৰ অপব্যৱহাৰ কৰি তেওঁৰ ঠিকনা লৈছে। যদি তেওঁ নিকা তেন্তে তেওঁ মানুহৰ ঘৰত ধমকি দিব কিয় পঠালে?’

মুকালমুৱাৰ সৈতে সম্পৰ্ক আইএএছ বৰ্ণালী ডেকা আৰু তেওঁৰ পৰিয়ালৰ

নলবাৰীৰ সৈতেই শিপা জড়িত হৈ আছে জিলাখনৰ বৰ্তমানৰ আয়ুক্ত বৰ্ণালী ডেকাৰ। পিতৃ কমেলশ ডেকা মুকালমুৱা অঞ্চলৰ এটা পৰিচিত নাম। আইএএছ বৰ্ণালী ডেকাৰ পিতৃ আছিল বিএছএফৰ ডিজি। মাতৃ আছিল পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপিকা। পিতৃ কমলেশ ডেকাৰ প্ৰকৃত ঘৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দাগাপাৰাত। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল কমলেশ ডেকাই। অৱশ্যে এই নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

বৰ্ণালী ডেকাৰ পিতৃ-মাতৃ যদিও বৰ্তমান গুৱাহাটীৰ নিৱাসী, তথাপিও দাগাপাৰাৰ সৈতে পিতৃৰ আজিও আছে গভীৰ সম্পৰ্ক৷ পিতৃ কমলেশ ডেকাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পাছতো মুকালমুৱাৰ দাগাপাৰাৰ ঘৰখনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে৷ দাগাপাৰাৰ পৰাই গৈয়ে এদিন বিএছএফৰ কমিউনিকেচনৰ অন্যতম শীৰ্ষ পদত অধিষ্ঠিত হৈছিল তেওঁ৷ চাকৰি লাভৰ পিছত যদিও তেওঁ গুৱাহাটীৰ বাসিন্দা হৈ পৰে, তথাপিও ২০১৫ চনৰ মানৰ পৰা পিতৃয়ে দাগাপাৰৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিছিল৷ কিয়নো সেই সময়ত একাংশ বিজেপিৰ নেতাৰ সৈতে পিতৃৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল কমলেশ ডেকাৰ৷ তেওঁ আছিল বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি দলৰ টিকটৰ অন্যতম দাবীদাৰ৷ কিন্তু বিজেপিয়ে নাৰায়ণ ডেকাক টিকট দিয়াত ক্ষুব্ধ হৈ ২০১৬ চনত পিতৃয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে৷ কমলেশ ডেকাই ২৩১৬টা ভোট লাভ কৰিছিল৷


 Click the image to Read 


 নাম প্ৰকাশিত অনিচ্ছুক মুকালমুৱাৰ এজন যুৱকে কয়, ‘কমলেশ ডেকাদাৰ আমাৰ অঞ্চলৰ প্ৰতি কিছু অৰিহণা নথকা নহয়৷ এই এলেকাৰ বহু ল’ৰাই বিএছএফৰ চাকৰি পোৱাত তেখেতৰ অৰিহণা আছে৷ কিন্তু তেখেতৰ ল’ৰা-ছোৱালীয়ে ইয়াৰ ঘৰখনৰ সৈতে সম্পৰ্ক নাৰাখে৷ ছোৱালীজনীয়ে দুই-এদিন আহে যদিও ল’ৰাজনে একেবাৰে কমকৈ আহে৷ কমলেশ ডেকাৰ পৰিয়ালৰ বহুখিনি মানুহ ইয়াতে থাকে৷ আমাৰ চা-চিনাকি আছে৷ কিন্তু ছোৱালীজনী নলবাৰী জিলাৰ দায়িত্ব লৈ আমাৰ এলেকাত কিছু কাম কৰিছে৷ কিন্তু বহুতে কৈছে যে জিলা কাৰ্যালয়টো বোলে ছোৱালীজনীয়ে জ্বলাই খাইছে৷ আমি হ’লে কথাটো শুনিছোহে৷ বাকী ভিতৰুৱা কথাবোৰ নাজানো।’ 

ছ’চিয়েল মিডিয়াৰ চৰ্চা সন্দৰ্ভত কি কয় বৰ্ণালী ডেকাই?

