ডিজিটেল ডেস্কঃ অলিম্পকত ক্ৰিকেট অন্তৰ্ভূক্ত হোৱা হ’লে নিশ্চিতভাৱেই দুটা পদক সৰহকৈ পোৱাৰ সম্ভাৱনা বৃদ্ধি হ’লহেতেন। কিন্তু শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। আচৰিত ধৰণে ভাৰতৰ আপত্তিৰ বাবেই অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভূক্তিৰ প্ৰস্তাৱ খাৰিজ হ’বলৈ বাধ্য হ’ল। কিন্তু কিয় আপত্তি ভাৰতৰ?

জানিব পৰা মতে, ব্যক্তিগত স্বাৰ্থত আঘাত হনাৰ আশংকাৰ বাবেই অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভূক্ত কৰাত বাধা আৰোপ কৰে ভাৰতৰ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বিচিচিআই-এ।

উল্লেখ্য যে ১৯০০ চনত পেৰিছ গেমছত অন্তিমবাৰৰ বাবে অলিম্পিকত ক্ৰিকেট খেলা হৈছিল। অহা ২০২৪ অলিম্পিকত পুনৰ ক্ৰিকেটক অন্তৰ্ভূক্তিৰ চেষ্টা কৰিছিল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিয়ে। ২০২৪ চনতো অলিম্পিক অনুষ্ঠিত হ’ব পেৰিছতে। সেয়ে বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল।

ইয়াৰ বাবে আইচিচিয়ে সমৰ্থন বিচাৰিছিল ভাৰতৰ। কিয়নো আন্তৰ্জাতিক অলিম্পিক সংস্থা চমুকৈ আই অ’ চিয়ে আইচিচিক জনাইছিল যে ইয়াৰ বাবে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা দেশসমূহৰ ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডসমূহৰ পৰা সন্মতি লাভ কৰিব লাগিব। সেই দিশৰ পৰা বিশ্ব ক্ৰিকেটৰ কেন্দ্ৰ বিন্দু স্বৰূপ ভাৰতৰ সন্মতি অবিহনে আইচিচিৰ পক্ষে ক্ৰিকেটক পুনৰ অলিম্পিক গেম কৰি তোলাতো অসম্ভৱ।

পিছে বিচিচিআই-এ সকলোকে আচৰিত কৰি এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। বিচিচিআই-এ কয় যে ক্ৰিকেটক সদায় নন-অলিম্পিক গেম হৈ থাকিবলৈ দিয়াটোৱেই উচিত। বিচিচিআইৰ কেবাজনো প্ৰভাৱশালী বিষয়া আৰু শীৰ্ষস্থানীয় নেতৃত্বৰ মতে ক্ৰিকেট অলিম্পকত অন্তৰ্ভূক্ত হ’লে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ অধীনলৈ যাব বিচিচিআই। তেতিয়া স্বায়ত্ত শাসিত বিচিচিআই হৈ পৰিব শক্তিহীন। লগতে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভূক্ত হ’লে ক্ৰিকেটৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পৰিব বুলিও আশংকা প্ৰকাশ কৰে বিচিচিআই-এ।

অলিম্পিকত ক্ৰিকেট অন্তৰ্ভূক্তিৰ বাবে ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব বিডিং। ভাৰতীয় ব’ৰ্ডে এতিয়াও সান্দহ খোৱা বালি তল যোৱাৰ ভয়তে এই বিষয়ে সবিশেষ ৰাজহুৱা কৰিব বিচৰা নাই। দেশবাসীয়ে যে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভূক্তিৰ পক্ষত থাকিব সেয়া ভালদৰেই উপলব্ধি কৰিয়েই বিষয়টোত নীৰৱতা অৱলম্বন কৰিছে বিচিচিআই-এ। কিন্তু সকলোৰে হেচাত সেও মানিবলৈ যে বেছি সময়ৰ প্ৰয়োজন নহ’ব সেয়াও ভালদৰেই জানে ভাৰতীয় ক্ৰিকেটৰ বৰ্তমানৰ হৰ্তা-কৰ্তা সংস্থাটোৱে।