চিৰাং: চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত পূৱ খাটালপাৰা গাওঁৰ নিত্যানন্দ বিশ্বাস নামৰ লোকজনৰ ঘৰত বুধবাৰে নিশা ১০ বজাত প্ৰচণ্ড শব্দ কৰি এক বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণত কোনো লোক নিহত হোৱা নাই যদিও নিত্যানন্দ বিশ্বাসৰ পত্নী হাৰানি বিশ্বাস সামান্য পৰিমাণে আহত হয় ।
নিত্যানন্দ বিশ্বাসৰ ঘৰৰ পিছপিনে হোৱা এই বিস্ফোৰণৰ ফলত ঘৰৰ বেৰ আৰু বয়-বস্তুৰো কিছু ক্ষতিসাধন হৈছে। অঞ্চলবাসীৰ মাজত আতংক সৃষ্টিকাৰী উক্ত ঘটনাৰ পিছত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া সকল আহি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।