ছ’চিয়েল মিডিয়াত বিগত কিছুদিন ধৰি চলি থকা চৰ্চা সন্দৰ্ভত জানিবলৈ NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল আইএএছ বৰ্ণালী ডেকাৰ সৈতে। NNOৰ আগত বিষয়াগৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত মুঠেই জ্ঞাত নহয়। 'মোক লৈ কি চৰ্চা চলিছেনো? মইতো একো নাজানো। আমি ছ’চিয়েল মিডিয়া কনষ্ট্ৰাক্টিভ কামতহে ব্যৱহাৰ কৰো। গতিকে আমাক লৈ কোনে কি কথা কৈছে, কি কৰিছে সেই সম্পৰ্কে কোনো আইডিয়া নাই।’- আইএএছ বিষয়া বৰ্ণালী ডেকাই কয়। 

নাম প্ৰকাশত অনিচ্ছুক বৰ্ণালী ডেকাৰ একালৰ সহকৰ্মী এগৰাকীয়ে এই সন্দৰ্ভত কয়, 'বাইদেউ বহুত বেলেগ ধৰণৰ মানুহ হয়। তেখেতৰ কাম কৰাৰ ধৰণ সুকীয়া। তেখেতক মই যথেষ্ট শ্ৰদ্ধা কৰো। বৰ্মন বোলা এজনে বাইদেউক লৈ ফেচবুকত কিবাকিবি লিখি থকা বুলি গম পাইছো। বাইদেউৰ সেইবোৰ চাই থাকিবলৈ কাম নাই। তেখেত হৈছে কামৰ মানুহ। বাকী কিছুমানৰ কামেই হৈছে সমালোচনা কৰা। গতিকে সমালোচনা কৰাবোৰে কৰি থাকিব। বাইদেউৱে কাম কৰি গৈ থাকিব।'

উল্লেখ্য যে, বৰ্ণালী ডেকাই ৰাজহুৱা সেৱাত লাভ কৰিছিল উদ্ভাৱন-২০২০ পুৰস্কাৰ৷ কোকৰাঝাৰত 'এক জিলা এক সামগ্ৰী' (অ'ডিঅ'পি)- কাঠফুলা আৰু শিক্ষা খণ্ডত প্ৰশংসনীয় কামৰ বাবে হায়দৰাবাদৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আইএএছ বিষয়াগৰাকীয়ে। গোৱালপাৰা জিলাত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জল শক্তি মন্ত্ৰালয়ে সন্মানিত কৰিছিল তেওঁক৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জিলাখনত উপায়ুক্ত বৰ্ণালী ডেকাক জল শক্তি খণ্ডত কৰা কামৰ বাবে 'জল যোদ্ধা' হিচাপে সন্মানিত কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় জল উৎসৱত সন্মান প্ৰদান কৰা হয়৷ ২০২৩ অসামৰিক সেৱা দিৱসত বৰ্ণালী ডেকাই নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কেন্দ্ৰীয় অসামৰিক সেৱা দিৱসৰ প্ৰদৰ্শনীত আমন্ত্ৰণ পাইছিল৷ সমগ্ৰ দেশৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপসমূহৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল এই অনুষ্ঠানত। 

আনহাতে, ভাৰতীয় নিৰ্বাচন আয়োগে গোৱালপাৰা জিলাত নিৰ্বাচনী ব্যৱস্থাক পৰিচালনাৰ বাবে সন্মানিত কৰিছিল সেই সময়ৰ উপায়ুক্ত বৰ্ণালী ডেকাক৷ ২০২২ চনৰ ৬ ৰ পৰা ৮ মাৰ্চলৈ অসামৰিক কৰ্মচাৰী, উদ্যোগী আৰু শিক্ষাৰ বাবে মাদ্ৰাজৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে আয়োজন কৰা কাৰ্যসূচীলৈ সেই সময়ৰ কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাক নিৰ্বাচিত কৰা হৈছিল। ২০২১-২০২২ বৰ্ষত কোকৰাঝাৰ জিলাৰ বাবে লোৱা উদ্যোগ বাবে ই-গভৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল তেওঁ৷ ২০১২ চনত বৰ্ণালী ডেকাই অসম দক্ষতা বিকাশ মিছনৰ (এএছডিএম) মিছন সঞ্চালক আৰু অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু সেই সময়তো তলতীয়া কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল এইগৰাকী অসমীয়া আইএএছ বিষয়াৰ বিৰুদ্ধে।